Akhil Gogoi Pressmet: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্যৰ সদ্য সমাপ্ত নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক শক্তি প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ ৰাইজৰ দলৰে মিত্ৰতা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ভংগ কৰে কংগ্ৰেছে। ইয়াৰ পিছতে শুকুৰবাৰে এক সংবাদমেল আয়োজন কৰি পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ৷
ৰকিবুল, ৰিপুণ বৰা গৌৰৱৰ লগত থকালৈ কংগ্ৰেছৰ ভৱিষ্যৎ অন্ধকাৰ। ৰিপুণ, ৰকিবুল গৌৰৱৰ লগত থাকিলে ১০০ বছৰলৈও অসমত কংগ্ৰেছ ক্ষমতালৈ নাহে। গৌৰৱ গগৈয়ে গাখীৰ খুৱাই সাপ পুহিছে। ৰিপুণ বৰা, ৰকিবুলে মিলি গৌৰৱ গগৈক ‘বৰবাদ’ কৰিছে ৷ যাৰবাবে এই দুজন যেতিয়ালৈকে কংগ্ৰেছত থাকিব। তেতিয়ালৈকে কংগ্ৰেছে কেতিয়াও ক্ষমতাৰ সোৱাদ নাপায়৷
আনহাতে এখোপ আগুৱাই গৈ ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠি কয়,ৰকিবুলৰ সম্পত্তি এতিয়া পাহাৰ সদৃশ । ২০১৬ৰ পৰা ২০২৪লৈ ৰকিবুল হুছেইনৰ সম্পত্তি ৪৭৭ শতাংশ বৃদ্ধি পালে।। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু হোৱাৰ সূত্ৰে বিৰোধীত থাকিও তেওঁ সম্পত্তি দিনক দিনে বৃদ্ধি পাই গৈ আছে ৷ ইয়াৰ ৰহস্য। কি! ৮ বছৰত ৰকিবুলৰ সম্পত্তি ৪ কোটি ৩৮ লাখৰ পৰা ২৫ কোটি ২৯ লাখ টকা কেনেকৈ হল বুলি উল্লেখ। কৰি গগৈয়ে কয়,ৰকিবুল হুছেইন শোষণ, লুণ্ঠন, অসমীয়া জাতিৰ বিৰোধীৰ এটা প্ৰতীক। ৰকিবুল হুছেইনক পৃথিৱীৰ দুই নম্বৰী আৰু দগাবাজ৷
ৰকিবুল কেন্দ্ৰীক কংগ্ৰেছৰ চৰিত্ৰ ইতিমধ্যে অসমৰ ৰাইজৰ সন্মুখত উন্মোচিত হৈছে৷ আগন্তুক দিনক ৰাইজৰ আদালতত জবাবদিহি হ’ব৷ কংগ্ৰেছৰ নাগপাশৰ পৰা আঁতৰি এতিয়া ৰাইজৰ দৰে পূৰ্ণ উদ্যমেৰে কাম কৰি যাব৷ আজিৰ তাৰিখত বিজেপিৰ সমানেই কংগ্ৰেছো ৰাইজৰ দলৰ শত্ৰু ৷ ২০৩১চনৰ নিৰ্বাচনত কংগ্ৰেছক অতিক্ৰম কৰি প্ৰধান বিৰোধী দল হ’ব ৰাইজৰ দল বুলি মন্তব্য কৰে ৰাইজৰ দলৰ মুৰব্বী গৰাকীয়ে৷































