Unbearable price increases:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অসমকে ধৰি দেশৰ একাংশ ৰাজ্যত শাৰদীয় দুর্গোৎসৱ উদ্যাপনৰ প্ৰস্তুতি তুংগত উঠাৰ সময়তে আকাশলংঘী মূল্যবৃদ্ধিত জুৰুলা হৈছে দৰিদ্ৰ জনতা। সম্প্রতি পৰোক্ষভাবে নৰেন্দ্ৰ মোদী চৰকাৰে এই কথা স্বীকাৰ কৰিছে। বিজেপি নেতৃত্বাধীন চৰকাৰে জনতাক দিশহাৰা কৰা এনে বিষয়ৰ প্ৰতি পিঠি দিয়াৰ পৰিণতিত দেশত খাদ্যবস্তুকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম অনিয়ন্ত্রিতভাৱে বৃদ্ধি পাইছে। আনকি যোৱা মাহত পাইকাৰী বজাৰৰ মূল্য ভিত্তিক মুদ্রাস্ফীতি ১১.৩৯ শতাংশলৈ বৃদ্ধি পায়।
একেদৰে খুচুৰা বজাৰৰ মুদ্রাস্ফীতিও চৰকাৰীভাৱে কৰা পূর্বানুমানতকৈ বৃদ্ধি পাইছে। ইয়াৰ মূলতে হৈছে ইন্ধন, খাদ্যবস্তু আৰু বিভিন্ন উদ্যোগত উৎপাদিত সামগ্ৰীৰ অনিয়ন্ত্রিত মূল্যবৃদ্ধি। কালি কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি, যোৱা ছেপ্টেম্বৰত দেশত পাইকাৰী মূল্যভিত্তিক মুদ্রাস্ফীতি বিগত পাঁচ মাহৰ সৰ্বাধিক হৈ ১১.৩৯ শতাংশ হয়। ইয়াৰ আগৰ মাহ অৰ্থাৎ যোৱা আগষ্টত পাইকাৰী মুদ্রাস্ফীতি ৯.৯২ শতাংশ আছিল। এই বর্ধিত মুদ্রাস্ফীতিৰ জ্বালা সৰ্বস্তৰৰ লোকে বিশেষকৈ দৰিদ্ৰ আৰু নিম্ন বিত্ত লোকসকলে অধিক ভোগ কৰিবলগীয়া হৈছে।
এই ক্ষেত্রত সবাতোকৈ উদ্বেগজনক বিষয়টো হ’ল যে খাদ্যবস্তুৰ মুদ্রাস্ফীতি যোৱা আগষ্টৰ তুলনাত পাছৰ মাহত এক শতাংশতকৈ অধিক বৃদ্ধি পায়। কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রণালয়ৰ তথ্য মতে, যোৱা আগষ্টত খাদ্য-সামগ্ৰীৰ পাইকাৰী মুদ্রাস্ফীতি ৭.০৫ শতাংশ আছিল যদিও ছেপ্টেম্বৰত ইয়াৰ পৰিমাণ ৮.৬৬ শতাংশলৈ বৃদ্ধি পায়। একেদৰে উদ্যোগজাত সামগ্ৰীৰ পাইকাৰী মুদ্রাস্ফীতিও এটা মাহৰ ভিতৰতে এক শতাংশতকৈ অধিক বৃদ্ধি পায়।
যোৱা আগষ্টত এনে সামগ্ৰীৰ পাইকাৰী মুদ্রাস্ফীতি ৮.৭ শতাংশ হোৱাৰ বিপৰীতে ছেপ্টেম্বৰত ৯.৭৬ শতাংশলৈ বৃদ্ধি পায়। একেদৰে এই সময়ছোৱাত ইন্ধন আৰু শক্তিৰ পাইকাৰী মুদ্রাস্ফীতি ২২.৯৩ শতাংশৰ পৰা ২৫.৮৫ শতাংশলৈ বৃদ্ধি পায়। ইয়াৰ পূৰ্বে যোৱা সোমবাৰে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি, যোৱা মাহত দেশত খুচুৰা মুদ্রাস্ফীতি আগৰ মাহৰ ৪.৮৩ শতাংশৰ পৰা ৫.৫৪ শতাংশলৈ বৃদ্ধি পায়।
একাংশ বিশেষজ্ঞৰ মতে, মধ্যপ্রাচ্য যুদ্ধৰ পৰিণতিত যে ইন্ধনৰ মূল্যবৃদ্ধিয়ে পাইকাৰী বজাৰত চাপ সৃষ্টি কৰিছে সেয়াও সত্য। কিন্তু মূল্যবৃদ্ধি বিশেষকৈ খাদ্যবস্তুৰ অত্যধিক মূল্যবৃদ্ধিয়ে দৰিদ্ৰ আৰু নিম্ন আয়ৰ জনতাক জুৰুলা কৰাটোও সত্য। গতিকে বহুতৰ দুর্গোৎসৱৰ আনন্দ-উৎসাহ ম্লান পৰাটোও একপ্ৰকাৰ নিশ্চিত।
উল্লেখ্য যে বিগত সময়ত মিঠাতেলসহ কেতবোৰ খাদ্য সামগ্ৰীৰ মূল্য অত্যধিকভাবে বৃদ্ধি পায়। আনকি এনে সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বজাৰত জুই জ্বলাইছে। উল্লেখ্য যে মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে অলপতে ভাৰতীয় ৰিজার্ভ বেংকে ৰেপ’ৰেট (ৰিজার্ভ বেংকে অধীনৰ বেংকসমূহক দিয়া ঋণৰ সুতৰ হাৰ) ০.২৫ শতাংশ বৃদ্ধি কৰে। ফলত সম্প্ৰতি ৰেপ’ৰেট ৫.৫০ শতাংশ হৈছে।































