APDCL: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অসম চৰকাৰৰ শক্তি বিভাগৰ প্ৰৱঞ্চনাৰ বাবে চলিত মাহৰ পৰা অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ উপভোক্তাই বহন কৰিব লাগিব প্রতিষ্ঠানটোৰ অতিৰিক্ত ব্যয়ৰ বোজা।
মাচুল বৃদ্ধিৰ বাবে প্রতিষ্ঠানটোৱে অসম বিদ্যুৎ নিয়ামক আয়োগক যি প্রস্তাব দাখিল কৰিছিল তাত ইতিমধ্যে অনুমোদন জনোৱা হৈছে। গতিকে চলিত মাহৰ পৰা কমেও পাঁচ মাহৰ বাবে ৰাইজে অতিৰিক্ত মাচুল আদায় দিবলগীয়া হোৱাটো নিশ্চিত হৈছে। বর্ধিত মাচুলৰ পৰিমাণ কিমান হ’ব সেয়া অদ্যাপি এপিডিচিএলে নির্ণয় কৰা নাই।
ইয়াৰ বিপৰীতে প্ৰতিষ্ঠানটোৱে অতিৰিক্ত মাচুলৰ জৰিয়তে মাহিলি কিমান পৰিমাণৰ পুঁজি সংগ্ৰহৰ লক্ষ্য লৈছে সেয়াহে নির্ণয় কৰিছে। এপিডিচিএলে নিয়ামক আয়োগক দাখিল কৰা প্ৰস্তাৱ তথ্য অনুসৰি ইন্ধন আৰু বিদ্যুৎ ক্ৰয়ৰ মূল্য বৃদ্ধি হোৱাৰ ফলত প্রতিষ্ঠানটোৱে যোৱা এপ্ৰিলৰ পৰা আগষ্টলৈ অতিৰিক্ত ১৫৫.৫৯ কোটি টকা ব্যয় কৰে।
ফুৱেল এণ্ড পাৱাৰ পার্চেজ প্রাইচ এডজাষ্টমেন্ট নীতি, ২০২৪ (এফপিপিপিএ এছ) অনুসৰি ব্যয়ৰ এই পৰিমাণ উপভোক্তাৰ পৰা অতিৰিক্ত মাচুল আদায়ৰে জোৰা মাৰিব লাগিব। নৱেম্বৰৰ পৰা অহা মাৰ্চলৈ অতিৰিক্ত মাচুল আদায়ৰে এই পৰিমাণ মিলাব পৰা যাব বুলিও নিয়ামক আয়োগক দাখিল কৰা প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে।
তদুপৰি উল্লেখ কৰা হৈছে যে এপিডিচিএলে নৱেম্বৰত ৪০.০৭ কোটি টকা, ডিচেম্বৰত ৩০.৯৫ কোটি টকা, জানুৱাৰীত ২৮.৯৭ কোটি টকা, ফেব্ৰুৱাৰীত ২৯.৩৬ কোটি টকা আৰু মাৰ্চত ২৬.২৩ কোটি টকা আদায় কৰিলে অতিৰিক্ত ব্যয়ৰ জোৰা মৰাতো সম্ভৱ হ’ব। কিন্তু ইয়াতেই আপত্তি কৰে নিয়ামক আয়োগে।
অতিৰিক্ত মাচুল আদায়ত আয়োগৰ আপত্তি নাথাকিলেও এই সময়ত প্রক্রিয়াটো ৰূপায়ণ কৰা আইনসিদ্ধ নহয় বুলি জনায়। কিয়নো এফপিপিপিএএছ অনুসৰি ইন্ধন আৰু বিদ্যুৎ ক্রয় মূল্য যিটো মাহত বৃদ্ধি হয় তাৰে পাছৰ মাহটো বাদ দি পৰৱৰ্তী মাহৰ পৰাই আদায় কৰিব লাগে। সেই হিচাপত যোৱা জুনৰ পৰা অতিৰিক্ত মাচুল আদয় কৰিব লাগিছিল আৰু সেই প্রক্রিয়াটো অক্টোবৰত শেষ হ’ব লাগিছিল।
ইয়াৰ বিপৰীতে এপিডিচিএলে নৱেম্বৰৰ পৰা মাচুল আদায়ৰ বাবে আগবাঢ়িছেহে। নিয়ামক আয়োগৰ আপত্তিত এপিডিচিএলে এখন আবেদন দাখিল কৰি ইয়াৰ বাবে বিশেষ অনুমোদন বিচাৰে। আয়োগেও অৱশেষত আইনী সুৰুঙাৰে প্রতিষ্ঠানটোক অনুমতি প্রদান কৰে।
ৰাজ্যৰ শক্তি বিভাগৰ সূত্ৰই সদৰী কৰে যে বিধানসভা নিৰ্বাচনৰ পৰিৱেশ তুংগত থকাৰ সময়ত ইন্ধন আৰু বিদ্যুৎ ক্রয় মূল্য বৃদ্ধি হয়। কিন্তু সেই পৰিৱেশৰ মাজত অতিৰিক্ত মাচুলৰ বোজা উপভোক্তাৰ মূৰত জাপি দি ভোটাৰৰ মাজত বিৰূপ প্রিতিক্ৰিয়াৰ সৃষ্টি নকৰাৰ কৌশল বিভাগে গ্রহণ কৰে।
ফলত মে’ৰ পৰা এফপিপিপিএএছৰ অতিৰিক্ত মাচুল আদায়ৰ পৰা এপিডিচিএল বিৰত থাকে। তদুপৰি মুখ্যমন্ত্রীয়েও বিদ্যুৎ মাচুল বৃদ্ধি কৰা নহয় বুলি ৰাইজক প্রতিশ্রুতি দিয়ে। সেয়াই এতিয়া বিধি সলনিৰে আদায় কৰিব এপিডিচিএলে। নিৰ্বাচনৰ সময়ত সাধাৰণ ৰাইজক ভেল্কিবাজী দেখুৱাই এতিয়া মাধমাৰ দিয়াৰ এই কাণ্ড প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰে নামান্তৰ মাত্র।
আনহাতে এপিডিচিএলে অতিৰিক্ত কিমান পৰিমাণৰ মাচুল আদায় কৰিব সেয়া শীঘ্রে চূড়ান্ত হ’ব।





























