দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৩০ অক্টোবৰৰ দিনা মাত্র এমুঠিমান সামাজিক মাধ্যমৰ বাৰ্তা, বিবৃতিতে সীমাবদ্ধ হৈ ৰ’ল দেশ কঁপোৱা ২০০৮ৰ ৩০ অক্টোবৰৰ ৰাজ্যৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ সোঁৱৰণ। মহানগৰীৰ গণেশগুৰি, পাণবজাৰকে ধৰি কোকৰাঝাৰ, বঙাইগাঁৱৰ মুঠ নটা স্থানত অধুনালুপ্ত উগ্রপন্থী সংগঠনৰ ধাৰাবাহিক বোমা বিস্ফোৰণত কমেও ৮১ জন নিহত হৈছিল আৰু প্রায় পাঁচশ লোক আহত হৈছিল। অসমৰ ইতিহাসৰ এই ক’লা আৰু শোকাৱহ অধ্যায়ে বহু নিৰীহৰ জীবন হৰি নিয়াই নহয়, থানবান কৰি পেলালে শশ পৰিয়াল।
এই বোমা বিস্ফোৰণৰ নৃশংসতা, আতংক আৰু ভয়াৱহতা প্রত্যক্ষ কৰিছিল গণেশগুৰি চাৰিআলিয়ে। আজিও গণেশগুৰি উৰণ সেতুৰ তলত মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি অহা ভূখৰ বৰ্মন, বিপুল বর্মন আৰু পৰেশ পাটোৱাৰীৰ দৰে সাধাৰণ লোকসকলে বুকুত কঢ়িয়াই ফুৰিছে সেই ভয়াৱহ দিনটোৰ আতংক, দুখ-বেদনা আৰু ক্ষোভ। এই দুখ-বেদনা আজি অধিক অসহনীয় অনুভূত হয় যেতিয়া এনে দিনৰ সোঁৱৰণ পাহৰণিৰ গৰ্ভলৈ যায়।
গণেশগুৰি চাৰিআলিৰ ফ্লাইঅভাৰৰ তলত ৩০ অক্টোবৰৰ অভিশপ্ত দিনটোত শাক-পাচলি, ফুলৰ বীজ-পুলি আদিৰ সৰু সৰু দোকান লৈ বহি আছিল নলবাৰীৰ বেলশৰৰ ভূধৰ বৰ্মন আৰু বিপুল বর্মনে। পুৱাৰ বজাৰে প্ৰাণ পাইছিল মাত্র। মহানগৰীৰ এক ব্যস্ত অঞ্চল গণেশগুৰিত শীতকালৰ শাক-পাচলিৰ বীজ-পুলি বিক্ৰী কৰিবলৈ উদগ্রীৱ হৈ গ্রাহকলৈ বাট চাই থাকোতে মুহূৰ্তৰ ভিতৰতে প্রচণ্ড শব্দৰে জীৱনলৈ নামি আহিল আন্ধাৰ।
শুকুৰবাৰে এই কথাবোৰ মানুহে-চৰকাৰে পাহৰিলে নেকি বুলি তেওঁলোকৰ অনুভৱ হৈছে। কালিৰ দিনটোতে গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলত, ফুটপাথৰ ওপৰত শাক-পাচলি, ফুলৰ বীজ-পুলি তথা জলকীয়া, আমলখি আদি বতৰৰ ঘৰুৱা ফল বিক্ৰী কৰা এইসকল সমাজৰ অতি সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰ ক্ষুদ্র বেপাৰীয়ে ‘দৈনিক অগ্রদূত’ক কয়, ‘৩০ অক্টোবৰৰ কথা সকলোৱে পাহৰিলে। কিমান মানুহ মৰিল। কাৰো খবৰে নাই। কিনো ক’ম আৰু!’
