LovlinaBorgohain : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসমৰ নাম উজলাই তোলা বক্সাৰ লাভলীনা বৰগোহাঁইৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। পদোন্নতি আৰু ৫০ লাখ টকাৰ পুৰস্কাৰ প্ৰদানৰ পাছত এইবাৰ লাভলীনাৰ বক্সিং একাডেমী নিৰ্মাণৰ বাবে মাত্ৰ ১ টকাৰ বিনিময়ত তিনি বিঘা ভূমি আবণ্টনৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে।
শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। পলাশবাৰী ৰাজহ চক্ৰৰ চয়নী মৌজাৰ অন্তৰ্গত হুদুমপুৰ গাঁৱত লাভলীনা বৰগোহাঁই বক্সিং একাডেমী স্থাপনৰ বাবে আবণ্টিত ভূমিৰ প্ৰিমিয়াম মাচুল প্ৰতি বিঘাত মাত্ৰ ১ টকালৈ হ্ৰাস কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে যে, অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁইৰ জৰিয়তে ৰাজ্যখনৰ পৰা অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়েও এই সিদ্ধান্তৰ কথা সদৰী কৰে। তেওঁ উল্লেখ কৰে যে, হুদুমপুৰত লাভলীনা বৰগোহাঁইৰ বক্সিং একাডেমী নিৰ্মাণৰ বাবে তিনি বিঘা ভূমিৰ প্ৰিমিয়াম মাচুল মাত্ৰ এটকালৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত লাভলীনাই ১ টকাতে উক্ত ভূমি লাভ কৰি নিজৰ বক্সিং একাডেমী নিৰ্মাণৰ দিশত আগবাঢ়িব পাৰিব।
উল্লেখ্য যে, ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ লাভলীনা বৰগোহাঁইৰ অৱদান আৰু নতুন প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ ভূমিকাক স্বীকৃতি জনাই ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পলাশবাৰীত নিৰ্মাণৰ বাবে প্ৰস্তাৱিত একাডেমীখন হ’ব লাভলীনাৰ অসমত দ্বিতীয়খন বক্সিং একাডেমী। ইয়াৰ পূৰ্বে ২০২৫ চনত উত্তৰ গুৱাহাটীৰ বৰচন্দ্ৰাত তেওঁৰ প্ৰথমখন বক্সিং একাডেমী উদ্বোধন কৰা হৈছিল।





























