Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sonia Gandhi:কনিষ্ঠ বোৱাৰীৰ স’তে ইন্দিৰা গান্ধীৰ পৰিয়ালৰ সম্পৰ্ক ছেদৰ আঁৰৰ ঘটনাৱলী ফাদিল

    HSLC Fake Certificate: চলিত বর্ষত মেট্রিক উত্তীৰ্ণৰ জাল প্রমাণপত্ৰৰে একাদশ শ্রেণীত নামভর্তি ২,৮৫১জনৰ

    SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা

    প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Sonia Gandhi:কনিষ্ঠ বোৱাৰীৰ স’তে ইন্দিৰা গান্ধীৰ পৰিয়ালৰ সম্পৰ্ক ছেদৰ আঁৰৰ ঘটনাৱলী ফাদিল

ছোনিয়াৰ আত্মজীৱনীমূলক গ্রন্থক লৈ ধুমুহা অব্যাহত, ১৮ বছৰতে সঞ্জয় গান্ধীৰে বিবাহপাশত আবদ্ধ হৈছিল মানেকা, প্রাণবন্ত 'চোটি বহু' খামখেয়ালি মনৰ আছিল

publisher by publisher
November 12, 2026
in National, News
Reading Time: 4 mins read
0
Sonia Gandhi:কনিষ্ঠ বোৱাৰীৰ স’তে ইন্দিৰা গান্ধীৰ পৰিয়ালৰ সম্পৰ্ক ছেদৰ আঁৰৰ ঘটনাৱলী ফাদিল
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

AICC Rally in Delhi:সত্যক ৰক্ষা কৰিয়েই মোদী-শ্বাহক গাদীৰ পৰা ওফৰোৱাৰ হুংকাৰ ৰাহুলৰ

পুনৰ অসুস্থ ছোনিয়া গান্ধী

Sonia Gandhi:পুনৰ চিকিৎসালয়ত ভর্তি কৰোৱা হয় ছোনিয়া গান্ধীক !

