দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ৩ ৰ পৰা ৫ নৱেম্বৰলৈ চৰকাৰী কাৰ্যসূচীৰে স্পেইনলৈ ৰাওনা হ’ব ।
এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্পেইনত অনুষ্ঠিত হ’বলগীয়া ৩০ সংখ্যক ‘ইবেৰো-আমেৰিকান সন্মিলন’ (Ibero-American Conference)ত অংশগ্ৰহণ কৰিব। ভাৰতে এই সন্মিলনত ‘সহযোগী পৰ্যবেক্ষক’ (Associate Observer) ৰাষ্ট্ৰ হিচাপে যোগদান কৰিব।
উল্লেখ্য যে বৰ্তমান এই সন্মিলনত ২২ খন সদস্য ৰাষ্ট্ৰ (১৯ খন লেটিন আমেৰিকাৰ আৰু ৩ খন ইউৰোপৰ – স্পেইন, পৰ্তুগাল আৰু আন্দোৰা), ১২ খন সহযোগী পৰ্যবেক্ষক আৰু ২০খন পৰামৰ্শদাতা পৰ্যবেক্ষক ৰাষ্ট্ৰ অন্তৰ্ভুক্ত হৈ আছে।
উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ চলিত ‘ভাৰত-স্পেইন সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ যুটীয়া বৰ্ষ’ (India-Spain Dual Year of Culture, Tourism and Artificial Intelligence) উদযাপনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আন কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ স’তে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে মাদ্ৰিদত প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব।






























