আজি ৰাজ্যজুৰি ছেবাৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপন বড়োৱে ।সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দ্বীপেন বড়োৱে কয় আজি ঘোষণা হোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফল পূৰ্বতকৈ আৰু অধিক উন্নত হৈছে ।
চলিত বৰ্ষত উৰ্ত্তীণৰ হাৰক লৈ আমি সন্তুষ্ট যদিও আগন্তুক দিনবোৰত ৰাজ্যখনৰ ফলাফল আৰু অধিক উন্নত হ’ব লাগিব ৷এইক্ষেত্ৰত অভিভাৱক,শিক্ষাগুৰু তথা শিক্ষাৰ্থীসকলে অধিক পৰিশ্ৰম কৰিব লাগিব। তেওঁ আজিৰ ফলাফলত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা দৰং জিলাৰ ধৃতিৰাজ বাস্তৱ কলিতাক শুভেচ্ছা প্ৰদান কৰে ৷আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰে। তেওঁ লগতে কয় যে বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীগৰাকীৰ মুঠ নম্বৰো বৃদ্ধি হোৱাটো লক্ষণ।
এই ফলাফলৰ দ্বাৰা আন্তৰ্জাতিক পৰীক্ষাসমূহৰ স’তে ফেৰ মাৰিবলৈ আমাৰ শিক্ষাৰ্থীয়ে সুযোগ পাব ।আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত বড়ো মাধ্যমৰ শিক্ষাৰ্থীৰ নাম অন্তৰ্ভূক্ত হ’ব বুলি আমি আশাবাদী আছিলো যদিও অতি কম নম্বৰৰ বাবে তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত হৈ আছে বাক্সা জিলাৰ এগৰাকী শিক্ষাৰ্থী ৷যিহেতু এবছুয়ে সদায় গুণগত শিক্ষাৰ বাবে সংগ্ৰাম কৰি আহিছে ৷
সেই সংগ্ৰাম আগলৈও অব্যাহত ৰাখিম ।বিগত বৰ্ষৰ দৰে এইবাৰে সামাজিক ব্যৱধান বৰ্তাই ৰাখি উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধন জনাব বুলি কয় এবছুৱে ।লগতে মহামাৰী কৰ’নাৰ কাৰণে এইবাৰ বহিঃৰাজ্যলৈ অধ্যয়নৰ বাবে যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হ’ব সেয়েহে এবছুৱে অসমতে উন্নত মানৰ শিক্ষাগ্ৰহণৰ ব্যৱস্থা কৰাৰ লগতে আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।