HormuzStrait : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ওমানৰ উপকূলৰ সমীপত হৰমুজ প্ৰণালীত পুনৰ আক্ৰমণৰ ঘটনা। তেলবাহী টেংকাৰত এটাৰ পাছত এটাকৈ বোমা বিস্ফোৰণৰ ফলত নতুনকৈ উত্তেজনাৰ সৃষ্টি হৈছে। আক্ৰমণৰ দায়িত্ব স্বীকাৰ নকৰিলেও ইৰানৰ ৰেভলিউশ্যনেৰী গাৰ্ড বাহিনীয়ে জনাইছে যে অবৈধ পথেৰে টেংকাৰকেইখনে যাতায়াতৰ চেষ্টা কৰিছিল। তাৰ পিছতেই সেইকেইখনত আক্ৰমণ কৰা হয়।
শুকুৰবাৰে আক্ৰমণৰ সন্মুখীন হোৱা পানামাৰ পতাকাবাহী টেংকাৰ আৰু বৃহস্পতিবাৰে আক্ৰমণৰ সন্মুখীন হোৱা লাইবেৰিয়াৰ পতাকাবাহী জাহাজখনত ভাৰতীয় নাৱিক আছিল। তেওঁলোক নিৰাপদে আছে। অৱশ্যে, হৰমুজত এই জাহাজকেইখনত নতুন কৌশলেৰে আক্ৰমণ চলোৱা হৈছে। দূৰৰ পৰা বোমা নিক্ষেপ কৰা হোৱা নাছিল। বৰঞ্চ, ওচৰলৈ গৈ জাহাজৰ গাত বোমা লগাই থৈ অহা হৈছিল।
এই নতুন ধৰণৰ আক্ৰমণে পৰ্যবেক্ষকসকলৰ উদ্বেগ অধিক বৃদ্ধি কৰিছে। কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনোৱা অনুসৰি, পানামাৰ পতাকাবাহী জাহাজ এমটি লুইছ ১-ত মুঠ ২৭গৰাকী ভাৰতীয় নাৱিক আছিল।
শুকুৰবাৰে জাহাজখনত বোমা বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সৃষ্টি হয়। তাৰ আগদিনা লাইবেৰিয়াৰ পতাকাবাহী এখন জাহাজত একে কৌশলেৰে আক্ৰমণ চলোৱা হৈছিল। সেই জাহাজখনত দুগৰাকী ভাৰতীয় নাৱিক আছিল। মুঠ ২৯গৰাকী নাৱিকেই বৰ্তমান নিৰাপদে আছে। কোনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই। তেওঁলোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে।
হৰমুজত নতুন পদ্ধতিৰে চলোৱা আক্ৰমণত ‘লিম্পেট মাইন’ ব্যৱহাৰ কৰা হৈছে। অভিযোগ অনুসৰি, এইক্ষেত্ৰত সৰু নাওৰে আহি দুৰ্বৃত্তই জাহাজৰ গাত এটাৰ পিছত এটাকৈ দুটা বোমা লগাই থৈ যায়। কিছু সময়ৰ পিছতেই সেইবোৰ বিস্ফোৰিত হয় আৰু জাহাজকেইখনত জুই লাগে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সামুদ্ৰিক অভিযানত শত্ৰুপক্ষৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ব্ৰিটিছ বাহিনীয়ে এই ধৰণৰ বোমা ব্যৱহাৰ কৰিছিল।
পশ্চিম এছিয়াৰ জলসীমাত প্ৰথমবাৰৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হৈছিল ২০১৭ চনত। আন বোমাৰ তুলনাত এইবোৰৰ দাম কম আৰু কাৰ্যক্ষমতা অধিক হোৱাৰ বাবে জলপথত যিকোনো সংঘাতৰ সময়ত এই ধৰণৰ বোমা ব্যৱহাৰ কৰা হয়।
হৰমুজত বাণিজ্যিক জাহাজত এই ধৰণৰ আক্ৰমণক লৈ নতুন দিল্লীয়ে বাৰে বাৰে উদ্বেগ প্ৰকাশ কৰি আহিছে। সকলো পক্ষকে শীঘ্ৰে আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে সমস্যাটোৰ সমাধানৰ আহ্বান জনোৱা হৈছে। কিন্তু তাৰ পিছতো উত্তেজনা হ্ৰাস পোৱা নাই।
যোৱা ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ যৌথ বাহিনীয়ে ইৰানত আক্ৰমণ চলোৱাৰ পিছৰে পৰা পশ্চিম এছিয়াত সংঘাত অব্যাহত আছে। ইৰানে হৰমুজ প্ৰণালী অৱৰোধ কৰাৰ আহ্বান জনাইছে। ইয়াৰ প্ৰত্যুত্তৰত ইৰানলৈ অহা-যোৱা কৰা জাহাজৰ ক্ষেত্ৰত হৰমুজত অৱৰোধ চলাইছে মাৰ্কিন সেনায়ো। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত এই জলপথ অতি গুৰুত্বপূৰ্ণ। এই অঞ্চলত সংঘাতৰ ফলত বিশ্বৰ বজাৰতো ইন্ধনৰ দাম বৃদ্ধি পাইছে।





























