ArecaNutSmuggling : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিদেশী চোৰাং চুপাৰিৰ সৰবৰাহৰ পথত পৰিণত হৈছে অসম। এক বৃহৎ অসাধু চক্রই এই চুপাৰি দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশৰ পৰা চোৰাংকৈ ভাৰতলৈ সৰবৰাহ কৰে।
প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)ৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে। ইয়াৰ সমান্তৰালভাৱে সংস্থাটোৰ তদন্তৰ আওতালৈ বৃহৎসংখ্যক জিএছটি বিষয়াও আহিছে। তদন্তকাৰীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বৃহৎ ক’লা বেহাৰ স’তে জড়িত চক্রক সহযোগ কৰাৰ অভিযোগত ইডিয়ে তদন্তৰ আওতালৈ অনা জিএছটি বিষয়াবৰ্গৰ মাজত কেন্দ্রীয় জিএছটিৰো একাংশ বিষয়া আছে। উল্লেখ্য যে ইতিমধ্যে এই বৃহৎ চোৰাং বেহাৰ স’তে জড়িত চক্ৰৰ বেংক একাউণ্টৰ পৰা তদন্তকাৰী সংস্থাটোরে ৯৭০ কোটি টকা জব্দ কৰিছে।
এই বিপুল পৰিমাণৰ ধন ২০১৩ৰ পৰা ২০২৫ৰ সময়ছোৱাত ইডিয়ে জব্দ কৰা বুলি বিবৃতিত প্ৰকাশ কৰিছে। সম্প্রতি সূত্রই প্রকাশ কৰা অনুসৰি, কেন্দ্ৰীয় বিত্ত মন্ত্রণালয়ৰ অধীনৰ সংস্থা ইডিৰ গুৱাহাটী মাণ্ডলিক কার্যালয়ে এই ক’লা বেহাত একাংশ জিএছটি বিষয়াই কি ভূমিকা পালন কৰিছিল সেয়া পৰীক্ষা কৰি আছে।
তদুপৰি চুপাৰিৰ চোৰাং ব্যৱসায়ীৰ পৰা পশ্চিমবংগত সংগৃহীত গুণ্ডাকৰ সন্দর্ভতো তদন্ত অব্যাহত ৰাখিছে ইডিয়ে। সূত্রই লগতে জনোৱা মতে, এই চুপাৰি চক্ৰৰ জাল দক্ষিণ-পূব এছিয়াৰ পৰা ভাৰতলৈকে বিস্তাৰিত হৈ আছে।
ইণ্ডোনেছিয়া আৰু থাইলেণ্ডকে ধৰি দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশৰ পৰা চুপাৰিৰ চোৰাং সৰবৰাহ ঘটে। দুষ্টচক্রই এনে চুপাৰি চোৰাংকৈ ম্যানমাৰৰ পৰা প্ৰথমে মিজোৰামলৈ আনে। তাৰ পাছতে অসমলৈ আহে এই চুপাৰি।
পৰৱৰ্তী সময়ত অসমৰ পৰা পশ্চিমবংগ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদি ৰাজ্যলৈ এনে চুপাৰিৰ চোৰাং সৰবৰাহ ঘটে। ফলত ৰাজকোষে বিপুল অংকৰ ধনৰ ৰাজহৰ লোকচান ভৰি আহিছে। এই অসাধু চক্রই ভুৱা ইনভইচ, ই-ৱে বিল আদি প্রস্তুত কৰি ম্যানমাৰৰ পৰা চোৰাংকৈ চুপাৰি সৰবৰাহ কৰে। এই ক্ষেত্ৰত একাংশ জিএছটি বিষয়াও অসাধু চক্রটোক সহযোগ কৰাৰ তথ্য ইডিয়ে উদ্ধাৰ কৰিছে। অৱশ্যে তদন্তৰ স্বাৰ্থত সংস্থাটোৱে এইসকল বিষয়াৰ নাম প্ৰকাশৰ পৰা বিৰত আছে।
ভুৱা ই-ৱে বিল প্রস্তুতত সহায় জিএছটি বিষয়াৰ!
সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ভুৱা ই-ৱে বিল প্রস্তুতৰ ক্ষেত্ৰত একাংশ জিএছটি বিষয়াই চক্রটোক সহযোগ কৰিছে। এনে দুর্নীতিগ্রস্ত বিষয়াৰ সহযোগত অসাধু চক্রই এনে ভুৱা বিল দাখিল কৰি চোৰাং সামগ্রীক বৈধ সামগ্ৰীলৈ ৰূপান্তৰিত কৰে। পাছত এনে ভুৱা বিলৰে চোৰাংকৈ অনা চুপাৰি দেশৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰে। ফলত ৰাজকোষে প্ৰচুৰ লোকচান ভৰিব লগা হয়। জানি-বুজি চুপাৰি মাফিয়া চক্রক একাংশ জিএছটি বিষয়াই সহযোগ কৰিছিল নেকি সেয়াও সম্প্রতি ইডিয়ে পৰীক্ষা কৰি আছে।
উল্লেখ্য যে বহিঃৰাষ্ট্ৰৰ পৰা এনেদৰে চোৰাংকৈ অনা চুপাৰিৰ ব্যৱসায়ত গুৱাহাটীৰ ধীৰাজ ঘোষ, বিনয় বর্মন, সন্দীপ বৈদ, নৱৰতন বৈদ আৰু গুৱাহাটীস্থিত দুখন প্রতিষ্ঠান জড়িত থকাৰ তথ্য ইতিমধ্যে ইডিয়ে উদ্ধাৰ কৰিছে। সেই অনুসৰি সংস্থাটোৰ তদন্ত অব্যাহত আছে। এই তদন্তৰ আওতালৈ শেহতীয়াভাবে আহিছে বৃহৎসংখ্যক জিএছটি বিষয়া। এই তদন্তৰ আঁত ধৰি সংস্থাটোৱে অলপতে অসম আৰু পশ্চিমবংগৰ ১৮টা স্থানত তালাচীও চলায়। ইয়াৰ সমান্তৰালভাৱে তদন্তত ফাদিল হৈছে চক্ৰটোৰ জাল কিমান গভীৰ আৰু বিস্তৃত। তদন্তকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শিলিগুৰিস্থিত এটা অসাধু চক্রও এনে চোৰাং চুপাৰিবাহী ট্রাকসমূহৰ পৰা ধন আদায় কৰি আহিছে। এই চক্রও ইডিৰ তদন্তৰ আওতালৈ আহিছে।





























