StarCouple : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: চৰ্চিত ভাৰতীয় দম্পতী বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাৰ নতুন ঠিকনা হ’ল লণ্ডন। একপ্রকাৰ লোকচক্ষুৰ অজ্ঞাতে বিৰাট-অনুষ্কাই লগুনত বাস কৰিবলৈ লৈছে। শেহতীয়াভাৱে এই কথা সদৰী কৰিছে অভিনেত্রী মাধুৰী দীক্ষিতৰ স্বামী শ্ৰীৰাম নেনেই।
ৰণবীৰ এলাহবাদিয়াৰ পডকাষ্টত নেনেই এই কথা প্ৰকাশ কৰিছে। অৱশ্যে যোৱা বছৰেই বিৰাট-অনুষ্কাই লণ্ডনত বাস কৰিবলৈ যাব বুলি ব্যাপক চর্চা হৈছিল। ইয়াকে লৈ একাংশই বিৰূপ প্রতিক্রিয়াও প্রকাশ কৰিছিল।
সম্প্রতি নেনেই দাবী কৰিছে যে বিৰাট-অনুষ্কাই জনসমাগমৰ পৰা আঁতৰি নীৰলে লণ্ডনত বাস কৰিবলৈ লৈছে। নেনেৰ মতে, বিৰাট অত্যন্ত ভাল মানুহ। বিৰাটৰ স’তে তেওঁ একাধিকবাৰ সাক্ষ্যৎ হৈছে। একেদৰে অনুষ্কাৰ স’তেও তেওঁ ভাব বিনিময়ৰ সৌভাগ্য অর্জন কৰিছে।
দুয়োজনে নিজৰ সফলতা নিৰলে উপভোগ কৰাৰ উদ্দেশ্যে লগুনমুখী হ’ল বুলি নেনেই দাবী কৰে। উল্লেখ্য যে ২০১৭ৰ ডিচেম্বৰত ইটালীত ঘনিষ্ঠ আত্মীয়স্বজন আৰু বন্ধুবৰ্গৰ উপস্থিতিত বিৰাট আৰু অনুষ্কাই বিবাহপাশত আৱদ্ধ হয়।
২০২১ত তেওঁলোকৰ কন্যা ভামিকাৰ জন্ম হয়। ইয়াৰ তিনি বছৰৰ পাছত অর্থাৎ ২০২৪ত তেওঁলোকৰ দ্বিতীয়টি সন্তান অকায়ৰ জন্ম হয়। দুই সন্তানক নিৰলে ডাঙৰ কৰাৰ স্বাৰ্থত বিৰাট-অনুষ্কাই লণ্ডনত বাস কৰে বুলি নেনেই দাবী কৰে। অনুষ্কা সম্পর্কত তেওঁ লগতে কয়, ‘এদিন মই তেওঁৰ স’তে কথা পাতিছিলো। কথা পাতি ভাল লাগিছিল। তেওঁ লণ্ডনলৈ যোৱাৰ কথা কৈছিল।’