Sonia Gandhi:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মাথোঁ ১৮ বছৰ বয়সতে তদানীন্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীৰ কনিষ্ঠ পুত্র প্রয়াত সঞ্জয় গান্ধীৰে বিবাহপাশত আবদ্ধ হৈছিল মানেকা আনন্দ। মঙলবাৰৰ পৰা দেশে-বিদেশে আলোড়ন তুলি প্রাক্তন কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ আত্মজীৱনীমূলক গ্রন্থ ‘বিলা’ঙিং: এ জার্নি অৱ লাভ’ত এই কথা উল্লেখ আছে।
গ্রন্থখনত ছোনিয়াই মানেকা সম্পৰ্কত আৰু কৈছে, ‘১৯৭৩ৰ শেষৰ ফালে সঞ্জয় গান্ধীয়ে মানেকাৰ লগত মোৰ পৰিচয় কৰাই দিছিল। এজনী সুন্দৰী আৰু প্রাণবন্ত ছোৱালী মানেকা সঞ্জয়তকৈ ১০ বছৰ সৰু আছিল আৰু তেতিয়াও তেওঁ কিশোৰী আছিল। এই পৰিচয় ঘটাৰ এবছৰৰ ভিতৰতে সঞ্জয়ৰ স’তে মানেকা বিবাহপাশত আবদ্ধ হয়। তেতিয়া তেওঁৰ বয়স ১৮ বছৰ হৈছিল।’
ঘৰুৱা জ্যেষ্ঠ গৃহকর্মীসকলে তেওঁক ‘বহুৰাণী’ (ডাঙৰ বোৱাৰী) আৰু মানেকাক ‘চোটি বহু’ (সৰু বোৱাৰী) বুলি সম্বোধন কৰিছিল। বিবাহপাশত আবদ্ধ হোৱাৰ কম দিনৰ ভিতৰতে মানেকাৰ খামখেয়ালি স্বভাৱ প্ৰকট হৈছিল বুলি উল্লেখ কৰি গ্ৰন্থখনত ছোনিয়াই আৰু কয়, ‘মানেকা অতি উদ্যমী আৰু খুব কথকী ছোৱালী আছিল। এনে এগৰাকীক জাৰূপে ঘৰত প্রথমে পাওঁতে মন-প্রাণ সজীৱ হৈছিল। প্রিয়ংকাক মানেকাই সাধু কৈছিল। গতিকে প্রিয়ংকাক তেতিয়া প্রায়ে খুৰীয়েকৰ কোঠাত পোৱা গৈছিল।’ অৱশ্যে দিন অতিবাহিত হোৱাৰ লগে লগে লাহে লাহে মানেকাৰ আচৰণ সলনি হৈছিল বুলি উল্লেখ কৰি ছোনিয়াই আৰু কয়, ‘ক্ৰমে ঘৰত বিৰক্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল।
ঘৰৰ সকলোৱে আমাৰ দুয়োগৰাকীকে সমান বুলি ধৰি লৈছিল। মই পৰিয়ালৰ ডাঙৰ বোৱাৰী হোৱাৰ বাবে মোক বহুৰাণী আৰু তেওঁ সৰু বোৱাৰী হোৱা বাবে চোটি বহু বুলি সম্বোধন কৰিছিল; কিন্তু ইয়াক মানেকাই সম্ভৱতঃ অপমানৰূপে গণ্য কৰিছিল। তেওঁ ৰূঢ়তাৰে কথা ক’বলৈ লৈছিল। ঘৰুৱা শান্তি অব্যাহত ৰখাৰ স্বার্থত তেতিয়া মই প্রায়ে নীৰৱ হৈ আছিলো। কিন্তু যেতিয়া পৰিস্থিতি অধিক বেয়ালৈ গৈছিল, মই তেতিয়া মনে মনে থকা নাছিলো আৰু কিছু কঠোৰতাৰে কথা কৈছিলো।’ শোৱনি কোঠাৰ চাৰি বেৰৰ মাজত সঞ্জয় আৰু মানেকাৰ মাজত ব্যৱধানৰ সৃষ্টি হৈছিল বুলিও ছোনিয়াই গ্রন্থখনত উল্লেখ কৰিছে।
দুয়োৰে মাজত উচ্চস্তৰত বাকবিতণ্ডা হৈছিল আৰু দুয়ো উত্তপ্ত তর্ক যুদ্ধত লিপ্ত হৈছিল বুলিও ছোনিয়াই কৈছে। মানেকা সম্পর্কত তেওঁ লগতে কয়, ‘আমাৰ শাহুৰ উপস্থিতি মানেকাই অশ্লীল শব্দও ব্যৱহাৰ কৰিছিল। এনে শব্দ ব্যৱহাৰ আমাৰ ঘৰত নিষিদ্ধ আছিল। এনে শব্দই আমাক লজ্জিত আৰু হতভম্ব কৰিছিল। এনে মনোবৃত্তিৰ এগৰাকী ছোৱালী আমাৰ যৌথ পৰিয়ালত বাস কৰাটো সহজ নহ’ব বুলি ধাৰণা কৰিছিলো।’
