Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জাপানী প্রতিষ্ঠান ‘জাইকা’ৰ সাহায্যপুষ্ট গুৱাহাটী পানী যোগান আঁচনি নিৰ্মাণৰ ১৩ বছৰৰ পাছতো সম্পূর্ণ নহ’ল। ফলত মহানগৰীৰ অধিকাংশ অঞ্চলত বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজৰ মাজত হাহাকাৰ হৈছে। ইয়াৰ বাবে বহুতে উন্নয়নৰ ঢাক-ঢোল বজাই থকা তথাকথিত ডাবল ইঞ্জিন চৰকাৰকে ৰাইজে দোষাৰোপ কৰিছে। উল্লেখ্য যে বিধানসভাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে প্ৰকাশ কৰা অনুসৰি এই পানী যোগান প্রকল্পত এতিয়ালৈকে ১,৪৫০.৮৭ কোটি টকা ব্যয় হৈছে। ইয়াৰে ১,৪২৫.৯৩ কোটি টকা ‘জাইকা’ৰ ঋণ আৰু ২৪.৯৫ কোটি টকা ৰাজ্য চৰকাৰৰ।
উল্লেখ্য যে জাপানৰ পৰা লোৱা ঋণৰ সূতৰ হাৰ ০.০০১ শতাংশ। বিধানসভাত মন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, দক্ষিণ-মধ্য গুৱাহাটী প্ৰকল্পৰ অধীনত থকা গণেশগুৰি, বেলতলা, হাতীগাঁও, চানমাৰি আদি অঞ্চলৰ ৯৬.৭৫ শতাংশ সম্পূর্ণ হৈছে আৰু ৮৩,৫৬৯টা পৰিয়ালক পানী যোগান ধৰি থকা হৈছে। এই হিচাপত ৬০ শতাংশ লোকে আজিও পানী পোৱা নাই। আনহাতে, উত্তৰ গুৱাহাটী প্রকল্প ৯৫.৭৫ শতাংশ সম্পূর্ণ হৈছে আৰু ১৫ হেজাৰ পৰিয়ালক সামৰি ল’ব।
মন্ত্ৰী ৰয়ে ঘোষণা কৰা অনুসৰি, সমগ্র মহানগৰীত পানী যোগানৰ সময়সীমা অহা ডিচেম্বৰক চূড়ান্ত কৰা হৈছে। ইয়াৰ বিপৰীতে চিটিজেন ইউনাইটেড ফ’ৰাম নামৰ এক সংস্থাৰ মতে, গুৱাহাটীৰ মাত্র ৩৩ শতাংশ পৰিয়ালেহে চৰকাৰী পানী পায়। বাকী ৬৭ শতাংশ পৰিয়ালে পানী যোগানধাৰী টেংকাৰ আৰুনলীনাদৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিবলগীয়া হৈছে। একেদৰে এমডিপিআই শীর্ষক সংস্থাৰ এক অধ্যয়নত কোৱা হৈছে যে সকলো সংস্থা মিলাই মহানগৰীৰ ৪২.৬১ শতাংশ বাসিন্দাকহে পাইপেৰে পানী যোগান ধৰা হৈছে।
উল্লেখ্য যে ২০১২৩ ৩৮৯ কোটি টকা ব্যয় সাপেক্ষে উক্ত পানী যোগান প্ৰকল্পৰ অনুমোদন জনোৱা হৈছিল। সম্প্রতি ইয়াৰ ব্যয় ১,৪৫০ কোটি টকালৈ বৃদ্ধি পাইছে; কিন্তু পাইপ ফুটাৰ ঘটনা অব্যাহত আছে। আনহাতে, দক্ষিণ-পশ্চিম গুৱাহাটীত পানী যোগানৰ বাবে গেমন ইণ্ডিয়াক ৩৮৯ কোটি টকাৰ আবণ্টন দিছিল যদিও সময়মতে কাম সম্পূৰ্ণ কৰিব নোৱৰাৰ বাবে চৰকাৰে এলএগুটি গ্ৰুপক পুনৰ ৩২৪ কোটি টকাৰ আবণ্টন দি কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে।
স্বাভাৱিকতে ১৩ বছৰ ধৰি অপেক্ষা কৰাৰ পাছতো চৰকাৰী পানী যোগান নোপোৱাত ক্ষুব্ধ হৈছে মহানগৰীৰ ৰাইজ। তদুপৰি, যিসমূহ ঠাইত জাইকাৰ পানী যোগান আৰম্ভ হৈছে তাতো নানা সমস্যাৰ উদ্ভৱ হৈছে। দুদিন যদি ঠিকমতে পানী আহে, দুদিন আকৌ পানী আহিব বুলি অপেক্ষা কৰি থাকিব লগা হয়। বিগত এমাহ ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে আকৌ পানীৰ পাইপ ফুটাৰ ঘটনাও সংঘটিত হৈ আছে। ক’ত কেতিয়া পানীৰ পাইপ ফুটি বাট-পথ জলমগ্ন হয় তাৰ ঠিক নাই।
