Teaching in colleges across the state is closed Today:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:একমাত্ৰ চৰকাৰ তথা শিক্ষা বিভাগৰ চৰম উপেক্ষাত বলিৰ পঠা হ’বলগীয়া হৈছে ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়সমূহৰ লাখ লাখ শিক্ষার্থী। অসম কলেজ শিক্ষক সংস্থাই দীর্ঘদিন ধৰি বিভিন্ন দাবীক লৈ সৰৱ হৈ আহিছে। শেহতীয়াকৈ যোৱা ৩০ অক্টোবৰত সংস্থাটোৱে এই দাবীসমূহক লৈ প্রতিবাদ সাব্যস্ত কৰিছিল।
তাৰপাছতো শিক্ষা বিভাগে ন্যূনতমো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি সন্থাই কাইলৈ সকলো মহাবিদ্যালয় অচল কৰিব। কলম বিৰতি’ নামেৰে কাইলৈ সকলো শিক্ষকে শ্রেণীকোঠাৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্রহণ কৰিছে। ফলত এদিনৰ বাবে শিক্ষাগ্রহণৰ পৰা বঞ্চিত হ’ব ছাত্র-ছাত্রীসকল।
এই প্রতিবাদী কার্যসূচী সন্দর্ভত অসম কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক ড: পৰাগ জ্যোতি মহন্তই কয় যে ৰাজ্যখনৰ মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া আৰু গুৰুত্বপূৰ্ণ দাবীসমূহৰ প্ৰতি চৰকাৰে দেখুওৱা নিৰৱচ্ছিন্ন নিষ্ক্রিয়তাৰ প্ৰতিবাদত কাইলৈ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এই কাৰ্যসূচীৰ অংশৰূপে অসমৰ সকলো প্রাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষকসকলে সম্পূৰ্ণৰূপে কলম বিৰতি আৰু সৰ্বাত্মক অসহযোগ আন্দোলন পালন কৰিব। ড° মহন্তই লগতে কয় যে প্রতিবাদী কাৰ্যসূচীৰূপে আজি পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ নিজ নিজ মহাবিদ্যালয় চৌহদত শান্তিপূর্ণ ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ পুৱা ১১ বজাৰ পৰা বিয়লি দুই বজালৈ গুৱাহাটীৰ চচলত এক কেন্দ্ৰীয় প্রতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰা হ’ব।
ড: মহন্তই লগতে কয়, ‘চৰকাৰৰ ভূমিকাত অসমৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়
সমূহৰ উচ্চশিক্ষা ব্যৱস্থাত যথেষ্ট ক্ষতি হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি-নিয়মৰ পৰা চৰকাৰ আঁতৰি অহাৰ ফলত মহাবিদ্যালয়ৰ শিক্ষকসকলৰ কৰ্মজীৱনৰ অগ্রগতি স্থবিৰ হৈ পৰিছে আৰু মনোবল হ্রাস পাইছে। ইয়াৰ প্ৰত্যক্ষ প্রভাৱ ৰাজ্যখনৰ সামগ্রিক শৈক্ষিক পৰিৱেশৰ ওপৰত পৰিছে। সেইকাৰণে চৰকাৰৰ তৎকালীন হস্তক্ষেপ বিচাৰি কলেজ শিক্ষক সংস্থাই কে’বাটাও ন্যায্য দাবী উত্থাপন কৰি আহিছে; কিন্তু দুর্ভাগ্যজনকভাৱে চৰকাৰে আমাৰ দাবীবোৰক উপেক্ষা কৰি আহিছে।’
সন্থাই উত্থাপন কৰা দাবীবোৰৰ ভিতৰত আছে- ইউজিচিৰ নীতি-নিয়ম সম্পূৰ্ণৰূপে অনুসৰণ কৰি কলেজ শিক্ষকক পদোন্নতি দিয়া, অৱসৰৰ পাছত আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে নতুন পেন্সন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা, জ্যেষ্ঠতা আৰু পদোন্নতিৰ ক্ষেত্ৰত পূৰ্বৰ সেৱাকাল গণনা কৰা, ২০২৫ৰ পহিলা জুনত মুখ্যমন্ত্ৰী পৰ্যায়ত হোৱা বৈঠকত লোৱা সিদ্ধান্তক সম্মান জনাই সকলো নিৰ্ধাৰিত দৰমহাৰ শিক্ষকৰ চাকৰি তৎকালীনভাবে নিয়মীয়া আৰু উন্নীত কৰি পেন্সনৰ আওতালৈ নিয়া, পদোন্নতি লাভ কৰা সকলো যোগ্য শিক্ষকক আর্থিক লাভালাভ মুকলি কৰি দিয়া, মহাবিদ্যালয়ৰ শিক্ষকসকলৰ বাবে বিশেষভাৱে উপযোগী এক সামগ্রিক ছুটীৰ বিধি প্রস্তুত কৰা, ইউজিচিৰ দৰমহাৰ নিৰিখ অনুসৰি পাবলগীয়া বকেয়া ধন আৰু বন্ধ হৈ থকা এমফিল/পিএইছডিৰ অগ্রিম ইনক্রিমেন্টসমূহ তৎকালীনভাৱে মোকলাই দিয়া, বর্তমানে থকা পদোন্নতিৰ বিসংগতিসমূহ সমাধানৰ লগতে প্রশাসনিক জটিলতাসমূহ দূৰ কৰা, ৰাষ্ট্ৰীয় ইউজিচিৰ মানৰ স’তে সংগতি ৰাখি মহাবিদ্যালয়ৰ শিক্ষকসকলৰ অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰা, শিক্ষকসকলৰ জৰুৰী আৰু ন্যায্য অসুবিধাসমূহ সমাধানৰ বাবে মহাবিদ্যালয়ৰ শিক্ষকসকলৰ মাজত পাৰস্পৰিক বদলিৰ ব্যৱস্থা কৰা আৰু ইউজিচিৰ দ্বাৰা নিৰ্ধাৰিত ছাত্র-শিক্ষকৰ অনুপাত বজাই ৰাখিবলৈ বিভিন্ন বিভাগত খালী হৈ থকা বৃহৎ সংখ্যক পদ পূৰণৰ বাবে পর্যাপ্ত শিক্ষক নিযুক্তি দিয়া।
সাধাৰণ সম্পাদকজনে লগতে ক্ষোভেৰে কয় যে চৰকাৰে তেওঁলোকৰ দাবীসমূহক গুৰুত্ব প্রদানৰ বিপৰীতে উপেক্ষাকহে অগ্রাধিকাৰ দিয়া অধিক স্পষ্ট হৈছে। সেয়েহে ন্যায় প্রাপ্তি, শিক্ষক সমাজৰ মৰ্যাদা ৰক্ষা আৰু অসমৰ প্রাদেশিকীকৃত উচ্চ শিক্ষা খণ্ডটোক সামগ্রিক পতনৰ পৰা ৰক্ষা কৰাৰ বাবে এই আন্দোলনক অন্তিম উপায় ৰূপে গণ্য কৰিবলগীয়া হৈছে।
ADVERTISEMENT





























