দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পৃথিৱীত প্ৰাণৰ পৃথিৱাত ও পৰশ কোনে দিছিল? জীৱন সৃষ্টিৰ আদিকণাবোৰ বাৰু পৃথিৱীৰ পৰিৱেশতে জন্ম লৈছিল নেকি নে বহিঃমহাবিশ্বৰ পৰা ঘটিছিল প্ৰাণৰ আগমন? এশ বছৰৰো অধিক সময় ধৰি একাংশ বিজ্ঞানীয়ে মত পোষণ কৰি আহিছিল যে প্ৰাণৰ প্রাথমিক যৌগিক উপাদান আহিছিল ধুমকেতুৰ লগত।
সম্প্রতি সেই তত্ত্বকে প্রত্যাহ্বান জনালে কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ শেহতীয়া গৱেষণাই। জীৱনৰ বীজ ধাৰণ কৰি যদি হেজাৰ হেজাৰ ধুমকেতু আহি পৃথিৱীত আহি পৰেহি, তেনেহ’লে কি হ’ব? এই বিষয়টোকে জানিবলৈ যান্ত্রিক উপায়েৰে পৰিৱেশ আৰু পৰিস্থিতি সৃষ্টি কৰি পৰীক্ষা (কম্পিউটাৰ ছিমুলেচন) কৰে কেম্ব্রিজৰ একাংশ গৱেষকে।
প্রাণ সৃষ্টিৰ ঠিক পূৰ্বে পৃথিবীত যি ধৰণৰ পৰিৱেশ আছিল, যি গতিত ধুমকেতুবোৰ আছাৰ খাই পৰিছিল, সকলোবোৰেই কম্পিউটাৰৰ সহায়ত পুনর্নির্মাণ কৰা হৈছিল এই পৰীক্ষাত; কিন্তু এই এক লক্ষ ধুমকেতু বৰ্ষণৰ অংক কৰাৰ পৰীক্ষাৰ মাজত প্রায় প্রত্যেকটোৱেই বিফল হয়।
পৰীক্ষাৰ ফলে কৈছে যে সেই ধুমকেতুবোৰে যি প্ৰাণৰ বীজ বহন কৰিছিল, সেইবোৰ পৃথিৱীৰ সংস্পৰ্শলৈ অহাৰ পূর্বেই বা আছাৰ খাই পৰাৰ লগে লগে নষ্ট হৈ পৰিছে।
এতিয়া প্রশ্ন হৈছে, এই প্ৰাণৰ বীজ কি? ই আচলতে হাইড্র’জেন চায়ানাইড (এইছচিএন)। এক প্ৰকাৰৰ ৰাসায়নিক। ইয়াৰ পৰা লিপিড, ছুগাৰ, নিউক্লিঅ’বেছ আৰু নিউক্লিঅ’টাইড জাতীয় কিছু জৈৱ পদার্থ সৃষ্টি হয়। তাৰ পৰাই সৃষ্টি হয় প্রাণ। ‘ছায়েন্টিফিক ৰিপ’ৰ্টছ’ পত্রিকাত প্রকাশিত এই গৱেষণাত নেতৃত্ব দিছিল কেম্ব্রিজৰ ইনষ্টিটিউট অব এষ্ট্র’নমিৰ বিজ্ঞানী ৰিচাৰ্ড এনশ্লোৱে।
তেওঁ কয় যে হাইড্র’জেন চায়ানাইড এনে এবিধ ৰাসায়নিক, যাৰ সন্ধান সৌৰজগতৰ প্ৰায় সকলো ধুমকেতুতে পোৱা যায় আৰু উল্লেখযোগ্য পৰিমাণতে পোৱা যায়। অন্যান্য প্রাণ সৃষ্টিকাৰী ৰাসায়নিক যেনে চায়ানোয়েছিটাইলিন আৰু চায়ানোজেনৰ অস্তিত্ব সেই তুলনাত অনেক কম। সেয়ে পৰীক্ষাৰ বাবে এই ৰাসায়নিকটোকেই বাছি লোৱা হৈছিল।
এই প্ৰাণৰ বীজ বহন কৰি যদি এটা ধুমকেতু প্রতি ছেকেণ্ডত ৩০ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত পৃথিৱীত আছাৰ খাই পৰেহি, তেনেহ’লে সেই হাইড্র’জেন চায়ানাইডৰ কি পৰিণতি হ’ব? এক লাখ ধুমকেতু আছাৰ খাই পৰাৰ ঘটনা যান্ত্রিকভাৱে অনুসৰণ কৰি গৱেষকৰ দলে দাবী কৰিছে যে তিষ্ঠি থকাটো প্রায় অসম্ভৱ।
ধুমকেতুবোৰে পৃথিৱীৰ মাটি স্পর্শ কৰাৰ পূৰ্বেই বায়ুমণ্ডলতে সেই যৌগ ধ্বংস হৈ পৰে, নহ’লে আছাৰ খাই পৰাৰ মুহূৰ্তত অত্যধিক তাপ (সবাতোতৈ ডাঙৰ কাৰণ সেয়াই)ত বা সাগৰৰ পানীত গৈ পৰাৰ ফলত ৰাসায়নিকটো নষ্ট হৈ পৰে।