ভয়াৱহতাৰ কথা সুঁৱৰি গণেশগুৰি চাৰিআলিৰ শাক-পাচলিৰ, ফুলৰ বীজ-পুলি বিক্ৰী কৰা ভূধৰ
বৰ্মনে কয়, ‘২০০৮ৰ ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ পাছত কি হৈছিল মোৰ একো মনত নাই। আজি দেখোন ইয়াত একোরে নাই, নাই শ্রদ্ধাঞ্জলি। মাজে মাজে কথাবোৰ মনলৈ আহি থাকে। সেই দিনবোৰৰ কথা মনত পৰিলে মনটো বেয়া লাগে।’
ঘটনাৰ দিনা ভূধৰে বিপুল বৰ্মনৰ ওচৰতে বহি শাক পাচলি, ফুলৰ বীজ-পুলি এজন গ্রাহকক বিক্রী কৰিছিল। তেওঁ কয়, ‘সেইদিনা মই গ্রাহকজনক কেইটামান পুলি বেছিকৈ দিছিলো। ইয়াৰ পাছতে প্রচণ্ড শব্দ হ’ল, মই ছিটিকি পৰিলো, কোনোবাই মোক হাস্পতাললৈ লৈ গ’ল। তাৰ পাছত একো গ’ম নাপাওঁ।’
এই ঘটনাৰ পাছতে বিপুল, ভূধৰ, পৰেশহঁতৰ জীৱনৰ ছন্দ হেৰাই গ’ল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এমাহতকৈ অধিক চিকিৎসাধীন হৈ থকাৰ পাছত তেওঁলোক বেলশৰ-চামতাৰ ঘৰলৈ গুচি যায়। শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱা এইসকল সাধাৰণ শ্ৰেণীৰ বেপাৰী সুস্থ জীৱনলৈ উভতি আহোতে কমেও এটা বছৰ লাগিল। সেই সময়ছোৱাত জীৱিকাৰ কোনো সম্বল নাছিল তেওঁলোকৰ। ভয়াৱহ বিস্ফোৰণৰ প্ৰাণ বচাটোৱে তেওঁলোকৰ বাবে যেন পুৰস্কাৰ আছিল। পৰেশ পাটোৱাৰীৰ দুয়ো কাষে থকা দুজন বেপাৰীয়ে এই বোমা বিস্ফোৰণত প্রাণ হেৰুৱাইছিল।
পৰেশ পাটোৱাৰীয়ে কয়, ‘মোৰ দুই কাষে বহা পবিত্ৰ কলিতা আৰু দাসৰ মৃত্যু হ’ল। আমাৰ প্ৰাণ বাচিল যদিও জীৱনটো কোঙা হ’ল। মই আগতে বজাৰৰ এক নম্বৰ ছিটত বহিছিলো, এতিয়া ফুটপাথত দোকান দিওঁ। ছিটত বহিলে পইচা দিব লাগে। মোৰ সেই সম্বল এতিয়া নাই।’ তেওঁ পুনৰ কয়, ‘ফ্লাইঅভাৰৰ তলত বোমাটো ফুটিল। মই মন্দিৰৰ তলত আছিলো। মোৰ কাষৰ দুজনৰ মৃত্যু হ’ল। মোৰ সৰ্বশৰীৰ তেজৰে ৰাঙলী হৈছিল। ঘৰৰ মানুহে মই মৰিলো বুলি গম পাইছিল। বিস্ফোৰণত ৰাস্তাৰ সিটো পাৰৰ পৰা গাড়ী-মানুহ ছিটিকি আমি থকাৰ ফালে আহিল। বহু অট’চালকৰ মৃত্যু হ’ল। গাড়ীত থকা বহু মানুহৰ মৃত্যু হ’ল। মোৰ লগৰ দুই-তিনিজনৰো মৃত্যু হ’ল।’
তেওঁ পুনৰ কয়, ‘চৰকাৰে আমাৰ মুখলৈ যদি চালে হয়। এইদৰে ফুটপাথত থাকিবলগীয়া হৈছে। কেতিয়াবা বিক্রী হয়, কেতিয়াবা নহয়। একো সুবিধাই নিদিলে চৰকাৰে। ক্ষতিপূৰণৰ যি ৫০ হেজাৰ টকা দিছিল, সেয়া চিকিৎসাৰ বাবদ শেষ হ’ল। আমাক কিবা সুবিধা কৰি দিলে ভাল আছিল।’
তেওঁলোকে কয় যে প্রায় এটা বছৰ চিকিৎসালয়লৈ অহা-যোৱা কৰোতেই সময় অতিবাহিত হৈছিল। জীবিকাও স্তব্ধ হৈ পৰিছিল। সময় বাগৰাৰ লগে লগে পুনৰ মনত বল বান্ধি গণেশগুৰিৰ উৰণসেতুৰ তললৈ আহিছিল যদিও আতংকৰ দিনৰ ছবি মনৰ পৰা মচিব পৰা নাই। আজিৰ দিনটো আহিলেই শোক-বেদনাৰে মন আগুৰি ধৰে।
