VoteTheftAllegations : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ নৱৰাত্ৰিৰ বাবে কেইদিনমানৰ বিৰতি আছিল। পুনৰ দেশৰ ৰাজধানী দিল্লীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ইণ্ডিয়া ব্লকে। প্ৰাথমিক পৰিকল্পনা অনুসৰি, অহা এক নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত ভোট চুৰিৰ বিষয়টোক লৈ এখন বৃহৎ জনসভা অনুষ্ঠিত কৰিব বিচাৰিছে কংগ্ৰেছে।
ইয়াৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেবা লাখ লোকক সমবেত কৰি ময়দান ভৰাই তোলাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে। কিন্তু ৰাহুল গান্ধীসকলৰ এই পৰিকল্পনাক লৈ চিন্তিত হৈ পৰিছে ব্যৱসায়ীসকল। ৰামলীলা ময়দানৰ সেই বৃহৎ জনসভা পিছুৱাই দিয়াৰ আহ্বান জনাই ৰাহুল গান্ধীলৈ চিঠি লিখিছে দিল্লীৰ ব্যৱসায়ী সংগঠনে।
দিল্লীৰ চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ তৰফৰ পৰা চিঠি লিখি লোকসভাৰ বিৰোধী দলপতিগৰাকীক আহ্বান জনোৱা হৈছে, যাতে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ধনতেৰাছ আৰু দীপাৱলীৰ পাছত অনুষ্ঠিত কৰা হয়।
কাৰণ, উৎসৱৰ বতৰত দিল্লীত ইমান বৃহৎ প্ৰতিবাদ বা জনসভা অনুষ্ঠিত হ’লে ব্যৱসায়-বাণিজ্যত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব। চি টি আইৰ অধ্যক্ষ ব্ৰীজেশ গোৱেলে ৰাহুল গান্ধীক আহ্বান জনাইছে, যাতে ৰামলীলা ময়দানৰ এই প্ৰতিবাদী কাৰ্যসূচী অন্ততঃ ১০ নৱেম্বৰলৈকে স্থগিত ৰখা হয়।
প্ৰকৃততে, ছয় নৱেম্বৰত ধনতেৰাছ আৰু আঠ নৱেম্বৰত দীপাৱলী। এই দুটা উৎসৱৰ আগৰ এসপ্তাহক ব্যৱসায়ীসকলৰ বাবে অতি ‘উৰ্বৰ’ সময় হিচাপে গণ্য কৰা হয়। চি টি আইৰ হিচাপ অনুসৰি, কেৱল ধনতেৰাছ উপলক্ষেই দিল্লীৰ ব্যৱসায়ীসকলে ২৫ হেজাৰ কোটি টকাৰ ব্যৱসায় কৰে।
এক নৱেম্বৰত অৰ্থাৎ উৎসৱৰ সপ্তাহটোৰ আৰম্ভণিতে দিল্লীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ’লে ব্যৱসায়ীসকল বৃহৎ লোকচানৰ সন্মুখীন হ’ব পাৰে। কমেও ১০ হেজাৰ কোটি টকাৰ লোকচান হ’ব পাৰে। কাৰণ, বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ’লে সাধাৰণ গ্ৰাহকে ঘৰৰ পৰা ওলাই আহিবলৈ ভয় কৰে।
তদুপৰি বজাৰত অস্থিৰতাৰো সৃষ্টি হয়। ইয়াৰ পূৰ্বে দিল্লীত কংগ্ৰেছ আৰু ককৰোচে যেতিয়া বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল, তেতিয়াও ব্যৱসায়ীসকলে যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল।
অৱশ্যে, ইণ্ডিয়া জোঁটৰ সেই দিনটোৰ বৃহৎ সমাৱেশ অনুষ্ঠিত হ’বনে নাই, তাক লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাতেই প্ৰশ্ন উত্থাপন হৈছে। দলটোৰ একাংশ নেতাই জনসভাখন পিছুৱাই দিয়াৰ পক্ষত আছে। অৱশ্যে, সূত্ৰৰ খবৰ অনুসৰি, ১ নৱেম্বৰৰ বাহিৰে অদূৰ ভৱিষ্যতে ৰামলীলা ময়দান খালী পোৱাৰ সম্ভাৱনা বিশেষ নাই। ফলত অনিচ্ছা সত্ত্বেও এক নৱেম্বৰতে সেই সভা অনুষ্ঠিত কৰিবলগীয়া হ’ব পাৰে। সেই অনুসৰিয়েই বিভিন্ন ৰাজ্যত প্ৰস্তুতিও আৰম্ভ কৰিছে কংগ্ৰেছে।





























