Gohpur :
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: উন্নয়নৰ ঢাক-ঢোল, প্ৰতিশ্ৰুতিৰ বন্যা আৰু জনমুখী শাসনৰ জয়গানৰ মাজতে গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত উন্মোচিত হৈছে চৰকাৰ-প্ৰশাসনৰ কৰ্মতৎপৰতাৰ এক হতাশাজনক ছবি। বানপানীয়ে বিধ্বস্ত কৰি যোৱা যাতায়াত ব্যৱস্থা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰৰ উদাসীনতাৰ পৰিণতি এতিয়া ভোগ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে। সোণাপুৰত সোলেঙী নৈৰ বাঢ়নী পানীয়ে খহাই নিয়া পকী দলঙৰ পাৰ প্ৰায় তিনি মাহ উকলি যোৱাৰ পাছতো মেৰামতি নোহোৱাকৈ পৰি থকাটোৱে উন্নয়নৰ প্ৰতিশ্ৰুতি আৰু বাস্তৱ কৰ্মক্ষেত্ৰৰ মাজৰ গভীৰ ব্যৱধান স্পষ্ট কৰি তুলিছে।
মু
খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়ন আৰু কৰ্মদক্ষ প্ৰশাসনৰ কথা বাৰে বাৰে প্ৰচাৰ কৰি আহিছে। কিন্তু গহপুৰৰ উত্তৰাঞ্চলৰ বান বিধ্বস্ত পথ-দলঙৰ দুৰৱস্থাই সেই প্ৰচাৰৰ বিপৰীতে এক নিৰাশাজনক বাস্তৱ ছবি দাঙি ধৰিছে। দুৰ্যোগৰ সময়ত পৰিদৰ্শন, আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ অভাৱ নাথাকে; অথচ দুৰ্যোগৰ পাছত ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত মাহৰ পাছত মাহ পাৰ হৈ যোৱাটোৱে চৰকাৰী ব্যৱস্থাৰ অগ্ৰাধিকাৰ আৰু দায়বদ্ধতাক লৈ তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে ৷ গহপুৰ সমজিলাৰ উত্তৰাঞ্চলৰ ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নলবাৰী আৰু ঘগৰাবস্তি হৈ এন চি সোণাপুৰলৈ যোৱা পথত সোলেঙী নৈৰ ওপৰত থকা পকী দলংখনৰ পূব দিশৰ পাৰ যোৱা ৩ আগষ্টৰ পুৱতি নিশা নৈৰ বাঢ়নী পানীয়ে খহাই নিয়ে।
তাৰ পাছৰে পৰা দলংখনৰ ওপৰেৰে যাতায়াত বন্ধ হৈ আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। কিন্তু আজিলৈকে ক্ষতিগ্ৰস্ত অংশৰ স্থায়ী মেৰামতি সম্পন্ন নোহোৱাটো সংশ্লিষ্ট বিভাগৰ কাৰ্যক্ষমতাক লৈ এক স্পষ্ট নেতিবাচক দৃষ্টান্ত হৈ পৰিছে। এন চি সোণাপুৰ, মধ্য সোণাপুৰ, উত্তৰ সোণাপুৰ, সোণাপুৰ ফৰেষ্ট, ৰঙাজান, ননকে সোলেঙী আৰু ব্ৰহ্মপুৰকে ধৰি প্ৰায় ৪০ খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম আছিল এই দলংখন। দলংখনৰ পাৰ খহি যোৱাৰ পাছত অঞ্চলটোৰ ৰাইজে এতিয়া বিকল্প পথেৰে দীঘলীয়া দূৰত্ব অতিক্ৰম কৰি অহা-যোৱা কৰিবলগীয়া হৈছে। ফলত দৈনন্দিন জীৱন, ব্যৱসায়-বাণিজ্য, কৰ্মক্ষেত্ৰলৈ যাতায়াত আৰু শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হৈছে ব্যাপক অসুবিধা৷ আটাইতকৈ দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল।
