DelhiProtest : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত হৈছে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। তেওঁৰ স’তে আছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেওঁৰ দলৰ সাংসদ অভিষেক বেনাৰ্জী, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ আৰু চিপিএমৰ সাধাৰণ সম্পাদক এম এ বেবি। কনট প্লেচ-মিণ্টো ৰোডৰ সংযোগস্থলৰ পৰা দিনৰ ভাগত সমদল আৰম্ভ কৰে তেওঁলোকে। মুকলি বাহনত উঠি বিয়লি তিনি বজাৰ কিছু পূৰ্বে ৰামলীলা ময়দানত উপস্থিত হয় নেতাসকল। আৰক্ষীৰ বিষয়াসকলো সাজু হৈ আছে।
দেওবাৰে পুৱতি নিশাৰ পৰাই বিজেপি-বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সমৰ্থকসকলে তাত সমবেত হ’বলৈ আৰম্ভ কৰিছে। বিৰোধীৰ এই কাৰ্যসূচীক কেন্দ্ৰ কৰি ৰাজধানীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। কেৱল প্ৰতিবাদস্থলীতে প্ৰায় ১০ হেজাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে।
মুকলি বাহনত উঠি একেলগে ৰামলীলা ময়দানত উপস্থিত হয় বিৰোধী নেতাসকল। পথত তেওঁলোকৰ সমদলক কেন্দ্ৰ কৰি বৃহৎ জনসমাগম হয়। সমদল আৰম্ভ কৰাৰ পূৰ্বে বিৰোধী নেতাসকল খাৰ্গেৰ বাসভৱনত সমবেত হৈছিল। সমদলৰ বাহনখনত অখিলেশ, মমতা আৰু বেবি কাষে কাষে বহিছিল। একেখন বাহনতে পিছফালে আছিল অভিষেক।
ৰামলীলা ময়দানত উপস্থিত হোৱাৰ লগে লগে সমদলৰ সামৰণি পৰে। দিল্লীৰ বিভিন্ন পথত আৰক্ষীয়ে বেৰিকেড স্থাপন কৰি ৰাখিছে। ভিৰ নিয়ন্ত্ৰণৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে। সমগ্ৰ চহৰতে ২৫০টাতকৈও অধিক চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে।
ৰামলীলা ময়দানলৈ গৈছে চিপিএমৰ ছাত্ৰ সংগঠন এছএফআইৰ সমদলো। চিপিএমসহ বাওঁপন্থী সহযোগী দলসমূহৰ নেতাসকলো উপস্থিত আছে। পশ্চিমবংগৰ পৰা গৈছে সুজন চক্ৰৱৰ্তীসকল। দিল্লী আৰক্ষীৰ ডিচিপি (চেণ্ট্ৰেল) ৰোহিত ৰাজবীৰে জনোৱা অনুসৰি, পুৱা ৫.৩০ বজাৰ পৰাই ৰামলীলা ময়দানত সমাৱেশ আৰম্ভ হৈছে। তাত কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে পূৰ্বেই কংগ্ৰেছৰ তৰফৰ পৰা আৰক্ষীৰ অনুমতি লোৱা হৈছিল।
কিন্তু কনট প্লেচৰ পৰা কোনো সমদল উলিওৱাৰ বিষয়ে আৰক্ষীক আগতীয়াকৈ অৱগত কৰা হোৱা নাছিল। অৱশ্যে, নিৰাপত্তাৰক্ষী বিষয়াসকলে কাৰ্যসূচীটো সুচাৰুৰূপে সম্পন্ন কৰাৰ চেষ্টা কৰিছে।
দেওবাৰৰ কাৰ্যসূচীৰ বাবে দিল্লীৰ কেবাটাও পথত যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হৈছে। ৰামলীলা ময়দানত সৰ্বাধিক ৫০ৰ পৰা ৫৫ হেজাৰ লোকৰ সমাৱেশ সম্ভৱ। আৰক্ষীয়ে জনোৱা অনুসৰি, ইয়াতকৈ অধিক লোকৰ সমাৱেশৰ সম্ভাৱনা সৃষ্টি হ’লে গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বেই ভিৰ নিয়ন্ত্ৰণ কৰা হ’ব পাৰে। বিৰোধীৰ দাবী, দেওবাৰে ১০ লাখ লোকৰ সমাৱেশ ঘটিব।
‘ইণ্ডিয়া’ৰ কাৰ্যসূচীৰ প্ৰত্যুত্তৰ হিচাপে দেওবাৰে দিল্লীত সমদল উলিয়ায় বিজেপিয়েও। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত ১৯৮৪ চনৰ শিখ-বিৰোধী হিংসাত নিহতসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাবলৈ এই সমদল উলিওৱা হয়। অভিযোগ অনুসৰি, কংগ্ৰেছে জানি-বুজিয়েই সেই ঘটনাৰ বৰ্ষপূৰ্তিৰ দিনটোতে বৰ্তমানৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। দিল্লীৰ আনটো প্ৰান্তত বিজেপিৰ এই কাৰ্যসূচীক কেন্দ্ৰ কৰিও আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিবলগীয়া হৈছে।






