বিৰক্ত হ’লে মানেকাই অশ্লীল শব্দ প্রয়োগ কৰিছিল বুলিও ছোনিয়াই গ্রন্থখনত উল্লেখ কৰিছে। তদুপৰি সঞ্জয়ৰ ওপৰত পৰা মানেকাৰ প্ৰভাৱে তেওঁৰ স’তে জ্যেষ্ঠ ভ্রাতৃ ৰাজীৱ গান্ধীৰ সম্পৰ্ক ব্যাহত কৰিছিল বুলিও ছোনিয়াই দাবী কৰে। একালত দুই ভ্রাতৃৰ মাজত স্নেহৰ এনাজৰী সুদৃঢ় আছিল যদিও মানেকাৰ বাবে দুয়োৰে সম্পৰ্ক তিক্ততাত পৰিণত হৈছিল বুলিও ছোনিয়াই গ্রন্থখনত উল্লেখ কৰিছে।
আনহাতে, ১৯৭৭ৰ লোকসভা নির্বাচনত কংগ্ৰেছ শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছৰ পৰিস্থিতিও ছোনিয়াই গ্রন্থখনত গ্রন্থ উল্লেখ কৰিছে। উক্ত নিৰ্বাচনত ইন্দিৰা গান্ধী (বাইবেৰেলী) আৰু সঞ্জয় গান্ধী (আমেথিত)ও পৰাস্ত হয়। সেই দিনবোৰত সঞ্জয় আৰু জৰুৰী অৱস্থাক ইটোৰ-সিটোৰ পৰিপূৰক শব্দৰূপে ব্যৱহাৰ হোৱাৰ কথাও গ্ৰন্থখনত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। এই সম্পর্কত তেওঁ আৰু কয়, ‘ইন্দিৰা গান্ধীয়ে অনুভৱ কৰিছিল যে মানেকাই বিতর্কিত কাম-কাজ কৰাত সঞ্জয়ক উৎসাহ যোগাইছিল।
এই কামবোৰৰ কিছুমান ইন্দিৰা গান্ধীয়ে ভাল পোৱা নাছিল। সঞ্জয়ৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ প্ৰতি দলৰ একাংশৰ সমৰ্থন আছিল। ৰাজীৱ (গান্ধী)-এ যেতিয়া অনুভৱ কৰিবলৈ ল’লে যে ১৯৭৮ৰ নিৰ্বাচনত দলৰ বিপৰ্যয়ত সঞ্জয়ৰ অৱদান আছিল, তেতিয়াই মানেকাৰ আমাৰ পৰিয়ালৰ প্ৰতি শত্রুতা বৃদ্ধি পায়। এবাৰ এক পাৰিবাৰিক আলোচনাত ৰাজীৱে সঞ্জয়ক কৈছিল, ‘মই তোমাক ক্ষমা কৰিব নোৱাৰো। তুমি মাক এনে অৱস্থা পোৱালা। তেতিয়া জোৰেৰে চিঞৰি মানেকাই প্ৰসংগটোত হস্তক্ষেপ কৰে।
মোৰ শাহুৱেও হস্তক্ষেপ কৰি মানেকাক ৰাজীৱৰ কথা ভুল বুলি প্ৰমাণ কৰিবলৈ প্রত্যাহান জনায়। ইয়াৰ প্ৰত্যুত্তৰ তেওঁ নিদি শান্ত হৈছিল; কিন্তু সিয়ে আমাৰ পৰিয়ালৰ প্ৰতি তেওঁৰ শত্রুতা বৃদ্ধিহে কৰে। মানেকাৰ আচৰণত মোৰ শাহু হতাশ হৈছিল, ‘সঞ্জয়, ৰাজীৱে যি কৈছে সেয়া সঁচা। মোৰ অজ্ঞাতে তুমি কিমান নির্দেশ জাৰি কৰিছিলা?’
১৯৮০ৰ ২৩ জুনত এক হেলিকপ্টাৰ দুৰ্ঘটনাত সঞ্জয় গান্ধীৰ অকাল মৃত্যু হোৱাৰ পাছত ‘গান্ধী পৰিয়াল’ত পাৰিবাৰিক পৰিস্থিতিয়ে গুৰুতৰ ৰূপ লয় বুলিও ছোনিয়াই গ্রন্থখনত উল্লেখ কৰিছে। এই সম্পর্কত তেওঁ কয়, ‘সঞ্জয়ৰ মৃত্যুৰ পাছত ইন্দিৰা গান্ধীয়ে অনুভৱ কৰিছিল যে তেতিয়া ২৩ বছৰীয়া মানেকাৰ নেতৃত্ব প্ৰদানৰ বাবে বয়স হোৱা নাই। তদুপৰি তেতিয়া তেওঁ এটি তিনিমহীয়া কেঁচুৱাৰ মাতৃ আছিল। গান্ধীয়ে ধাৰণা কৰিছিল যে মানকা কণমানি পুত্ৰৰ লগতে ব্যস্ত থকাটো ভাল।
