Badrinath : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চাৰ ধামৰ অন্যতম। দেৱভূমি উত্তৰাখণ্ডৰ প্ৰাণস্বৰূপ ! বিপদৰ সন্মুখীন হৈছে সেই বদ্ৰীনাথ। কেৱল মন্দিৰেই নহয়, তাত থকা জনবসতি, কৃষিভূমি সকলো এতিয়া বিপদৰ মুখত ! বদ্ৰীনাথৰ মূৰৰ ওপৰত ওলমি আছে তিনিটাকৈ হিমবাহ । এই হিমবাহকেইটা ভাঙি পৰিলেই যিকোনো মুহূৰ্ততে ভয়াৱহ হিমস্খলনে তচনচ কৰি পেলাব পাৰে বদ্ৰীনাথক। ধ্বংস হ’ব পাৰে সমগ্ৰ অঞ্চলটো।
নেপালৰ ভয়াৱহ দুৰ্যোগৰ সাক্ষী হৈছে বিশ্ব। কেইদিনমান পূৰ্বে ভূটানৰ হ্ৰদ ভাঙি সংকোশ নদীত সৃষ্টি হোৱা প্ৰবল জলপ্ৰৱাহেও উদ্বেগ বৃদ্ধি কৰিছে। এইবাৰ এখন গৱেষণাত পোহৰলৈ আহিছে বদ্ৰীনাথৰ বিপদৰ আশংকা।
‘ভাৰতৰ হিমালয়ৰ বদ্ৰীনাথ জনপদত ওলমি থকা হিমবাহৰ পৰা সৃষ্টি হোৱা হিমস্খলনৰ বিপদৰ মূল্যায়ন’ শীৰ্ষক এখন গৱেষণাত কোৱা হৈছে যে বদ্ৰীনাথৰ ওপৰত ওলমি থকা তিনিটা হিমবাহৰ যিকোনো এটাত ফাট মেলিলে তাৰ পৰা নামি অহা বৰফৰ সোঁতে জনপদ, ঘৰ-দুৱাৰ, বাট-পথ আৰু কৃষিভূমিৰ ক্ষতিসাধন কৰিব পাৰে।
সামগ্ৰিকভাৱে ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে অঞ্চলটো। অৱশ্যে, সকলো নিৰ্ভৰ কৰিব বৰফ কিমান দূৰৰ পৰা খহি আহিব তাৰ ওপৰত। ইয়াৰ উপৰি পাহাৰৰ ঢাল কিমান, ভূমিৰ গঠন কেনেকুৱা, এই সকলোবোৰৰ ওপৰতো ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ভৰ কৰিব।
এই গৱেষণাৰ পৰা আৰু জানিব পৰা গৈছে যে যিকোনো হিমস্খলনৰ গতিপ্ৰকৃতি কেনে হ’ব বা ইয়াৰ ফলত কিমান ক্ষয়-ক্ষতি হ’ব পাৰে, সেয়া কেৱল বৰফৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে। হিমস্খলন কিমান দূৰলৈ যাব, সেয়া নিৰ্ভৰ কৰে সেই পথৰ আকৃতি আৰু তলৰ ভূ-প্ৰকৃতিৰ ওপৰতো।
গৱেষণাখনত বিপদৰ পৰা হাত সাৰিবলৈ কেবাটাও সতৰ্কতামূলক ব্যৱস্থাৰ কথাও উল্লেখ কৰা হৈছে। প্ৰতিটো বিপদসংকুল অঞ্চল চিনাক্ত কৰি তাত পৃথকে পৃথকে কাম কৰাৰ পৰামৰ্শ দিয়া হৈছে। পাহাৰত নিৰ্মাণকাৰ্যৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ ক্ষেত্ৰতো নজৰ দিয়াৰ কথা কোৱা হৈছে।
প্ৰাকৃতিক দুৰ্যোগ কাৰো হাতত নাথাকে। কিন্তু আগতীয়াকৈ ন্যূনতম প্ৰস্তুতি গ্ৰহণ কৰি ৰখাটো সম্ভৱ।






























