Diwali2026: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সমাগত পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তৱৰ্তী পশ্চিম বড়িগোপ মৌজাৰ পূৰ্ণখুমদুম হীৰাপাৰাৰ লগতে বৰভাগ ৰাজহ চক্ৰৰ অধীনস্থ উত্তৰকুৰি হীৰা চুবুৰিৰ সকলো মৃৎ শিল্পী পৰিয়াল ব্যস্ত হৈ পৰিছে মাটিৰ চাকি তৈয়াৰ কৰাত।
সমাগত দীপাৱলীলৈ উক্ত স্থানৰ প্ৰায় ৬০টা মৃৎ শিল্পী পৰিয়ালে কে’বা লক্ষ্যাধিক মাটিৰ চাকি বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিয়াৰ পৰিকল্পনা কৰিছে। জানিব পৰা মতে, এইবাৰ দীপাৱলীৰ বাবে হীৰাপাৰাৰ প্ৰায় তিনিকুৰি মৃৎ শিল্পী পৰিয়ালে কে’বা লক্ষ্যাধিক মাটিৰ চাকি তৈয়াৰ কৰি বজাৰত উলিয়াই দিয়াৰ লক্ষ্য স্থিৰ কৰিছে।
ইফালে, হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু ন্যায় বর্তমানলৈ নোপোৱা বাবে এইবেলি দিপাৱলীৰ উৎসৱ কিছু ম্লান পৰিব পাৰে বুলি একাংশই ক’ব বিচাৰিছে যদিও মাটিৰ চাকিৰ চাহিদা পূৰ্বৰ তুলনাত কিছু বেছি হ’ব বুলি এইসকল শিল্পীয়ে আশা কৰিছে।
ইফালে, গাঁৱে-ভূঁৱে চাকি বিক্ৰী কৰিবলৈ যোৱাত ক্ৰেতাৰ মুখত সহজে শুনিবলৈ পাইছে যে মিঠাতেলৰ অতিপাত চৰা দাম। তথাপিও ৰাইজে বছৰেকীয়া উৎসৱটোৰ বাবে মাটিৰ চাকি ক্রয় কৰিবই, কাৰণ মাটিৰ চাকি প্রজ্বলনত কোনো বাধা-বিঘিনি নাই।
সেইটোয়ে পূৰ্বৰ বিক্ৰীৰ তুলনাত এইবেলি কিছু সৰহকৈ বিক্ৰী হ’ব পাৰে বুলি এইসকল
মৃৎশিল্পীয়ে আশা কৰিছে। আজি পূৰ্ণখুমদুম হীৰাপাৰাৰ এইসকল হীৰা সম্প্ৰদায়ৰ লোকে দৈনিক অগ্রদূতৰ প্ৰতিনিধিৰ আগত আক্ষেপ কৰি কয় যে আমি পোহৰৰ উৎসৱ দিপাৱলীলৈ হেপাহৰে মাটিৰ চাকি প্রস্তুত কৰো।
ৰাইজেও আমাৰ বংশগত শিল্প কলাক সম্মান জনাই আহিছে। ৰাইজৰ আশীৰ্বাদত আমি আমাৰ পৰম্পৰাগত কর্মটোক জীয়াই ৰাখিছো। ইয়াৰ মাজতে অন্য দেশৰ ৰঙৰঙীয়া লাইট আৰু ভিন্ন ৰঙি মাটিৰ চাকিয়ে আমাৰ নিচিনা শিল্পীসকলৰ কৰ্মত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে।
সচেতন ৰাইজ তথা চৰকাৰখনে এই ক্ষেত্ৰত দৃষ্টি ৰাখি আমাৰ কৰ্মত উৎসাহিত কৰিলে আমি সুখী হম। তেওঁলোকে পুনৰ কয় যে সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰি আমাক উৎসাহিত কৰে। তাৰ বাবে আমি সংবাদ মাধ্যমৰ ওচৰত কৃতজ্ঞ। কিন্তু দুখজনক কথা যে আমাৰ নিচিনা হীৰা সম্প্রদায় লোকসকলে কেনে ধৰণে জীয়াই আছে তাক খবৰ ল’বলৈ জনপ্ৰিতিনিধি তথা চৰকাৰৰ আহৰি নাই।
মাটিৰ বাচন বনাই জীৱিকা নিৰ্বাহ কৰা হীৰা সম্প্ৰদায়ৰ লোকসকলে বাচন বনোৱা মাটিখিনিও বহু কষ্টেৰে যোগান কৰিব লাগে। গাড়ী ভাৰা কৰি ছিণ্ডিকেট পদ্ধতিৰে আজিও মূল উপাদান হীৰা মাটি আনিব লগাটো সম্প্রদায়টোৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে।
এইসকল থলুৱা শিল্পীৰ ক্ষেত্ৰত চৰকাৰে সুদৃষ্টিৰে চাই সহায়ৰ হাত আগবঢ়ালে এই শিল্পটো ৰক্ষা পৰিব বুলি তেওঁলোকে দৃঢ়তাৰে কয়। অন্যথাই বিকল্প চিন্তাৰে অন্য কৰ্মৰ সন্ধান কৰিবলগীয়া হ’ব। ইতিমধ্যে বহুতো পৰিয়ালে উক্ত কৰ্মৰ পৰা অব্যাহতি হৈছে। আমিও যাতে উক্ত পৰাম্পৰা গত বৃত্তিটোক এৰি দিব লাগ নহয় তাৰ বাবে চৰকাৰ তথা বেচৰকাৰী সংস্থাসমূহে গুৰুত্ব দিব লাগিব। তেতিয়া আমি আমাৰা বংশানুক্রমে কৰি অহা কৰ্মটোক জীয়াই ৰাখিব পাৰিম।






























