দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চীনৰ জ্যোতির্বিজ্ঞানীসকলে শেহতীয়াভাৱে সৌৰজগতৰ বাহিৰত তিনিটা নতুন গ্রহ আৱিষ্কাৰ কৰিছে। চীনা বিজ্ঞানীৰ এই আবিষ্কাৰে পৃথিৱীৰ ভৱিষ্যতক লৈ কেতবোৰ প্ৰশ্নৰো অৱতাৰণা কৰিছে। কাৰণ এই আৱিষ্কাৰে একোটা বয়স বৃদ্ধি পোৱা নক্ষত্ৰসমূহৰ চাৰিওকাষে সৃষ্টি হোৱা গ্রহ সম্পর্কত বর্তমানে প্রচলিত ধাৰণাক প্রত্যাহ্বান জনাইছে।
উল্লেখ্য যে সূর্য লেখীয়াকৈ অধিকাংশ নক্ষত্রই হাইড্ৰ’জেনৰ পাৰমাণৱিক সংযোজন ঘটাই হিলিয়ামত পৰিণত কৰি পোহৰ আৰু তাপ সৃষ্টি কৰে। নক্ষত্ৰৰ এই তাপ আৰু পোহৰ সৃষ্টি হয়। নক্ষত্ৰসমূহৰ মূল স্তৰত থকা হাইড্ৰ’জেনৰ এনে সংযোজন ঘটে। কিন্তু যেতিয়া একোটা নক্ষত্ৰৰ মূল স্তৰত হাইড্ৰ’জেনৰ পৰিমাণ শেষ হয় নক্ষত্ৰটোৰ নাটকীয় প্ৰসাৰণ ঘটি একোটা ‘ৰঙা দৈত্য’ত পৰিণত হয়।
এনে অৱস্থাত একোটা নক্ষত্ৰৰ আকাৰ লাখ লাখ বা কোটি কোটি গুণে বৃদ্ধি পায়। ফলত সংশ্লিষ্ট নক্ষত্ৰৰ নিকটৱৰ্তী গ্রহসমূহৰ ভবিষ্যৎ অন্ধকাৰ হৈ পৰে। কাৰণ নক্ষত্ৰটোৰ আকাৰ বৃদ্ধি পোৱাৰ ফলত এনে গ্রহসমূহ তাৰ বক্ষত বিলীন হোৱাৰ আশংকা থাকে। যেতিয়া একোটা নক্ষত্র এনে অৱস্থাত উপনীত হয় তেতিয়া নিকটৱৰ্তী গ্রহসমূহত জোৱাৰৰ শক্তি বৃদ্ধি পায়।
যেতিয়ালৈকে সংশ্লিষ্ট গ্রহসমূহ নক্ষত্ৰটোৰ বক্ষত বিলীন নহয় তেতিয়া জোৱাৰ অব্যাহত থাকে বুলি চীনৰ য়ুনান বিশ্ববিদ্যালয়ৰ স্কুল অব ফিজিক্স এণ্ড এষ্ট্র’নমীৰ অধ্যাপক কিয়ান শ্বেংনবাঙে মন্তব্য কৰিছে।
বিজ্ঞানীজনৰ মতে, চীনা বিজ্ঞানীসকলে শেহতীয়াভাবে সৌৰজগতৰ বাহিৰত তিনিটা গ্রহ আৱিষ্কাৰেও পৃথিবীকে ধৰি বিভিন্ন গ্রহ-উপগ্রহ ভৱিষ্যতে কেনে বিপদৰ সন্মুখীন হ’ব সেয়াও ব্যাখ্যা কৰিছে। বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে এই তিনিটা গ্রহই ৰঙা ‘দৈত্য’ দশাৰ মাজেৰে পাৰ হৈছে।
সম্প্রতি গ্রহকেইটা হিলিয়াম-জ্বলনৰ মূল দশাত উপনীত হৈছে। এই পর্যায়তে গ্রহ তিনিটা সংশ্লিষ্ট নক্ষত্ৰত বিলীন হোৱাৰ আশংকা আছে। এই তিনি গ্ৰহৰ আৱিষ্কাৰে এই কথাও নিশ্চিত কৰিছে যে এদিন পৃথিৱীকে ধৰি বহু গ্ৰহ-উপগ্রহ সংশ্লিষ্ট নক্ষত্ৰৰ বুকুত হেৰাই যাব। অৱশ্যে ইয়াৰ মাজতো ‘সৌভাগ্যবান’ একোটা গ্রহ একে অৱস্থাত বৰ্তি থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিজ্ঞানী কিয়ানে।
অৱশ্যে তেওঁ কয়, ‘অতীতত আমি মাথোঁ এটা গ্রহহে বৰ্তি থকাৰ তথ্য উদ্ধাৰ কৰিছো। ইয়াক সুবিধাবশতঃ হোৱা পৰিঘটনা আখ্যা দিব পাৰি।’ সম্প্ৰতিসকলে ধাৰণা কৰিছে বিজ্ঞানীসকলে পৰৱৰ্তী কে’বাশ কোটি বছৰৰ পাছত সূর্য ‘ৰঙা দৈত্য’ দশাত উপনীত হ’ব। এনে অৱস্থাত ইয়াৰ গ্ৰহ-উপগ্রহসমূহ নিশ্ছিন্ন হোৱাৰ আশংকা আছে।






























