ManipurProtest: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শুকুৰবাৰে সন্ধিয়া মণিপুৰৰ পাঁচখন জিলাত দেখা গ’ল এক অভিনৱ দৃশ্য। গোষ্ঠীগত সংঘৰ্ষৰ ফলত বিগত তিনিবছৰ ধৰি ৰাজ্যখনত চলি থকা হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল হেজাৰ হেজাৰ লোক। লগত লৈ আহিল বাটি-ঘটি, কাঁহ আৰু ঘণ্টা।
একত্ৰিত হৈ শব্দৰ মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰাই আছিল তেওঁলোকৰ লক্ষ্য। সৰ্বাধিক লোকৰ সমাগম দেখা গ’ল ৰাজধানী ইম্ফলত। লোকভৱনৰ পৰা অলপ দূৰৈত কাঙলা দুৰ্গৰ সন্মুখত পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে আৰক্ষীয়ে কন্দুৱা গেছৰ শ্বেল নিক্ষেপ কৰিবলগীয়া হয়। গঢ়ি তোলা হয় বেৰিকেড।
মণিপুৰৰ উপত্যকা অঞ্চলৰ পাঁচখন জিলাত সমবেত হ’বলৈ আহ্বান জনাইছিল ফেডাৰেচন অৱ হাওমিয়ে। জিলাকেইখন হৈছে পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবল, বিষ্ণুপুৰ আৰু কাকচিং। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই শুকুৰবাৰে (২৩ অক্টোবৰ) সন্ধিয়া প্ৰায় ৭.৩০ বজাত বহু লোক ৰাজপথলৈ ওলাই আহে ।
তেওঁলোকৰ কাৰোবাৰ হাতত আছিল কাঁহী, কোনোবাই ঢোল বজাইছিল, কোনোবাই গাড়ীৰ হৰ্ণ বজাই ধৰি ৰাখিছিল, আন কোনোবাই হাতুৰীৰে পথৰ কাষৰ বৈদ্যুতিক খুঁটিত কোবাইছিল। এই অভিনৱ প্ৰতিবাদ প্ৰায় আধা ঘণ্টা ধৰি চলে।
২০২৩ চনৰ তিনি মে’ত মণিপুৰত আৰম্ভ হোৱা বৃহৎ পৰিসৰৰ জাতিগত সংঘৰ্ষৰ মূল দুটা পক্ষ আছিল মেইটেই আৰু কুকি-জো সম্প্ৰদায়। ২০২৬ চনত নগা আৰু কুকি-জো সম্প্ৰদায়ৰ মাজৰ পৃথক সংঘৰ্ষও বৃদ্ধি পাইছে। প্ৰতিবাদকাৰীসকলৰ দাবী, এই সকলো সংঘৰ্ষৰ মীমাংসা কৰা হওক। চৰকাৰে উদ্যোগ লৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰক। পাহাৰীয়া অঞ্চলত স্বাভাৱিক জীৱনযাত্ৰা ঘূৰি আহক।
ইম্ফল মণিপুৰৰ প্ৰাণকেন্দ্ৰ। ৰাজনীতি আৰু সংস্কৃতি—দুয়োটা ক্ষেত্ৰতে ইম্ফলৰ গুৰুত্ব আছে। সেয়েহে তাতেই সৰ্বাধিক লোকৰ সমাগম হয়। প্ৰথমে দুৰ্গৰ চৌহদতে সীমাবদ্ধ হৈ থকা প্ৰতিবাদকাৰীসকলে পিছলৈ পশ্চিম প্ৰৱেশদ্বাৰৰ দিশে আগবাঢ়ে।
শতিকাপুৰণি কাঙলা দুৰ্গৰ পশ্চিম প্ৰৱেশদ্বাৰৰ পৰা মাত্ৰ ৩০০ মিটাৰ দূৰত্বতে অৱস্থিত লোকভৱন। সেয়েহে তাত সদায় আৰক্ষী মোতায়েন হৈ থাকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে বুলি অনুমান কৰি আৰক্ষীয়ে কন্দুৱা গেছৰ শ্বেল নিক্ষেপ কৰে। লোকভৱনলৈ যোৱা পথত বেৰিকেড স্থাপন কৰা হয়।
ফেডাৰেচন অৱ হাওমিৰ ভাষ্য অনুসৰি, এই প্ৰতিবাদ মণিপুৰৰ সাধাৰণ জনতাৰ বাবে ‘জাগৰণৰ অন্তিম আহ্বান’। এই দিনটোত প্ৰতিবাদকাৰীসকলে আন কেইবাটাও বিষয়তো সৰৱ হৈ পৰে। সেইবোৰৰ ভিতৰত আছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি) কাৰ্যকৰী কৰা, অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্ত কৰা আৰু সশস্ত্ৰ গোটসমূহৰ সৈতে কৰা ছাছপেনচন অৱ অপাৰেচনছ (Suspension of Operations) চুক্তি বাতিল কৰা।
মণিপুৰৰ গৃহমন্ত্ৰী গোবিন্দাস কন্থৌজমে ২৩ অক্টোবৰত জনায় যে কুকি সশস্ত্ৰ গোটসমূহৰ সৈতে কৰা উক্ত চুক্তিৰ ম্যাদ ৪ ছেপ্টেম্বৰত অন্ত পৰিছে আৰু ইয়াৰ ম্যাদ পুনৰ বৃদ্ধি কৰা হোৱা নাই। এই প্ৰতিবেদন লিখা পৰ্যন্ত প্ৰতিবাদক লৈ ৰাজ্য চৰকাৰৰ কোনো প্ৰতিক্ৰিয়া লাভ কৰা হোৱা নাই।



































