Janmashtami Celebration :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক :নন্দ ঘৰত আজি আনন্দৰ বন্যা,যশোদাৰ কোলাত জ্বলে কৃষ্ণ জ্যোতি কণা।মথুৰাৰ কাৰাগাৰ ভাঙি আহিছে মুক্তিৰ বাণী,ভাদৰ অষ্টমী তিথিত জন্মিলে দেৱকী নন্দন মুৰাৰী।
মেঘে গৰজে, বৰষুণে নাচে,
যমুনাই বাট এৰে,
অনন্তই ছত্ৰ ধৰে মূৰত,
প্ৰভু আহে ধৰালৈ –
পাপ বিনাশিবলৈ, প্ৰেম বিলাবলৈ।
হাতত বাঁহী, ওঁঠত হাঁহি,
চকুত সমস্ত সৃষ্টিৰ মায়া,
সেই হাঁহিতে গোপী মুগ্ধ,
সেই বাঁহীতে ৰাধা উতলা।
হে কৃষ্ণ, কৰুণাসিন্ধু,
আজিৰ এই পবিত্ৰ দিনত
আমাৰ মনৰ কংসকো বধ কৰা,
হৃদয়ত ভক্তিৰ বৃন্দাবন গঢ়া।
আজি জন্মাষ্টমী।শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে চৌদিশ৷ পবিত্ৰ ভাদ মাহতে কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত জন্ম হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ৷ সেই অনুসৰি হিন্দু ধৰ্মাৱলম্বী লোক সকলে ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ ব্যাপক উছাহ উদ্দীপ্তনাৰে উদযাপন কৰি আহিছে ৷ জন্মাষ্টমী উপলক্ষে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰিবলৈ সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে অসমতো নামঘৰ,সত্ৰ,শ্ৰীকৃষ্ণ মন্দিৰ আৰু ৰাজহুৱা স্থানত জন্মাষ্টমীৰ আয়োজন কৰা হৈছে ৷একেদৰে ভগৱান শ্ৰীকৃষ্ণৰ ওপজাভূমি মথুৰাতো জন্মাষ্টমীক লৈ উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে৷