বিদ্যালয়-মহাবিদ্যালয়লৈ যাবলৈ তেওঁলোকে অতিৰিক্ত প্ৰায় ১০ৰ পৰা ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হৈছে। যি বয়সত শিক্ষাৰ্থীসকলৰ সময় অধ্যয়ন আৰু শৈক্ষিক বিকাশত ব্যয় হ’ব লাগিছিল, সেই সময়তে তেওঁলোকে যাতায়াতৰ নামত অতিৰিক্ত শ্ৰম আৰু সময় খৰচ কৰিবলৈ বাধ্য হৈছে। বিকল্প পথৰ শোচনীয় অৱস্থাই এই দুৰ্ভোগ অধিক বৃদ্ধি কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ এখন গুৰুত্বপূৰ্ণ দলঙৰ মেৰামতিৰ অভাৱে যেতিয়া কেইবাখনো গাঁৱৰ জনজীৱন আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়, তেতিয়া এনে সমস্যাক সাধাৰণ মেৰামতিৰ বিষয় বুলি উলাই কৰিব নোৱাৰি।
এয়া জনসাধাৰণৰ মৌলিক যাতায়াত অধিকাৰৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ সমস্যা৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দলংখনৰ পাৰ খহি পৰাৰ প্ৰায় ডেৰ মাহ আগৰে পৰা খহনীয়াৰ লক্ষণ স্পষ্ট হৈ পৰিছিল। বিষয়টো সংশ্লিষ্ট বিভাগক অৱগত কৰাৰ লগতে সংবাদ মাধ্যমতো এই সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল। তথাপি সময়মতে ফলপ্ৰসূ আৰু বিজ্ঞানসন্মত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ৰাইজৰ অভিযোগ অনুসৰি, খহনীয়া প্ৰতিৰোধৰ নামত কেইডালমান বাঁহৰ গোজ পুতি দায়িত্ব সামৰাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
যদি এই অভিযোগ সত্য হয়, তেন্তে এনে অস্থায়ী ব্যৱস্থাই যে নৈৰ খহনীয়াৰ দৰে গুৰুতৰ সমস্যাৰ স্থায়ী সমাধান দিব নোৱাৰে, সেয়া আজিৰ পৰিস্থিতিয়ে স্পষ্ট কৰি দিছে।
প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী পোৱাৰ পাছতো সময়মতে কাৰিকৰী মূল্যায়ন, উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থা আৰু প্ৰয়োজনীয় মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰাটো সংশ্লিষ্ট বিভাগৰ দায়িত্ব। কিন্তু আগতীয়া সতৰ্কবাণীৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ অভিযোগে বিভাগীয় পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ দুৰ্বলতা উদঙাই দিছে। দলংখনৰ পাৰ খহি যোৱাৰ পাছত যোৱা ৩ আগষ্টৰ পুৱা স্থানীয় বিধায়ক উৎপল বৰা আৰু গড়কাপ্তানী বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।
সেই সময়ত ৰাইজে আশা কৰিছিল যে পৰিদৰ্শনৰ পাছতেই মেৰামতিৰ কামে গতি লাভ কৰিব আৰু অতি সোনকালে যাতায়াত ব্যৱস্থা স্বাভাৱিক হ’ব। কিন্তু প্ৰায় তিনি মাহ উকলি যোৱাৰ পাছতো সেই আশাৰ বাস্তৱ প্ৰতিফলন দেখা পোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে। এটা দুৰ্যোগপীড়িত অঞ্চল পৰিদৰ্শন কৰাটো জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ কৰ্তব্যৰ অংশ মাত্ৰ। প্ৰকৃত দায়িত্বৰ পৰিচয় পোৱা যায় পৰিদৰ্শনৰ পাছত গ্ৰহণ কৰা ব্যৱস্থা, কামৰ অগ্ৰগতি আৰু সমস্যা সমাধানৰ ফলাফলত। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ পাছতো যদি ক্ষতিগ্ৰস্ত দলংখনৰ মেৰামতিৰ কাম সময়মতে সম্পূৰ্ণ নহয়, তেন্তে সেই তৎপৰতাৰ বাস্তৱিক মূল্য স্বাভাৱিকতেই ম্লান হৈ পৰে।
