“আমাক বাংলাদেশীৰ ভোট নালাগে ৷ যি সকলে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহন কৰিছে ,যিজনে গুৰুজনাৰ আদৰ্শ লৈছে আমি তেওঁলোকৰহে ভোট ল’ম”
জাজৰি: ‘মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰে সম্প্ৰীতি আৰু ভাতৃত্বৰে কংগ্ৰেছ দল সদায় আগুৱাই যাব বিচাৰে ৷ কিন্তু ইয়াৰ বিপৰীতে বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ বিচাৰে ৷ তেওঁলোকে কয় হিন্দুসকল প্ৰথম শ্ৰেনীৰ নাগৰিক ৷ কংগ্ৰেছৰ বাবে সকলোয়েই প্ৰথম শ্ৰেনীৰ নাগৰিক ৷ কংগ্ৰেছে হিন্দু-মুছলমান সকলোৰে সমান অধিকাৰ বিচাৰে ৷’ এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰব গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বটদ্ৰৱাৰ ধূপগুৰিৰ ফকৰুদ্দিন আলি আহমেদ খেলপথাৰত আজি অনুষ্ঠিত সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয়,’ বিজেপিয়ে অপপ্ৰচাৰ চলাই আহিছে যে গৌৰব গগৈ বাংলাদেশী মুছলমানৰ ভোটত জিকিব ৷ কিন্তু আমাক বাংলাদেশীৰ ভোট নালাগে ৷ যি সকলে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহন কৰিছে ,যিজনে গুৰুজনাৰ আদৰ্শ লৈছে আমি তেওঁলোকৰহে ভোট ল’ম ৷ অসমীয়া ভাষা-কলা-সংস্কৃতি জীয়াই ৰাখিবলৈ হ’লে গৌৰব গগৈক জিকাবই লাগিব ।’ইয়াৰ পূৰ্বে কেন্দ্ৰত বিজেপি চৰকাৰৰ কাৰ্য্যকালীন অসমত গুপ্তহত্যা হৈছিল বুলি বিস্ফোৰক অভিযোগ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয়,’মই মুখ্যমন্ত্ৰী থাকোতেও কেন্দ্ৰৰ বিজেপি চৰকাৰখনে এনে নিকৃষ্ট কাৰ্যৰ বাবে হেঁচা দিছিল ৷ কিন্তু মই এনে হ’বলৈ নিদিলো ৷’ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি গগৈয়ে কয়,’ মে’ মাহৰ পিছত মোডী মেডিচিনৰ ম্যাদ উকলিব ৷ তেতিয়া এই মেডিচিন খালে বেমাৰ হ’ব ৷’ ৰাজ্য চৰকাৰৰ প্ৰবল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মতে আমাৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰখন ভ্ৰষ্টাচাৰী ৷ যদি সেয়ে হয় তেন্তে সেই চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক নম্বৰৰ ভ্ৰষ্টাচাৰী ৷ এতিয়া তেওঁ সন্যাসী হৈ গ’ল আৰু আমিবোৰ ভ্ৰষ্টাচাৰী নেকি ? ‘পোন্ধৰ লাখ দিম বুলি পোন্ধৰ টকাও নিদিয়া বিজেপি চৰকাৰ একমাত্ৰ ফাঁঁকিবাজ চৰকাৰ বুলি কয় গগৈয়। ইপিনে, সভাত কংগ্ৰেছ প্ৰাৰ্থী গৌৰব গগৈয়ে কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তক ‘মনি মাইনা’ বুলি তাচ্চিল্য কৰে ৷ তেওঁ কয়,’ মনি মাইনা গাঁৱৰ মাছ আৰু তেজপুৰৰ পল্লব লোচন তেজাল গৰু হ’ব পাৰে ৷ কিন্তু তেওঁলোকে মাছ-গৰুৰ বাহিৰে ৰাইজৰ কথা চিন্তা নকৰে ৷ অগপৰ প্ৰাৰ্থী মনি মাইনাৰ ৰাজনৈতিক অভিজ্ঞতা কম ৷ তেওঁ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি হোৱাটো বিচাৰে ৷ কলিয়াবৰত তেওঁ অমিত শ্বাহৰ ভৰি চুবলৈ গ’ল ৷ ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি থাকিব পাৰে ৷’ অগপক এটা ভোট দিয়া মানে হিমন্ত বিশ্বক দুটা ভোট দিয়া বুলি মন্তব্য কৰি গৌৰব গগৈয়ে কয় যে সাম্প্ৰদায়িক আৰু হিংসাৰ ৰাজনীতি সফল হ’বলৈ নিদিঁয়ে। ‘হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক বাংলাদেশী বুলি অপমান কৰিছে ৷ আমি যদি সাংসদ হওঁ হাতীমুৰা বান্ধ ভঙা সেই ঘটনাৰ তদন্ত বিচাৰিম ৷ এজনো ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাহিৰ হ’বলৈ নিদিম ৷ ‘প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই আঁত ধৰা সভাত ভাষণ প্ৰদান কৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়,’অসম আন্দোলনৰ সময়ত বহু মুছলমান লোকক হত্যা কৰা হৈছিল ,ঘৰ জ্বলাই দিছিল,লুঙি-টুপি পিন্ধা মানুহ দেখিলেই আঠু কঢ়াই থৈছিল ৷ সেই সকল আন্দোলনকাৰীৰে ফচল কেশৱ মহন্ত আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্ত ৷ আপোনালোকে অন্তৰত জুই ৰাখক ৷ যি জুইৰে অগপক ভস্মিভূত কৰিব লাগিব ৷’





