পৰীক্ষাৰ ফলে কৈছে যে এক-অর্ধেক ক্ষেত্রত হাইড্র’জেন চায়ানাইড পৃথিৱীৰ বুকুত সফলভাৱে উপস্থিত হ’ব পাৰে। যদিও গৱেষকৰ দলৰ মতে, প্রাণ সৃষ্টি হোৱাৰ বাবে এই ৰাসায়নিক যি পৰিমাণত প্ৰয়োজন; তাৰ তুলনাত সেয়া নগণ্য।
বিজ্ঞানী ৰিচার্ডে কয়, ‘পৃথিৱীৰ বাহিৰৰ পৰাই ধুমকেতুৰ সহায়ত প্রথম প্ৰাণৰ বীজ আহিছিল পৃথিৱীলৈ, এই ধাৰণাটো শুনিবলৈ বৰ ৰোমাণ্টিক; কিন্তু আচলতে সেই সম্ভাৱনা অত্যন্ত ক্ষীণ।’
উল্লেখ্য যে বহু শতিকাৰ পূৰ্বে গ্রীক দার্শনিক এনেক্সাগোৰাছে প্ৰথমবাৰলৈ ধাৰণা কৰিছিল যে প্ৰাণৰ মহাজাগতিক বীজ সমস্ত বিশ্ব ব্রহ্মাণ্ডতে বিয়পি আছে। ইয়াৰ পাছত ১৯০৮ত ধুমকেতুৰ মাধ্যমেৰে পৃথিৱীলৈ প্ৰাণৰ উপাদান অহাৰ প্ৰবল তত্ত্ব দাঙি ধৰে ছুইডেনৰ বিজ্ঞানী সবান্তে আৰহেনিয়াছে।
অৱশ্যে সেই সময়ত এই অনুমানৰ সত্যতা পৰীক্ষা কৰিব পৰা প্ৰযুক্তি মানুহৰ হাতত নাছিল। সাম্প্রতিক গৱেষণাই সেই অনুমানক লৈয়েই প্রশ্ন তুলিলে; কিন্তু বিজ্ঞানীসকলে কৈছে যে ধুমকেতু তত্ত্ব একেবাৰে খাৰিজ হৈ গ’ল বুলিও এতিয়াই ক’ব পৰাকৈ নিশ্চিত প্রমাণ বা পৰিস্থিতি এতিয়াও অহা নাই।
গৱেষক ৰিচার্ডেও এই সম্পৰ্কত তেওঁৰ বক্তব্য কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ৱেবছাইটত জনাইছে। তেওঁ কয়, ‘এই বিষয়টো এক কোটিত দুই-এবাৰ হয়। জীৱনৰ বীজটো সংৰক্ষিত ৰাখিবলৈ প্রয়োজন একেবাৰে সঠিক গতি, আছাৰ খাই পৰাৰ পাছত এক সুনির্দিষ্ট কোণ আৰু অনেক কিবা। ইয়াতেই শেষ নহয়, ৰাসায়নিকটো বাচি গ’লেও তাৰ পৰা প্ৰাণ সৃষ্টিৰ পৰৱৰ্তী প্ৰক্ৰিয়াও অতি জটিল। একেবাৰে ফৰাই নিদিলেও এই (ধুমকেতুৰ স’তে প্ৰাণৰ উপাদান পৃথিৱীত আহি পৰাৰ) তত্ত্ব যে প্রশ্নাতীত নহয়, সেয়া বুজা গ’ল।’
অৱশ্যে ভৱিষ্যতে যদি প্রমাণ হয়ে যে পৃথিৱীত ধুমকেতুৰ লগত অহা ৰাসায়নিক উপাদানৰ মাধ্যমেৰে প্ৰাণৰ সূচনা হোৱা নাই, তাৰ অৰ্থ এইটো নহয় যে আন কোনো গ্ৰহৰ পৰা এই প্ৰক্ৰিয়াটো হ’ব নোৱাৰে। গৱেষকৰ দলে পর্যবেক্ষণ কৰি পাইছে যে ধুমকেতু-তত্ত্বৰ সত্যাসত্য সম্পর্কে সফল পৰীক্ষাৰ বাবে মঙল গ্রহ অনেক বেছি উপযুক্ত।
মঙল গ্ৰহৰ বায়ুমণ্ডল পাতল হোৱাৰ বাবে আৰু তাত ধুমকেতুৰ গতিবেগ কম হোৱাত সফলভাৱে জৈৱ ৰাসায়নিকটো উপস্থিত হোৱাৰ সম্ভাৱনা পাঁচ গুণৰো অধিক। আকৌ শুক্র গ্ৰহৰ ঘন বায়ুমণ্ডলে অধিকাংশ ধুমকেতুকেই সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। কেই কিলোমিটাৰ ব্যাসৰ ধুমকেতুও ইয়াৰ হাতৰ পৰা ৰক্ষা নপৰে।
এই পৰীক্ষা-নিৰীক্ষা হয়তো ভৱিষ্যতে হ’ব। অৱশ্যে পৃথিৱীত প্ৰাণৰ সৃষ্টি ৰহস্য অদূৰ ভৱিষ্যতে ভেদ হোৱাৰ সম্ভাৱনা এতিয়াই দেখা পোৱা নাই।






























