SupremeCourtOfIndia :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দিনৰ পাছত দিন দখল কৰি ৰাখিব নোৱাৰি।মঙলবাৰে দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চলি থকা প্ৰতিবাদৰ ফলত ব্যৱসায়ীসকলৰ ক্ষতি হোৱাৰ অভিযোগ সংক্ৰান্তীয় গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে এনে পৰ্যবেক্ষণ আগবঢ়ায়।
শুনানিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয়, “প্ৰতিবাদ আৰু ব্যৱসায় কৰাৰ অধিকাৰ—দুয়োটাই গুৰুত্বপূৰ্ণ। আপুনি অনিৰ্দিষ্টকালৰ বাবে এটা স্থান দখল কৰি ৰাখিব নোৱাৰে। আন প্ৰতিবাদকাৰীসকলো আছে। কৃষক, ব্যৱসায়ী বা অধিবক্তাসকল ক’লৈ যাব? প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে।”
মুখ্য নিৰ্বাচন আয়ুক্তৰ পদৰ পৰা জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী আৰু ভোটাৰ তালিকাৰ নিবিড় সংশোধন (এছআইআৰ)ত অনিয়মৰ অভিযোগক লৈ বিৰোধীসকলে আন্দোলন অধিক তীব্ৰ কৰি তুলিছে।
কেৱল বিৰোধী শিবিৰেই নহয়, ‘ককৰোচ জনতা পাৰ্টি’ (চিজেপি)-য়েও জ্ঞানেশৰ পদত্যাগৰ দাবীত ৰাজপথলৈ ওলাই আহিছে। দিল্লীত চলি আছে বিভিন্ন কাৰ্যসূচী। ধাৰাবাহিক এই প্ৰতিবাদ বা বিক্ষোভক লৈ ইতিমধ্যে অসন্তুষ্টি প্ৰকাশ কৰিছে দিল্লীৰ ব্যৱসায়ীসকলে।
তেওঁলোকৰ দাবী, এই বিক্ষোভৰ ফলত উৎসৱৰ বতৰত তেওঁলোকৰ ব্যৱসায়ত ক্ষতি হৈছে। দোকান-পোহাৰ বন্ধ ৰাখিবলগীয়া হৈছে বুলিও অভিযোগ ব্যৱসায়ীসকলৰ। মঙলবাৰৰ শুনানিত এই বিষয়সমূহো উত্থাপন কৰা হয়।
শুনানিৰ আৰম্ভণিতে দিল্লীৰ ব্যৱসায়ীসকলৰ হৈ অধিবক্তা মুকুল ৰোহতগীয়ে উদ্বেগ প্ৰকাশ কৰে। আদালতত তেওঁ কয়, “উৎসৱৰ বতৰত এইদৰে দিনৰ পাছত দিন দোকান বন্ধ হৈ থাকিলে ব্যৱসায়ৰ ক্ষতি হয়।”
প্ৰতিবাদী কাৰ্যসূচীৰ বাবে দিল্লী আৰক্ষীয়ে কিছু স্থানত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ)-ৰ ১৬৩ ধাৰা জাৰি কৰিছিল। আৰু সেই কাৰণতে সেই অঞ্চলসমূহৰ দোকান বন্ধ ৰাখিবলগীয়া হৈছিল।
দিল্লীৰ ব্যৱসায়ীসকলৰ এই উদ্বেগ সন্দৰ্ভত কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, “যিসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব, দায়িত্ব তেওঁলোকৰ।”
শুনানিত এই প্ৰশ্নও উত্থাপন হয়, “ব্যৱসায়ৰ ক্ষতি বা বিক্ৰী হ্ৰাসৰ বাবে কেৱল প্ৰতিবাদী কাৰ্যসূচীসমূহকেই জগৰীয়া কৰিব পাৰিনে?” এই কথা শুনি মুখ্য ন্যায়াধীশে মন্তব্য কৰে, “ব্যৱসায় আৰু প্ৰতিবাদ—দুয়োটাৰ অধিকাৰেই গুৰুত্বপূৰ্ণ।” তেওঁৰ পৰামৰ্শ, “গণপ্ৰতিবাদৰ বাবে এনে এটা স্থান নিৰ্দিষ্ট কৰা হওক, য’ত কেতিয়াও কোনো ব্যৱসায়ীৰ ক্ষতি নহ’ব।”
চিজেপিয়ে প্ৰথমে যন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বিচাৰিছিল। অৱশ্যে তেওঁলোকক জনাই দিয়া হৈছিল যে যন্তৰ-মন্তৰত কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব। বিকল্প হিচাপে দিল্লী আৰক্ষীয়ে তিনিটা স্থান নিৰ্দিষ্ট কৰি দিছিল। যন্তৰ-মন্তৰত কিয় অনুমতি দিয়া নহ’ল, সেই প্ৰসংগও উত্থাপন হয় উচ্চতম ন্যায়ালয়ত।
ইয়াৰ উত্তৰত কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেলে আদালতত কয়, “যোৱা ২০ জুলাইত যন্তৰ-মন্তৰত এদিনৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ অনুমতি দিয়া হৈছিল। কিন্তু সেই নিৰ্দেশ পালন কৰা নহ’ল। একেৰাহে তাত প্ৰতিবাদ চলোৱা হৈছিল। প্ৰতিবাদকাৰীসকলে সেই স্থান দখল কৰি লৈছিল। আনকি সংসদ অভিমুখেও সমদল উলিয়াইছিল।”
তেওঁৰ মতে, “সংসদ আন পাঁচটা ৰাজনৈতিক প্ৰতিষ্ঠানৰ দৰে নহয়। আপুনি যেনেকৈ উচ্চতম ন্যায়ালয় অভিমুখে অভিযান চলাব নোৱাৰে, তেনেকৈ সংসদ অভিযানো চলাব নোৱাৰে।”
দিনৰ পাছত দিন একেটা স্থানতে প্ৰতিবাদী কাৰ্যসূচী চলাই যোৱাৰ বিপক্ষে ইয়াৰ পূৰ্বেও মন্তব্য কৰিছিল উচ্চতম ন্যায়ালয়ে। ২০২১ চনত সংশোধিত নাগৰিকত্ব আইন (CAA)-ৰ বিৰুদ্ধে দিল্লীৰ শ্বাহীনবাগত চলা আন্দোলন সন্দৰ্ভত এটা গোচৰৰ শুনানিতো শীৰ্ষ আদালতে একেধৰণৰ পৰ্যবেক্ষণ আগবঢ়াইছিল।
প্ৰতিবাদৰ অধিকাৰৰ কথা স্বীকাৰ কৰিও উচ্চতম ন্যায়ালয়ে কৈছিল, “য’তে-ত’তে আৰু যেতিয়াই মন যায়, তেতিয়াই আন্দোলন কৰাটো একেবাৰেই কাম্য নহয়।”






