বিস্ফোৰণত প্রাণ হেৰুওৱা একাংশৰ আত্মীয়ই আজি ১৮ বছৰৰ পাছতো আপোনজনক হেৰুওৱাৰ বেদনা পাহৰিব পৰা নাই বুলি কয়। গণেশগুৰিৰ উৰণসেতুৰ তলত আজি চাকি জ্বলাবলৈ অহা এনে আত্মীয়ই ন্যায়ৰ প্ৰক্ৰিয়া দীঘলীয়া হোৱা বুলিও ক্ষোভ প্রকাশ কৰে। ঘটনাৰ একাংশ ভুক্তভোগী-জীৱন্ত সাক্ষী আৰু আত্মীয়ই ক্ষোভেবে কয় যে তেওঁলোকৰ দৰে সাধাৰণ নিৰীহৰ জীৱন ধ্বংস কৰাৰ বাবে দায়ী সকলে আজি কিন্তু উপযুক্ত শাস্তি নাপালে। তেওঁলোক পুৰস্কৃতহে হ’ল বুলি একাংশই ক্ষোভ প্রকাশ কৰে। আনহাতে, গণেশগুৰিৰ বোমা বিস্ফোৰণস্থলী আজিৰ দিনটোতো চাফ-চিকুণ নকৰা বুলিও ক্ষোভ প্রকাশ কৰিছে। মূল স্মৃতি বেদী অথবা গণেশগুৰি অঞ্চলত কোনো ধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰাটো দূৰৰে কথা, সেই স্থান আজিৰ দিনটোতো অবহেলিত হৈ থকাৰ অভিযোগ উঠিছে। ভয়াৱহ বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত নিৰ্মাণ কৰা বেদী অপৰিচ্ছন্ন অৱস্থাত থকাত ক্ষোভ প্রকাশিত হৈছে।
গুৱাহাটী উকীল সন্থাই শোকসভাৰ আয়োজন চিজেএম আদালতত কৰাৰ বিপৰীতে গণেশগুৰি হৈ ৰ’ল অৱহেলিত। প্রশাসনে কিয় এই ক’লা দিন পাহৰিলে বুলি প্রশ্ন উঠিছে। আজিৰ দিনটোত নীৰৱ হৈ থাকি কোনো অনুষ্ঠানৰ আয়োজন নকৰি বিভীষিকাৰ সেই অধ্যায়ক মচিবলৈ চেষ্টা কৰা হৈছে নেকি বুলিও চর্চা হৈছে।
উল্লেখ্য যে ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ মূল অভিযুক্ত অধুনালুপ্ত এনডিএফবি নেতা ৰঞ্জন দৈমাৰীক ২০১০ত গ্ৰেপ্তাৰ কৰা হয়। ২০১৮ৰ জানুৱাৰীত গুৱাহাটীৰ বিশেষ আদালতে তেওঁৰ লগতে কে’বাজনো অভিযুক্তক ধাৰাবাহিক বিস্ফোৰণত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে। ইপিনে, ২০২২ৰ ছেপ্টেম্বৰত দৈমাৰী আৰু তেওঁৰ ছয় সহযোগীৰ এই শাস্তি বাহাল ৰখাৰ বিপৰীতে আন চাৰিজনক মুকলি কৰি দিয়ে। এই ভয়াৱহ বিস্ফোৰণৰ ন্যায়িক প্রক্রিয়াই নিজস্ব দিশত গতি কৰি সমাপ্তিলৈ আহিবলৈ সক্ষম হয় যদিও বিস্ফোৰণৰ ভয়াৱহতা আদালত কক্ষৰ বাহিৰত আজিও এটুকুৰা কটা ঘাৰ দৰেই সজীৱ হৈ আছে।
যিসকলে প্রাণ হেৰুৱালে তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু যিসকলৰ জীৱন ৰক্ষা পৰিল, তেওঁলোকৰ বহুতৰে শৰীৰ পংগু হ’ল, হেৰুৱালে জীৱন-জীৱিকা। অহৰহ মানসিক বিহ্বলতাত জীৱন কটাইছে এইসকল ভুক্তভোগীয়ে। ১৮ বছৰৰ দীঘলীয়া সময়ৰ পাছতো এই ঘটনা যিসকলে নিজ চকুৰে প্ৰত্যক্ষ কৰিলে তেওঁলোকৰ বাবেও এই দুঃসময়ৰ অন্ত নাই। অসমৰ ইতিহাসত ক’লা অধ্যায়ৰূপে চিহ্নিত হৈ ধাৰাবাহিক বিস্ফোৰণৰ সাক্ষী গণেশগুৰি চাৰিআলিত আজিৰ দিনটোত উৰণীয়া সেতুৰ তলৰ স্থানত চৰকাৰ-প্রশাসনে কোনো ধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন নকৰিলে। উৰণ সেতুৰ তলত থকা বেদীত নিৰীহ লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অর্পণ কৰি একাংশই সন্ধিয়া বন্তি প্রজ্বলন কৰে।
পুৱাৰ ভাগত স্থানীয় অট’চালকে কেইগছিমান বন্তি-মম প্রজ্বলন কৰে। আনহাতে, বোমা বিস্ফোৰণ সংঘটিত হোৱা কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অধিবক্তাসকলে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। ৰাজ্যৰ আন কিছুমান ঠাইতো এইদৰে সাধাৰণ লোকে শ্রদ্ধাঞ্জলি অর্পণ কৰে। ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত এক বাৰ্তাৰ জৰিয়তে অভিশপ্ত দিনটোত প্ৰাণ হেৰুওৱাসকলৰ বেদীত শ্রদ্ধাঞ্জলি অর্পণ কৰে।





























