দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বয়স বাঢ়িলে মাতৃত্বৰ সম্ভাৱনা কমি যায়। এই ধাৰণাকে প্রত্যাহ্বান জনোৱা এক অবাক কৰাৰ দৰে ঘটনা সম্প্রতি পোহৰলৈ আহিছে। ৪৮ বছৰ বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ পাছত আইভিএফ প্ৰযুক্তিৰ সহায়ত একেলগে চাৰি সন্তান জন্ম দিলে ওলুছোলা ওলোনাদ নামৰ এগৰাকী আফ্রিকান মহিলাই।
তেওঁৰ এই বিৰল ঘটনাই সম্প্রতি সামাজিক মাধ্যমত ব্যাপক চর্চা লাভ কৰিছে। কিদৰে ৪৮ বছৰত বিয়াৰ পাছতো দুবছৰৰ ভিতৰতে মহিলাগৰাকী চাৰি সন্তানৰ মাতৃ হ’ল, এই বিষয়ত বিভিন্নজনে প্রশ্ন উত্থাপন কৰিছে।
একাংশ বিশেষজ্ঞৰ মতে,বয়সৰ লগে লগে নাৰীৰ ডিম্বাণুৰ সংখ্যা আৰু গুণগত মান উভয়েই কমিবলৈ ধৰে। স্বাভাবিকভাবে ৫০ বছৰ বয়সত প্রাকৃতিক উপায়েৰে গৰ্ভধাৰণ কৰাটো প্রায় অসম্ভৱ, কাৰণ এই সময়ত মহিলাসকল প্রায় মেন’পজৰ পর্যায়ত উপনীত হয়।
অৱশ্যে আধুনিক চিকিৎসা বিজ্ঞান আৰু আইভিএফৰ মাধ্যমেৰে এই জটিলতা এতিয়া বহুখিনি দূৰ হৈছে। যদিও এই ক্ষেত্রত বিশেষজ্ঞসকলে সতৰ্ক কৰি জনাইছে যে ৫০ বছৰ বয়সত বা প্রথম গৰ্ভধাৰণত একেলগে চাৰি সন্তান জন্ম দিয়াটো অত্যন্ত বিৰল ঘটনা।
এই ধৰণৰ গৰ্ভাৱস্থাত মাতৃ আৰু শিশু উভয়ৰ ক্ষেত্ৰতে উচ্চ ৰক্তচাপ, প্রি-টার্ম ডেলিভাৰী বা কম ওজনৰ শিশুৰ জন্ম হোৱাৰ দৰে বিভিন্ন শাৰীৰিক জটিলতাৰ আশংকা বহু বেছি থাকে।
সেয়ে চিকিৎসকে পৰামৰ্শ দিছে যে এই ধৰণৰ ক্ষেত্ৰত কেৱল মাত্র ফার্টিলিটি বিশেষজ্ঞই নহয়, বৰঞ্চ অবস্টেট্ৰিছিয়ান, মেটাৰনেল-ফিটায়াল মেডিচিন বিশেষজ্ঞ আৰু নিঅ’ল’জিষ্টৰ সমন্বয়ত গঠিত এক মাল্টিডিচিপ্লিনেৰী টীমৰ কঠোৰ তত্ত্বাৱধান আৰু বিশেষ দৃষ্টিৰ প্রয়োজন।






























