GovernmentJobs : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চাকৰিপ্ৰাৰ্থীসকলৰ বাবে সুখবৰ। চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা (Age Limit for Govt Jobs) আৰু বৃদ্ধি কৰা হৈছে। চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি কৰা হৈছে।
ৰাজ্যবাসীৰ বাবে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে (CM C Joseph Vijay)।
থালাপতি বিজয়ে জনাইছে যে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক চৰকাৰী চাকৰিত আবেদন কৰাৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বসীমাত পাঁচ বছৰৰ ৰেহাই দিয়া হৈছে। বয়সৰ ঊৰ্ধ্বসীমাৰ এই ৰেহাই পৰৱৰ্তী পাঁচ বছৰৰ বাবে কাৰ্যকৰী হৈ থাকিব।
শেহতীয়াকৈ ৰাজ্যখনৰ চৰকাৰী চাকৰিপ্ৰাৰ্থীসকলৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীৰ স’তে সাক্ষাৎ কৰিছিল। তাৰ পাছতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৰ্তমানৰ বয়সৰ ঊৰ্ধ্বসীমাৰ ওপৰত আৰু পাঁচ বছৰৰ ৰেহাই দিয়া হ’ব।
গ্ৰুপ-১ সেৱাৰ ক্ষেত্ৰত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়সৰ সৰ্বোচ্চ সীমা আছিল ৩২ বছৰ। সংৰক্ষিত বা ৰিজাৰ্ভ শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বসীমা আছিল ৩৭ বছৰ। চৰকাৰৰ তৰফৰ পৰা আৰু পাঁচ বছৰৰ ৰেহাই দিয়াৰ ফলত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৩৭ বছৰ বয়সলৈকে আৰু সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৪২ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। বিশেষভাৱে সক্ষমসকলৰ বাবে পূৰ্বে বয়সৰ ঊৰ্ধ্বসীমা আছিল ৪২ বছৰ। এতিয়া সেয়া বৃদ্ধি কৰি ৪৭ বছৰ কৰা হৈছে।
গ্ৰুপ-২ আৰু ২-এ সেৱাৰ ক্ষেত্ৰত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়সৰ ঊৰ্ধ্বসীমা আছিল ৩০ বছৰ। বিশেষভাৱে সক্ষমসকলৰ বাবে বয়সৰ ঊৰ্ধ্বসীমা আছিল ৪০ বছৰ। এই বয়সৰ ঊৰ্ধ্বসীমাও পাঁচ বছৰ বৃদ্ধি কৰি ক্ৰমে ৩৫ বছৰ আৰু ৪৫ বছৰ কৰা হৈছে।






























