IndianEconomy : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আগন্তুক সময়ত দেশ গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হ’ব নেকি? এই প্রশ্ন সম্প্ৰতি বহু অর্থনীতিবিদৰ মনত উদ্ভৱ হৈছে। সম্প্রতি দেশৰ ৰাজকোষৰ ঘাটি ৭.১৪ লাখ কোটি টকা হৈছে। চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণি এপ্ৰিলৰ পৰা যোৱা ছেপ্টেম্বৰলৈ যোৱা ছমাহত ৰাজকোষৰ ঘাটি এনেদৰে বৃদ্ধি পায়। কাজেই ইয়াক লৈ নৰেন্দ্ৰ মোদী চৰকাৰে মূৰে-কপালে হাত দিছে। কাৰণ মোদী চৰকাৰে ৰাজকোষৰ ঘাটি যি পূর্বানুমান কৰিছিল, তাতকৈ বহু গুণে অধিক এই ঘাটি।
ৰাজকোষৰ ঘাটিৰ পৰিমাণ ৪২.১ শতাংশ হ’ব বুলি চৰকাৰে পূৰ্বে ধাৰ্য কৰিছিল। যোৱা বছৰৰ ধাৰ্য ঘাটিৰ পৰিমাণ এই একে সময়ছোৱাত অর্থাৎ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ৩৬.৫ শতাংশ আছিল। অর্থনীতিবিদসকলৰ মতে, চলিত বর্ষত খাদ্যবস্তু, ইন্ধন আৰু সাৰৰ অত্যধিক মূল্যবৃদ্ধিৰ ফলত ৰাজকোষত প্রচণ্ড কোব পৰিছে। ফলত ৰাজকোষৰ ঘাটিৰ পৰিমাণ গগনচুম্বী হৈছে।
ৰাজকোষৰ ঘাটি এনেদৰে বৃদ্ধিত ভূ-ৰাজনৈতিক অস্থিৰতাই ভূমিকা পালন কৰিছে বুলিও একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে। উল্লেখ্য যে সম্প্ৰতি কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে ৰাজকোষৰ ঘাটি সম্পর্কীয় তথ্য প্রকাশ কৰে। এই তথ্যত কোৱা হৈছে যে কেন্দ্রই চলিত বিত্তীয় বৰ্ষত ৰাজকোষৰ ঘাটি মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ৪.৩ শতাংশ অর্থাৎ ১৬.৯৬ লাখ কোটি টকাত সীমাবদ্ধ ৰখাৰ লক্ষ্য লৈছিল। ইয়াৰ বিপৰীতে এই বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহতে ঘাটিৰ পৰিমাণে ৭.১৪ লাখ কোটি টকাক স্পৰ্শ কৰিলে।
গতিকে মোদী চৰকাৰৰ মূৰ কামোৰণি বৃদ্ধি পাইছে। আনহাতে, যোৱা এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ ৰাজকোষলৈ ১৮.৩৫ লাখ কোটি টকা আহে। এই ধনৰ পৰিমাণ বাজেট অনুমোদনৰ ১৫.৩ শতাংশ। যোৱা বছৰৰ একে সময়ছোৱাত চৰকাৰৰ ঘৰলৈ ১৭.৫৭ লাখ কোটি টকা আহিছিল।
ইয়াৰ মাজত আছিল ৰাজহ কৰৰ ১২.৭৬ লাখ কোটি টকা আৰু অনা-কৰ ৰাজহৰ ৪.৮১ লাখ কোটি টকা। লক্ষ্যণীয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত কৰ ৰাজহ বৃদ্ধি পায়। ইয়ে কেন্দ্ৰক ৰাজকোষৰ ৰাজহ ঘাটি হ্রাস কৰাত সহায় কৰিব বুলি একাংশ অর্থনীতিবিদে মন্তব্য কৰিছে।






























