দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ধূমপানৰ বিকল্পৰূপে বহুতেই সম্প্রতি ই-চিগাৰেট বা ভেপক তুলনামূলকভাৱে নিৰাপদ বুলি গণ্য কৰে। বিশেষকৈ তৰুণ প্ৰজন্মৰ মাজত ভেপিঙৰ জনপ্রিয়তা ক্রমাৎ বৃদ্ধি পাইছে; কিন্তু এক সাম্প্রতিক গৱেষণাৰ ফলাফলে নতুনকৈ উদ্বেগ বৃদ্ধি কৰিছে।
গৱেষণাত উঠি আহিছে যে দেশত একে বয়সৰ ল’ৰাৰ তুলনাত কিশোৰী আৰু যুৱতীসকলৰ মাজত ভেপিঙৰ প্রবণতা বেছি দেখা গৈছে। কিশোৰীসকলৰ মাজত এই অভ্যাসৰ বিস্তাৰে তেওঁলোকৰ স্বাস্থ্যক লৈ নতুনকৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।
ভেপিং কি আৰু কিয় বাহিছে এই প্ৰৱণতা? ভেপিং হৈছে ই-চিগাৰেটৰ মাধ্যমেৰে বিশেষ তৰল গৰম কৰি সৃষ্টি হোৱা এৰ’ছল বা সূক্ষ্ম কণা শ্বাসৰ স’তে শৰীৰলৈ টানি নিয়া। এই তৰলত নিকোটিন, বিভিন্ন ৰাসায়নিক পদার্থ আৰু সুগন্ধি উপাদান থাকিব পাৰে। নানা ধৰণৰ ফ্লেভাৰ, আকর্ষণীয় নক্সা আৰু সহজে ব্যৱহাৰ কৰাৰ সুবিধাৰ বাবে একাংশ তৰুণ-তৰুণীৰ মাজত ভেপিং আকর্ষণীয় হৈ উঠিছে।
অনেকে ধাৰণা কৰে যে ভেপত সাধাৰণ চিগাৰেটৰ দৰে ধপাত পোৰা নহয় বাবে ই ক্ষতিকৰ নহয়। অথচ এই ধাৰণা সম্পূৰ্ণ সঠিক নহয়। ভেপিঙৰ মাধ্যমেৰে শৰীৰত নিকোটিনসহ নানা ক্ষতিকাৰক পদার্থই প্ৰৱেশ কৰিব পাৰে। ফলত ইয়াৰ প্ৰভাৱক লৈ উদ্বেগৰ যথেষ্ট কাৰণ আছে।
কিশোৰীসকলৰ স্বাস্থ্য কি প্ৰভাৱ পৰিব পাৰে? একাংশ বিশেষজ্ঞৰ মতে, কৈশোৰত মস্তিষ্কৰ বিকাশ অব্যাহত থাকে। এই সময়ত মস্তিষ্ক নিকোটিনৰ সংস্পৰ্শলৈ আহিলে আসক্তি সৃষ্টি হোৱাৰ আশংকা থাকে। ইয়াৰ সমান্তৰালকৈ মনোযোগ, শিকাৰ ক্ষমতা আৰু মন-মেজাজৰ ওপৰতো বিৰূপ প্রভাৱ পৰিব পাৰে। ভেপৰ এৰ’ছলে শ্বাসনলীত জ্বলন সৃষ্টি কৰিব পাৰে আৰু হাওঁফাওঁৰ স্বাস্থ্যৰ বাবেও বিপদ মাতি আনিব পাৰে।
কিশোৰ-কিশোৰীসকলৰ মাজত ভেপিঙৰ প্ৰৱণতা কমাবলৈ পৰিয়াল, স্কুল আৰু স্বাস্থ্যকর্মীসকলৰ ভূমিকা গুৰুত্বপূর্ণ। ভয় দেখুওৱা বা শাস্তি দিয়াৰ পৰিৱৰ্তে ভেপিঙৰ সম্ভাব্য ক্ষতি সম্পর্কে সহজ ভাষাত বুজোৱা প্রয়োজন। লগতে বন্ধুসকলৰ চাপ চম্ভালা আৰু মানসিক উদ্বেগৰ মোকাবিলা কৰাৰ বিষয়ত কিশোৰ-কিশোৰীসকলক সহায় কৰাও জৰুৰী।
ভেপক নিৰীহ অভ্যাস বুলি গণ্য কৰাৰ কোনো কাৰণ নাই। বিশেষকৈ কম বয়সত নিকোটিনৰ সংস্পৰ্শ এৰুওৱা আৰু এই বিষয়ত সঠিক তথ্য জনাটো ভৱিষ্যতৰ স্বাস্থ্য আশংকা কমোৱাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।






























