দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অসমৰ সংবাদ জগতত বিশ্বাস, নিৰ্ভৰযোগ্যতা আৰু জনমুখী সাংবাদিকতাৰ এক শক্তিশালী নাম ‘দৈনিক অগ্ৰদূত’। ৰাজ্যৰ অন্যতম প্ৰধান আৰু জনপ্ৰিয় অসমীয়া দৈনিক বাতৰি কাকতখনে আজি সংবাদ সেৱাৰ যাত্ৰাত এক নতুন মাইলৰ খুঁটি অতিক্ৰম কৰি ৩২ বছৰত পদাৰ্পণ কৰিলে।
অসমীয়া সাংবাদিকতা আৰু সংবাদ সেৱাৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় গঢ়ি তোলা ‘দৈনিক অগ্ৰদূত’ৰ এই যাত্ৰা আৰম্ভ হৈছিল জ্যেষ্ঠ সাংবাদিক তথা প্ৰখ্যাত সাহিত্যিক কনকসেন ডেকাৰ নেতৃত্বত। প্ৰথম অৱস্থাত অসমীয়া দ্বি-সাপ্তাহিক হিচাপে আৰম্ভ হোৱা এই সংবাদ গোষ্ঠীয়ে পৰৱৰ্তী সময়ত ১৯৯৫ চনত সম্পূৰ্ণ দৈনিক বাতৰি কাকত হিচাপে আত্মপ্ৰকাশ কৰে।
তেতিয়াৰে পৰা অসমৰ সমাজ-জীৱনৰ বিভিন্ন ঘটনা, সমস্যা, সম্ভাৱনা আৰু জনস্বাৰ্থৰ বিষয়সমূহ পাঠকৰ সন্মুখলৈ নিৰ্ভীকভাৱে তুলি ধৰাৰ ক্ষেত্ৰত ‘দৈনিক অগ্ৰদূত’এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
প্ৰখ্যাত সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা কাকতখনৰ মুখ্য সম্পাদক। তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু শক্তিশালী সম্পাদকীয়ই ‘দৈনিক অগ্ৰদূত’ক পাঠকৰ মাজত এক সুকীয়া স্থান প্ৰদান কৰিছে। আনহাতে, প্ৰাঞ্জলসেন ডেকা কাকতখনৰ সম্পাদক।
‘অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড’ৰ দ্বাৰা প্ৰকাশিত ‘দৈনিক অগ্ৰদূত’ৰ প্ৰধান কাৰ্যালয় গুৱাহাটীৰ দিছপুৰত অৱস্থিত। বৰ্তমান গুৱাহাটীৰ লগতে যোৰহাট আৰু তেজপুৰৰ পৰাও কাকতখন প্ৰকাশিত হৈ আহিছে।
সময়ৰ পৰিৱৰ্তনৰ স’তে খোজ মিলাই ছপা মাধ্যমৰ সমান্তৰালভাৱে ডিজিটেল মাধ্যমতো ‘দৈনিক অগ্ৰদূত’এ নিজৰ উপস্থিতি শক্তিশালী কৰিছে। সক্ৰিয় ডিজিটেল পৰ্টেল আৰু ই-পেপাৰৰ জৰিয়তে দেশ-বিদেশৰ পাঠকৰ ওচৰলৈ মুহূৰ্ততে সংবাদ উপনীত কৰাই আহিছে সংবাদ গোষ্ঠীটোৱে।
সংবাদ সেৱাৰ এই দীঘলীয়া যাত্ৰাত ‘দৈনিক অগ্ৰদূত’ কেৱল এখন বাতৰি কাকত হৈ থকা নাই; বৰং অসমৰ সমাজ-জীৱনৰ বহু গুৰুত্বপূৰ্ণ সময়ৰ সাক্ষী হৈ আহিছে। জনসাধাৰণৰ কথা, অধিকাৰ আৰু সমস্যাক গুৰুত্ব দি সংবাদ পৰিৱেশনৰ ধাৰাবাহিকতাই কাকতখনক পাঠকৰ স’তে এক গভীৰ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম কৰিছে।




































