Demogorgon : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আমেৰিকা আৰু মেক্সিকোৰ সীমান্ত সংলগ্ন অঞ্চলত এক অদ্ভুত প্রাণীৰ আবিৰ্ভাৱৰ দাবীয়ে সম্প্রতি প্রবল কৌতূহল আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। অ’টিটি প্লেটফর্ম নেটফ্লিক্সৰ জনপ্ৰিয় কল্পবিজ্ঞান ছিৰিজ ‘স্ট্রেঞ্জাৰ থিংছ’ৰ ভয়ংকৰ দানৱ ‘ডেমোগৰ্গন’ৰ স’তে এই প্রাণীটোৰ চেহেৰাৰ মিল থকা বুলি বহুতে আলোচনাও আৰম্ভ কৰিছে।
অৱশ্যে চিচি কেমেৰাত ধৰা পৰা কিছু অস্পষ্ট ছবি সামাজিক মাধ্যমত বিয়পি পৰিলেও প্রাণীটোৰ অস্তিত্ব সম্পর্কে এতিয়ালৈকো কোনো নিৰ্ভৰযোগ্য বা বৈজ্ঞানিক প্রমাণ পোৱা নাই। ব্রিটিছ সংবাদ মাধ্যম ডেইলী মেইল’ৰ এক প্রতিবেদনত কোৱা হৈছে যে মেক্সিকোৰ বিতর্কিত সাংবাদিক তথা স্বঘোষিত ইউএফঅ’ গৱেষক হাইমে মাউছানে প্রথমে এই দাবী সম্মুখলৈ আনে।
মাউছানৰ মতে, মেক্সিকোৰ হুৱাৰেজ ভেলীৰ পশুপালনৰ অঞ্চলসমূহত এই প্রাণীটোৱে মুর্গী, শহাপহু আদি চিকাৰ কৰি আছে। যোৱা ১৭ অক্টোবৰত প্ৰকাশ কৰা কেতবোৰ ফটোত বগা ৰঙৰ এই প্রাণীটোক দীঘলীয়া হাত-ভৰি আৰু দীঘল নেজসহ দেখা গৈছে।
মাউছানৰ দলে দাবী কৰিছে যে এই প্ৰাণীটো শিয়াল, ৰাকুন বা বনমেকুৰীৰ দৰে স্থানীয় কোনো বন্যপ্ৰাণীৰ স’তে নিমিলে। ফটোত দেখা পোৱা এখন ইটাৰ দেৱালৰ স’তে তুলনা কৰি তেওঁলোকে অনুমান কৰিছে যে মূৰৰ পৰা নেজ পর্যন্ত প্রাণীটোৰ দৈর্ঘ্য প্রায় ছফুট হ’ব পাৰে, যাৰ অর্ধেকেই নেজৰ অংশ।
মাউছানে দাবী কৰিছে যে প্রাণীটোৱে মানুহৰ দৰে পোন হৈ খোজকাঢ়িব পাৰে, যদিও প্রকাশিত ভিডিঅ’ বা ফটোত ইয়াৰ কোনো স্পষ্ট প্রমাণ পোৱা নগ’ল।
এই ঘটনাক অধিক চমকপ্রদ কৰিবলৈ সাংবাদিক মাউছানে ইয়াক ভিনগ্ৰহৰ বা সমান্তৰাল আন কোনো মাত্রা (ইণ্টাৰডাইমেনচনেল) ৰ পৰা বুদ্ধিমান প্রাণী বুলিও তত্ত্ব হাজিৰ কৰিছে।
তেওঁ এজন স্থানীয় কিশোৰৰ উদ্ধৃতি দি জনাইছে যে প্রাণীটোৱে এটা মুৰ্গীৰ মূৰত কামুৰি গছত উঠি পলাই যোৱা দেখা গৈছে। আনকি আতংকতে কিছু স্থানীয় বাসিন্দাই ঘৰ-বাৰী এৰি আন ঠাইলৈ গুচি যোৱা বুলিও মাউছানে দাবী কৰিছে।
অৱশ্যে স্থানীয় প্রশাসনৰ স’তে এইবোৰ দাবীৰ কোনো সংগতি বিচাৰি পোৱা নাই কোনেও। মেক্সিকোৰ হুৱাৰেজ চিভিল প্রটেকচন কর্তৃপক্ষই স্পষ্টভাৱে জনাইছে যে এনে কোনো অদ্ভুত প্রাণী দেখা পোৱা বা ঘৰচীয়া প্ৰাণী অন্তর্ধান হোৱাৰ বিষয়ে তেওঁলোকলৈ কোনো আনুষ্ঠানিক অভিযোগ অহা নাই।
আনকি সীমান্তৰ সিপাৰে টেক্সাছৰ এল পাছো আৰক্ষীয়েও জনাইছে যে সেই অঞ্চলত কোনো অস্বাভাৱিক ঘটনা বা পশুৰ মৃত্যুৰ তথ্য তেওঁলোকৰ নথিত নাই। ফলত ঘটনাটো সঁচাকৈয়ে কোনো নতুন প্ৰাণীৰ উপস্থিতি নে কেৱল এক গুজৱহে, সেই বিষয়ত ডাঙৰ প্ৰশ্ন আছে।
তদুপৰি, তথ্যটোৰ মূল প্ৰচাৰক হাইমে মাউছানৰ অতীত ইতিহাসেও এই দাবীক সন্দেহৰ আৱৰ্তত পেলাইছে। ২০২৩ত মাউছানে মেক্সিকোৰ কংগ্ৰেছত তথাকথিত ‘ভিনগ্রহী মামী’ প্রদর্শন কৰি বিশ্বজুৰি আলোড়ন তুলিছিল, যি পৰৱৰ্তী সময়ত ফৰেনছিক পৰীক্ষাত মানুহ আৰু পশুৰ হাড়, আঠা আৰু কাগজৰে তৈয়াৰী ভুৱা পুতলা বুলি প্রমাণিত হয়।
তাৰ আগতেও তেওঁ এবিধ বিশেষ প্ৰজাতিৰ বান্দৰৰ টেক্সিডামি কৰা দেহাৱশেষক ভিনগ্ৰহৰ প্ৰাণী বুলি প্ৰমাণ কৰাৰ চেষ্টা চলাইছিল। ফলত সাম্প্রতিক এই ‘ডেমোগর্গন’ আতংককো বহু বিশেষজ্ঞই ভিত্তিহীন কল্পনা আৰু সস্তীয়া প্ৰচাৰ পোৱা চেষ্টা বুলিয়েই উৰুৱাই দিছে।































