MahatmaGandhi : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভার্জিনিয়াস্থিত নিজ ভূমি ঘূৰাই পালে মহাত্মা গান্ধীৰ আত্মীয়ই। এই ভূমি ঘুৰাই পাবলৈ অৱশ্যে গান্ধীৰ আত্মীয়ই ২০ মাহ ধৰি আইনী যুঁজ কৰিবলগীয়া হয়।
এই ভূমিৰ মালিকীস্বত্ব গান্ধীৰ নাতি প্রয়াত কানু গান্ধী আৰু তেওঁৰ পত্নী শিৱা গান্ধীৰ নামত আছে। ভার্জিনিয়াৰ বাৰেন কাউন্টিৰ শেনানড’ৱাহ পাৰ্কৰ লগালগিকৈ আছে তেওঁলোকৰ এই ৩০ একৰ ভূমি।
১৯৮৭ত গান্ধীৰ নাতিয়ে এই ভূমি ক্রয় কৰিছিল। পৰৱৰ্তী সময়ত ভূমিডোখৰ বেদখলৰ কৱলত পৰে। কানু গান্ধীৰ বিয়োগৰ পাছত তেওঁৰ পত্নীয়ে এই ভূমিক লৈ এক দাতব্য ন্যাস স্থাপন কৰে। জীৱনৰ অন্তিম সময়ত দক্ষিণ ছুৰাটত বাস কৰিবলৈ লোৱা গান্ধীৰ নাতিয়ে এই ন্যাসলৈ ভূমি হস্তান্তৰ কৰে।
উক্ত ন্যাসৰ পৰিচালনা ন্যাসীৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ছুৰাটৰ পৰিমল দেশায়ে। বেদখলৰ কৱলত পৰা এই ভূমি উদ্ধাৰৰ বাবে দেশায়ে আমেৰিকা যুক্তৰাষ্ট্ৰত আইনী যুঁজ আৰম্ভ কৰে। অৱশেষত কিছুদিন পূর্বে আদালতে এই ভূমি মোকলাই দিবলৈ বেদখলকাৰীলৈ নিৰ্দেশ জাৰি কৰে। ভূমিডোখৰ ভার্জিনিয়াৰ এজন বাসিন্দাই বেদখল কৰিছিল।
এই সম্পর্কত পৰিমল দেশায়ে কয়, ‘২০২৫ৰ ১০ জানুৱাৰীত মার্কিন নাগৰিক গ্ৰেগৰী ব্লেকে মোৰ গৃহলৈ এখন আইনী জাননী জাৰি কৰে। ব্লেকে এই ভূমি তেওঁৰ বুলি দাবী কৰে। কিন্তু তেওঁ আদালতত মালিকীস্বত্ব প্রমাণত ব্যর্থ হয়। সেই সূত্রে আমি ভূমি ঘূৰাই পাইছো।’
উল্লেখ্য যে ২০১৩ত কানু গান্ধী আৰু শিৱা গান্ধী ভাৰতলৈ ঘূৰি আহে। তেওঁলোকে জীৱনৰ অন্তিম সময় দক্ষিণ ছুৰাটত পাৰ কৰে। ২০১৬ৰ নৱেম্বৰত কানু গান্ধীৰ মৃত্যু হয়। তেওঁৰ ইচ্ছাপত্র অনুসৰি, তেওঁৰ সম্পত্তি পত্নী শিৱা গান্ধীলৈ হস্তান্তৰ হয়। পৰৱৰ্তী সময়ত ২০১৮ত শিৱা গান্ধীয়ে এটা দাতব্য ন্যাস গঠন কৰে। ২০২০৩ তেওঁৰো মৃত্যু হয়।
তেওঁৰ ইচ্ছাপত্র অনুসৰি, উক্ত ন্যাসৰ পৰিচালনা ন্যাসীৰ দায়িত্ব গ্রহণ কৰে পৰিমল দেশাই। দুবছৰ পূৰ্বে অর্থাৎ ২০২৪ত দেশায়ে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হৈ ভার্জিনিয়াৰ ভূমি পৰিদৰ্শন কৰে।
তেতিয়া তেওঁ চাৰি হেজাৰ পাঁচশ ডলাৰ ব্যয়ৰে এই ভূমিৰ এক জৰীপ সম্পন্ন কৰে। এই কথা সদৰী কৰি দেশায়ে লগতে কয়, ‘ভূমিডোখৰ বেদখলকাৰীৰ পৰা উদ্ধাৰৰ উদ্দেশ্য মই মার্কিন আৰু ভাৰতত কৰ্মৰত অধিবক্তা নিয়োগ কৰো। ব্লেকৰ দাবী সত্যাসত্য নিৰূপণৰ উদ্দেশ্যে মই কৃত্রিম বুদ্ধিমত্তাৰ আশ্রয় লওঁ। অৱশেষত আদালতত যোৱা আঠ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ চূড়ান্ত বিচাৰ চলে। আদালতে ৰায়দান কৰে যে এই ভূমি মহাত্মা গান্ধীৰ নাতি কানু গান্ধী আৰু তেওঁৰ পত্নীয়ে ন্যাসৰ নামলৈ হস্তান্তৰ কৰিছে।’
মহাত্মা গান্ধীৰ দৰ্শন প্ৰচাৰৰ উদ্দেশ্যৰে উক্ত ন্যাস গঠন কৰা হৈছে বুলি দেশায়ে উল্লেখ কৰে।






























