CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দিল্লীত দেওবাৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে ককৰচ জনতা পাৰ্টি (চিজেপি)য়ে। দলটোৰ মুৰব্বী অভিজিৎ দীপকে শনিবাৰেই স্পষ্ট কৰি দিছে যে তেওঁলোকে পোনপটীয়াকৈ ৰামলীলা ময়দানৰ প্ৰতিবাদত অংশগ্ৰহণ নকৰে। কাৰণ, তেওঁলোক কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। অৱশ্যে, যি কাৰণত এই প্ৰতিবাদৰ আয়োজন কৰা হৈছে, সেই বিষয়টোক তেওঁলোকে সমৰ্থন কৰে। দেওবাৰৰ কাৰ্যসূচীৰ সফলতা কামনা কৰিছে দীপকে।
পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তেওঁৰ দলৰ সাংসদ অভিষেক বেনাৰ্জী শনিবাৰেই দিল্লীত উপস্থিত হৈছে। দেওবাৰে ‘ইণ্ডিয়া’ৰ কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব। তাৰ পূৰ্বে নিশা দিল্লীত মমতা বেনাৰ্জীক সাক্ষাৎ কৰে দীপকে। ইয়াৰ পিছতে ৰামলীলা ময়দানৰ কাৰ্যসূচীত চিজেপিৰ স্থিতি স্পষ্ট কৰে তেওঁ।
তেওঁ কয়, ‘‘আমি প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন কৰিছোঁ। প্ৰতিবাদকাৰীসকলৰ কাষত আছোঁ। কিন্তু চিজেপি এটা স্বতন্ত্ৰ সংগঠন, নিৰপেক্ষ মঞ্চ। আমি ইয়াক তেনেদৰেই ৰাখিব বিচাৰোঁ। ভোট চুৰিৰ বিৰুদ্ধে যিয়েই যুঁজ দিব, আমি তেওঁলোকক সমৰ্থন কৰিম।’’
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আৰু ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (এছআইআৰ) বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছে ‘ইণ্ডিয়া’। ৰামলীলা ময়দানত তেওঁলোকৰ আহ্বানত দেওবাৰে পুৱতি নিশাৰ পৰাই সমাৱেশ আৰম্ভ হৈছে।
ৰাহুল গান্ধীকে ধৰি বিৰোধী নেতাসকলে দিনৰ ভাগত কনট প্লেচৰ পৰা সমদল কৰি প্ৰতিবাদস্থলীলৈ যাব। ইয়াৰ বাবে ৰাজধানীৰ পথসমূহত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে দিল্লী আৰক্ষীয়ে। ১০ হাজাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে। পথত বেৰিকেড স্থাপন কৰাৰ লগতে ২৫০টাতকৈও অধিক চিচিটিভি কেমেৰা লগোৱা হৈছে।
উল্লেখ্য যে জ্ঞানেশৰ পদত্যাগৰ দাবীত দিল্লীত আন্দোলন আৰম্ভ কৰিছিল চিজেপিয়েই। তেওঁলোকৰ কাৰ্যসূচীক সমৰ্থন জনাই কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহেও প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। অৱশ্যে, দেওবাৰে ‘ইণ্ডিয়া’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে ক্ৰ’ক’চসকলৰ অৰাজনৈতিক আৰু নিৰপেক্ষ ভাবমূৰ্তি নষ্ট হ’ব পাৰে বুলি আশংকা কৰিছে দীপকেসকলে।
দলটোৰ আন দুগৰাকী শীৰ্ষ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা কিছুদিন পূৰ্বে কাৰাগাৰলৈ গৈছিল। বৰ্তমান তেওঁলোক জামিনত মুক্ত হৈ আছে। দুয়োগৰাকীৰ ওপৰত শান্তি বজাই ৰখাৰ চৰ্ত আৰোপ কৰা হৈছে। দীপকেও নিজে এই চৰ্তৰ বণ্ডত স্বাক্ষৰ কৰিছে বুলি জানিব পৰা গৈছে।
বহুতৰে মতে, দেওবাৰে বিৰোধীৰ সমদলত অংশগ্ৰহণ কৰিলে তেওঁলোকৰ বিৰুদ্ধে আইনী জটিলতাৰ সৃষ্টি হ’ব পাৰে। অৱশ্যে, আইছাৰ নেত্ৰী নেহা বৰাই ‘ইণ্ডিয়া’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জনাইছে।






