বিধায়ক আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ পৰিদৰ্শনৰ পাছতো যাতায়াত ব্যৱস্থা স্বাভাৱিক নোহোৱাটো অঞ্চলটোৰ বাবে এক গভীৰ হতাশাৰ বিষয়। জনপ্ৰতিনিধিৰ তৎপৰতা আৰু প্ৰশাসনিক ব্যৱস্থাৰ সফলতা কেৱল উপস্থিতি বা আশ্বাসেৰে নিৰ্ধাৰিত নহয়; জনসাধাৰণে সমস্যাৰ পৰা কিমান সোনকালে মুক্তি পালে, তাৰ ওপৰতহে ইয়াৰ প্ৰকৃত মূল্য নিৰ্ভৰ কৰে ৷ গহপুৰৰ বানপানীৰ সময়ত মন্ত্ৰী কেশৱ মহন্ত, সুশান্ত বৰগোহাঁই আৰু জয়ন্ত মল্ল বৰুৱাৰ সঘন ভ্ৰমণ, পৰিদৰ্শন আৰু বিভিন্ন আঁচনিৰ প্ৰতিশ্ৰুতিৰ কথা ৰাইজৰ মনত এতিয়াও সজীৱ হৈ আছে। কিন্তু বানৰ পাছত ক্ষতিগ্ৰস্ত পথ-দলংসমূহৰ মেৰামতি আৰু যাতায়াত ব্যৱস্থা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত দৃশ্যমান অগ্ৰগতিৰ অভাৱৰ অভিযোগে সেই প্ৰতিশ্ৰুতিসমূহৰ বাস্তৱ ৰূপায়ণক লৈ হতাশা বৃদ্ধি কৰিছে।
দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত থিয় দিয়াটো প্ৰশংসনীয় পদক্ষেপ। কিন্তু বানৰ পানী নামি যোৱাৰ পাছত বিধ্বস্ত পথ, ভগ্ন দলং আৰু বিপৰ্যস্ত জনজীৱন পুনৰুদ্ধাৰ কৰাটোও চৰকাৰৰ সমানেই গুৰুত্বপূৰ্ণ দায়িত্ব। কেৱল পৰিদৰ্শন, ঘোষণা আৰু আশ্বাসেৰে উন্নয়নৰ কাম সম্পূৰ্ণ নহয়। তাৰ বাবে প্ৰয়োজন সঠিক পৰিকল্পনা, কাৰিকৰী দক্ষতা, সময়মতে পুঁজি আৰু সামগ্ৰী যোগান, লগতে কাম সম্পূৰ্ণ নোহোৱালৈকে নিৰন্তৰ তদাৰকী। বাস্তৱ ক্ষেত্ৰত এইসমূহ ব্যৱস্থাৰ ফলাফল দৃশ্যমান নহ’লে উন্নয়নৰ প্ৰচাৰ জনসাধাৰণৰ বাবে অৰ্থহীন হৈ পৰে। গহপুৰৰ উত্তৰাঞ্চলৰ ৰাইজে এতিয়া সেই বৈপৰীত্যৰেই বোজা বহন কৰিবলগীয়া হৈছে।
সোলেঙী নৈৰ ওপৰৰ দলংখনৰ দুৰৱস্থাই অঞ্চলটোৰ সামগ্ৰিক যাতায়াত সমস্যাৰ এটা উদাহৰণ মাত্ৰ। গহপুৰৰ উত্তৰাঞ্চলৰ বান বিধ্বস্ত বহু পথৰ অৱস্থাও শোচনীয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। বোকা-পানী, বিধ্বস্ত পথ আৰু অনিশ্চিত যাতায়াতৰ মাজেৰে দৈনন্দিন কাম-কাজ চলাবলগীয়া হৈছে অঞ্চলটোৰ জনসাধাৰণে৷ এফালে উন্নয়নৰ বৃহৎ ঘোষণা, আনফালে বানৰ ফলত ক্ষতিগ্ৰস্ত এখন গুৰুত্বপূৰ্ণ দলঙৰ পাৰ মেৰামতি কৰোঁতেই মাহৰ পাছত মাহ পাৰ হৈ যোৱা—এই পৰিস্থিতিয়ে উন্নয়নৰ প্ৰকৃত অগ্ৰাধিকাৰক লৈ অসন্তুষ্টি বৃদ্ধি কৰিছে। পথ আৰু দলং কেৱল যাতায়াতৰ মাধ্যমেই নহয়; এইবোৰেই শিক্ষা, স্বাস্থ্যসেৱা, ব্যৱসায়-বাণিজ্য আৰু গ্ৰাম্য অৰ্থনীতিৰ জীৱনৰেখা।
