CockroachJanataParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত তেওঁৰ কোনো ভূমিকা নাই। দিল্লী উচ্চ ন্যায়ালয়ত এই দাবী কৰিছিল নেহা বৰাই। কিন্তু তাত কোনো লাভ নহ’ল। অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ দৰে তেওঁকো শান্তিৰক্ষাৰ মুচলেকা (Neha Bora Peace Bond Case) দিব লাগিব। আনকি জমা দিব লাগিব ১০ হেজাৰ টকাৰ বণ্ডো। দিল্লী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত সেয়াই স্পষ্ট হৈ পৰিল।
প্ৰকৃততে, ১৬ অক্টোবৰত ককৰোচ জনতা পাৰ্টিৰ তথাকথিত প্ৰতিবাদৰ পূৰ্বে নেহাক আটক কৰা হৈছিল। অৱশ্যে পাছত তেওঁক মুকলিও কৰি দিয়া হয়। অভিজিৎ দীপকে, আশুতোষ ৰাংকা বা সৌৰভ দাসৰ দৰে তেওঁক প্ৰতিৰোধমূলকভাৱে গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।
কিন্তু মুকলি হোৱাৰ পিছতো দিল্লীৰ স্পেচিয়েল এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ তৰফৰ পৰা এখন জাননী লাভ কৰে নেহাই। সেই জাননীত কোৱা হৈছিল যে নেহাই ১০ হেজাৰ টকাৰ ব্যক্তিগত বণ্ড জমা দিব লাগিব আৰু ভৱিষ্যতে শান্তি বজাই ৰখাৰ প্ৰতিশ্ৰুতিৰে মুচলেকা দিব লাগিব।
নেহাৰ বিৰুদ্ধে মূল অভিযোগ আছিল, শান্তি ভংগ কৰা আৰু আইন উলংঘা কৰি সমবেত হ’বলৈ আহ্বান জনোৱা।
দিল্লীৰ স্পেচিয়েল এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ আদালতৰ সেই জাননীক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল নেহাই। তেওঁৰ হৈ অধিবক্তা গোপাল সুব্ৰহ্মণ্যমে জনায় যে ১৬ অক্টোবৰৰ প্ৰতিবাদত নেহাৰ কোনো ভূমিকাই নাছিল। তদুপৰি নেহাই কোনো ধৰণৰ আইন উলংঘা কৰা নাছিল। শান্তি ভংগও কৰা নাছিল।
অধিবক্তাগৰাকীৰ দাবী আছিল, প্ৰতিবাদত নেহাৰ কোনো ভূমিকা নথকাৰ বাবেই তেওঁক মাত্ৰ ১৫-১৬ মিনিটৰ বাবে আটক কৰি মুকলি কৰি দিয়া হৈছিল। ইয়াৰ বিপৰীতে আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰৰ দাবী আছিল, নেহাই বাৰে বাৰে ৰাজহুৱাভাৱে চৰকাৰ সলনি কৰাৰ ভাবুকি দিছিল। সমবেত হোৱা আৰু প্ৰতিবাদৰ বাবে উচটনি দিছিল। চৰকাৰে প্ৰমাণ হিচাপে কেবাটাও ভিডিঅ’ আৰু ছ’চিয়েল মিডিয়াৰ পোষ্ট আদালতত দাখিল কৰে।
দুয়োপক্ষৰ বক্তব্য শুনাৰ পাছত উচ্চ ন্যায়ালয়ে নেহাৰ আবেদন খাৰিজ কৰে। তেওঁক স্পষ্টকৈ জনাই দিয়া হয় যে নিজৰ বক্তব্য স্পেচিয়েল এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ আদালততে দাখিল কৰিব লাগিব। একে সময়তে মেজিষ্ট্ৰেটৰ আদালতকো জনোৱা হয় যে নেহাৰ বিৰুদ্ধে কি কি অভিযোগ আছে আৰু কি কি নথি-প্ৰমাণ আছে, সেই সকলো তথ্য নেহাকো দিব লাগিব।
অৰ্থাৎ, বৰ্তমানৰ পৰিস্থিতিত নেহাই মেজিষ্ট্ৰেটৰ আদালতৰ নিৰ্দেশ অনুসৰি পিচ বণ্ডত স্বাক্ষৰ কৰিব লাগিব আৰু ১০ হেজাৰ টকাৰ বণ্ডো জমা দিব লাগিব।





























