Zubeen garg case:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক::হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যাৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা দুই দেহৰক্ষীৰ জামিন লাভ ৷ আয় বর্হিভূত সম্পত্তিৰ গোচৰৰ সন্দৰ্ভত জামিন লাভ কৰে জুবিনৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই ৷ বিশেষ ন্যায়ধীশৰ আদালতে মঞ্জুৰ কৰিলে দুয়োৰে জামিন ৷ জামিন পালেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰে দুই দেহৰক্ষী। জুবিন হত্যাৰ গোচৰত বাকসা জিলা কাৰাগাৰতে কাৰাৰুদ্ধ হৈ থাকিব লাগিব দুয়োজন দেহৰক্ষী।
উল্লেখ্য যে তদন্তকাৰী বিষয়াৰ ভুলৰ বাবে আয় বর্হিভূত সম্পত্তিৰ গোচৰত জামিন লাভ কৰিবলৈ সক্ষম হয় জুবিনৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই ৷
মনকৰিবলগীয়া যে আৰক্ষীয়ে দুয়োজনৰে বেংক একাউন্টত কোটি টকাৰ লেনদেনৰ তথ্য লাভ কৰিছিল ৷ এই সমূহ ধন জুবিন গাৰ্গ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই সংগোপনে দুই দেহৰক্ষীৰ তাত মজুত ৰাখি লেনদেন কৰিছিল ৷
ADVERTISEMENT