এই আন্তঃগাঁথনি বিধ্বস্ত হৈ থকাৰ অৰ্থ হৈছে সমগ্ৰ অঞ্চলটোৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ থকা। এনে মৌলিক সমস্যাৰ সমাধানত দীৰ্ঘসূত্ৰিতা কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে। দুৰ্যোগপীড়িত অঞ্চলৰ পুনৰুদ্ধাৰক অগ্ৰাধিকাৰ দিয়াৰ পৰিৱৰ্তে মেৰামতিৰ কাম অনিশ্চয়তাৰ মাজত এৰি থোৱাৰ অভিযোগে চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ দাবীক দুৰ্বল কৰি তুলিছে। স্থানীয় ৰাইজে সোলেঙী নৈৰ ওপৰৰ ক্ষতিগ্ৰস্ত দলংখনৰ কাৰিকৰী পৰীক্ষা সম্পন্ন কৰি বিজ্ঞানসন্মত পদ্ধতিৰে স্থায়ী মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
লগতে গহপুৰৰ উত্তৰাঞ্চলৰ বান বিধ্বস্ত পথসমূহৰ জৰীপ, অগ্ৰাধিকাৰভিত্তিত মেৰামতি, কাম সম্পূৰ্ণ কৰাৰ নিৰ্দিষ্ট সময়সীমা আৰু সংশ্লিষ্ট বিভাগৰ জবাবদিহিতা নিশ্চিত কৰাৰ দাবীও উত্থাপন হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু জৰুৰী প্ৰয়োজনত যাতায়াত কৰা লোকসকলৰ অসুবিধা দূৰ কৰিবলৈ তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী। স্থায়ী মেৰামতি সম্পূৰ্ণ নোহোৱালৈকে নিৰাপদ বিকল্প যাতায়াতৰ ব্যৱস্থা নিশ্চিত কৰাটোও সংশ্লিষ্ট কৰ্তৃপক্ষৰ অগ্ৰাধিকাৰ হোৱা উচিত। গহপুৰৰ উত্তৰাঞ্চলৰ এই পৰিস্থিতিয়ে এটা কথা স্পষ্ট কৰিছে—উন্নয়নৰ সফলতা ভাষণৰ আড়ম্বৰ, বিজ্ঞাপনৰ প্ৰচাৰ বা প্ৰতিশ্ৰুতিৰ সংখ্যাৰে জুখিব নোৱাৰি।
উন্নয়নৰ প্ৰকৃত পৰিচয় পোৱা যায় বিপদৰ সময়ত জনসাধাৰণে লাভ কৰা সহায়, বিধ্বস্ত আন্তঃগাঁথনিৰ পুনৰুদ্ধাৰ আৰু সাধাৰণ মানুহৰ জীৱন কিমান সহজ হৈছে তাৰ মাজত। সোলেঙী নৈৰ পাৰ খহি যোৱাৰ প্ৰায় তিনি মাহ পাছতো যাতায়াত স্বাভাৱিক নোহোৱাৰ অভিযোগে গহপুৰৰ উত্তৰাঞ্চলত চৰকাৰী ব্যৱস্থাৰ ব্যৰ্থতা আৰু প্ৰশাসনিক শিথিলতাৰ এক হতাশাজনক ছবি দাঙি ধৰিছে। প্ৰতিশ্ৰুতিৰ ফুলজাৰিয়ে ক্ষতিগ্ৰস্ত পথ মেৰামতি কৰিব নোৱাৰাৰ লগতে ভাষণে ছাত্ৰ-ছাত্ৰীৰ দীঘলীয়া যাত্ৰাৰ বোজা কমাব নোৱাৰে আৰু পৰিদৰ্শনে ভগ্ন দলং পুনৰ সচল কৰিব নোৱাৰে৷ গহপুৰৰ উত্তৰাঞ্চলৰ ৰাইজক এতিয়া আৰু উন্নয়নৰ শ্লোগানৰ প্ৰয়োজন নাই।
তেওঁলোকক লাগে মেৰামতি কৰা দলং, চলাচলৰ উপযোগী পথ আৰু নিৰাপদ যাতায়াত। উল্লেখযোগ্য যে -সাম্প্ৰতিক সময়ত পানী কমি অহাৰ বাবে নৈৰ মাজেৰে যাতায়ত অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে। লোক নিৰ্মাণ বিভাগে উক্ত দলংখনৰ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ভুক্তভোগী ৰাইজৰ ধৈৰ্য্যৰ বান্ধ সুলকি পৰিছে। এইক্ষেত্ৰত স্থানীয় ৰাইজে বিধায়ক উৎপল বৰাকো চোকা ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে।
ADVERTISEMENT




























