স্বাধীনতাৰ তেসত্তৰ বছৰৰ পিছতো বাক্সাৰ খৈৰাণীৰ পাগলাদিয়াত নিৰ্মাণ নহ’ল এখন দলং ।যাৰ বাবে বাৰিষা বিপদসংকুল যাতায়ত কৰিবলৈ বাধ্য হয় এটা বৃহৎ অঞ্চলৰ জনসাধাৰণে। এই ক্ষেত্ৰত গুৰুত্ব নাই জনপ্ৰতিনিধি বা বিভাগীয় কৰ্তৃপক্ষৰ ৷ যি দৃশ্যই প্ৰতিপন্ন কৰিছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদীয় চৰকাৰৰ উন্নয়নৰ নগ্ন স্বৰূপ ৷
কিয়নো বিগত সোতৰ বছৰে মডেল বিটিচিৰ সপোন দেখুৱা পৰিষদখনে পাগলাদিয়া নদীত নিৰ্মাণ কৰিবলৈ সক্ষম নহ’ল এখন দলং ।যাৰ কাৰণে বাৰিষা আহিলাই যাতায়তৰ নামত যমৰ যাতনা ভোগ কৰে দুয়োপাৰৰ জনসাধাৰণে ।পাগলাদিয়া নদীত পানী বৃদ্ধি হ’লেই পথচাৰীয়ে বাইক,চাইকেল কান্ধত লৈ বিপদজনকভাৱে যাতায়ত কৰিব লাগে ।
তাৰ মাজতে একাংশ লোকে নিজৰ জীৱন বিপন্ন কৰি অব্যাহত ৰাখিছে যাতায়ত ৷ নৈ খন পাৰ হ’বলৈ এবাৰ এশৰ পৰা দুশ টকা পৰ্যন্ত ভৰিব লাগে প্ৰতিজন বাইক আৰোহী।কিন্তু বছৰ বছৰ ধৰি ৰাইজে যমৰ যাতনা ভোগ কৰি থকাৰ পিছতো গুৰুত্ব নাই চৰকাৰৰ ৷গতিকে সম্প্ৰতি ৰাইজে এখন দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰলৈ আহ্বান কৰিছে।