বিগত দুবছৰত আঠবাৰকৈ পাইপ ফুটি জলাকলা খাইছে ৰাইজে। ৰাজগড়, জু-ৰোড, খাৰঘূলি আদি অঞ্চলত পানীৰ পাইপ ফুটি জল বিস্ফোৰণ সংঘটিত হৈছিল। ঘৰৰ বস্তু-বাহানিৰ লগতে জীৱনো হানি হৈছিল। পানীৰ পাইপ ফুটি সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলা মৃত্যুমুখত পৰাৰ লগতে ৪০ জন লোক আহত হৈছিল। তদুপৰি, ৩০টা বাসগৃহৰ বিস্তৰ ক্ষতি হৈছিল। ইয়াৰ পাছতে চৰকাৰে আইআইটি গুৱাহাটীৰ দ্বাৰা ইয়াৰ কাৰণ জানিবলৈ এখন সমিতি গঠন কৰিছিল যদিও এই সমস্যা এতিয়াও অন্ত পৰা নাই। মাথোঁ কিছুদিন পূর্বে মঠঘৰীয়া অঞ্চলত পুনৰ পানীৰ পাইপ ফুটে।
# চৰকাৰৰ সদিচ্ছাৰ অভাৱত হাহাকাৰ
মহানগৰীৰ খোৱাপানী সমস্যাক লৈ বৃহত্তৰ জু-ৰোড উন্নয়ন সমিতিৰ সভাপতি তথা সমাজকর্মী দ্বিজেন ভট্টাচার্যই ক্ষোভ প্রকাশ কৰে যে চৰকাৰৰ সদিচ্ছাৰ অভাৱতে মহানগৰবাসী এই সমস্যাৰ সন্মুখীন হৈছে। বিষয়টো সন্দর্ভত তেওঁ কয়, ‘এইখন চৰকাৰৰ সদিচ্ছাৰ অভাৱ। নহ’লেনো ইমান দিন লাগেনে? এইখন চৰকাৰৰ ১০ বছৰ সম্পূৰ্ণ হৈ গ’ল। পানীৰ বিষয়টোক লৈ ৰাজনীতি কৰিব নালাগে। এটা কোম্পানীয়ে টকা লৈ গ’ল; কিন্তু পানী দিব নোৱাৰিলে।’
আনহাতে, বিভিন্ন অঞ্চলত পানীৰ পাইপ ফুটা সন্দর্ভতো প্রতিক্রিয়া প্রকাশ কৰি ভট্টাচাৰ্যই কয় যে ইয়াক লৈ চৰকাৰে এখন তদন্ত সমিতি গঠন কৰিব লাগে। বহু ঠাইত বেয়া হোৱা পাইপ ব্যৱহাৰ কৰাৰ ফলত এনেদৰে এঠাইৰ পাছত আন ঠাইত পানীৰ পাইপ ফুটি আছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে। এফালে চৰকাৰে কৃত্রিম বান ৰোধ কৰিব পৰা নাই আৰু আনফালে খোৱাপানী যোগান ধৰিব পৰা নাই বুলি তেওঁ বিষোদগাৰ প্রকাশ কৰে।
একেদৰে গুৱাহাটী ভূমি পট্টা দাবী সমিতিৰ সভাপতি প্ৰণৱজ্যোতি কলিতাই কয়, ‘আমি চৰকাৰৰ বিভিন্ন কাম-কাজৰ সমালোচনা কৰি আহিছো; কিন্তু এইখন চৰকাৰে জনসাধাৰণক এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিব পৰা নাই। বছৰ বছৰ ধৰি কামহে কৰি আছে; কিন্তু ৰাইজ উপকৃত হ’ব পৰা নাই।’
আনহাতে, পাহাৰৰ বহু অঞ্চলত পানীৰ পাইপৰ সংযোগ দিয়া নাই বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে চাব লাগে বুলি মতপোষণ কৰে। ইপিনে, ছেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ সম্পাদক কৈলাশ শর্মাই কয় যে ১৩ বছৰ পাৰ হৈ যোৱাৰ পাছতো মহানগৰবাসীয়ে এতিয়াও পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাটো অতি লজ্জাজনক কথা।
ইমান কোটি কোটি টকা ব্যয় কৰাৰ পাছতো কি কাৰণত কামটো সম্পূৰ্ণ হোৱা নাই এই বিষয়ত চৰকাৰে ৰাইজক জনাব লাগে বুলি শৰ্মাই মন্তব্য কৰে। এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক ফোনত বহুবাৰ যোগাযোগ কৰিবলৈ চেষ্ট কৰা হৈছিল যদিও যোগাযোগ কৰিব পৰা নগ’ল। একেদৰে কামৰূপ মহানগৰৰ জিলা আয়ুক্তৰ স’তেও বিষয়টো সন্দর্ভত জানিবলৈ যোগাযোগ কৰি সদুত্তৰ পোৱা নগ’ল।
ADVERTISEMENT






