পৰৱৰ্তী কালত তেওঁ নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ কৰিবলৈ অনেক সময় পাব বুলিও গান্ধীয়ে ধাৰণা কৰিছিল। কিন্তু এই কথা স্পষ্ট হৈছিল যে প্রিয়ংকাৰ দৃষ্টি আন ক’ৰবাত আছিল।’ ১৯৮১ৰ মাৰ্চৰ পাছত পৰিস্থিতি অধিক তিক্তকৰ হয় বুলি উল্লেখ কৰি ছোনিয়াই কয়, ‘মানেকাই পুত্র ফিৰোজ বৰুণ গান্ধীৰ প্ৰথম জন্মদিন আৰএছএছৰ ঘোৰ সমর্থক তথা ইন্দিৰা গান্ধীৰ ৰাজনৈতিক প্রতিদ্বন্দ্বী বসুন্ধৰা ৰাজেৰ ঘৰত উদযাপন কৰে। পৰৱৰ্তী সময়ত মানেকাই তেওঁৰ বস্তু বাহানি স্বামীগৃহৰ পৰা উলিয়াই নিয়ে। তেতিয়া ইন্দিৰা গান্ধী লণ্ডনত আছিল।
তেওঁ দেশলৈ ঘূৰি আহি এই কথা জানিব পাৰি অসন্তুষ্টি প্রকাশ কৰিছিল আৰু মানেকাক দুটা বিকল্প পছন্দ কৰিবলৈ দিছিল। ইয়াৰে এটা হ’ল হয় ঘৰৰ পৰা তেওঁ ওলাই যাওঁক নতুবা এনে ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকক! ইয়াৰ বিপৰীতে মানেকাই পাহাৰসম অভিযোগ উত্থাপন কৰিছিল। তাৰ দ্বাৰা তেওঁ শাহুৱেকৰ ভাবমূৰ্তিৰ ক্ষতি কৰাৰ চেষ্ট কৰিছিল। পৰৱৰ্তী সময়ত এই পাৰিবাৰিক সংঘাত ৰাজহুৱা হয়। মানেকাই ৰাজহুৱাকৈ ইন্দিৰা গান্ধীক দোষাৰোপ কৰিবলৈ ধৰে।’
শাহু-বোৱাৰীৰ মাজত সূত্রপাত হোৱা এই সংঘাতৰ সময়ত ৰাজীৱ আৰু ছোনিয়া ঘৰত নাছিল। ছোনিয়াৰ মতে দৰাচলতে বৰুণৰ প্ৰথম জন্মদিনতে এই পাৰিবাৰিক সংঘাতে জটিল ৰূপ ধাৰণ কৰে। অথচ তেতিয়া সঞ্জয় গান্ধীৰ অকাল মৃত্যুৰ প্ৰায় এবছৰহে হৈছিল। তেতিয়া মানেকাৰ আচৰণত অতিষ্ঠ হৈ ইন্দিৰাই তদানীন্তন কেবিনেট সচিব পি এন ধৰক কৈছিল, ‘এই ইতিমধ্যে ডেউকা মেলিবলৈ আৰম্ভ কৰিছে।
#LatestNews #BreakingNews #NationalNews #soniagandhi #autobiographybook
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: autobiography bookMenaka gandhiSonia Gandhi
publisher

publisher

Related Posts

HSLC Fake Certificate: চলিত বর্ষত মেট্রিক উত্তীৰ্ণৰ জাল প্রমাণপত্ৰৰে একাদশ শ্রেণীত নামভর্তি ২,৮৫১জনৰ
Assam

HSLC Fake Certificate: চলিত বর্ষত মেট্রিক উত্তীৰ্ণৰ জাল প্রমাণপত্ৰৰে একাদশ শ্রেণীত নামভর্তি ২,৮৫১জনৰ

November 12, 2026
SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা
India

November 3, 2026
প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ
India

প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

November 3, 2026
ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!
News

ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

November 3, 2026
আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান
International

৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d