CoconutCultivation : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আন ফলৰ দৰেই হ’লেও নাৰিকলৰ বিশেষ গুণ আছে। গছৰ পৰা সাগৰত সৰি পৰা নাৰিকলে হেজাৰ হেজাৰ মাইল উটি-ভাহি যোৱাৰ পাছতো ভিতৰৰ সুস্বাদু অংশ খোৱাৰ উপযোগী হৈ থাকে। অবিশ্বাস্য হ’লেও যে এই কথা সত্য। ইয়াৰ বিপৰীতে আন ফলৰ ক্ষেত্ৰত এই কথা সপোনতো ভাবিব নোৱাৰি। নাৰিকল এনে গুণৰ অধিকাৰী হোৱাৰ কাৰণ হ’ল ইয়াৰ গঠন।
বিজ্ঞানীসকলৰ মতে, নাৰিকলৰ বাহিৰৰ অংশ এনেদৰে গঠন হয় যে তাৰ একমাত্র কাম হৈছে ভিতৰৰ সুস্বাদু কোমল অংশক সুৰক্ষা দিয়া। তদুপৰি নাৰিকল পানীত উপঙিও থাকে। গতিকে সাগৰৰ পানীৰে হেজাৰ হেজাৰ মাইল উটি যোৱাৰ পাছতো একোটা নাৰিকলৰ অভ্যন্তৰ খোৱাৰ উপযোগী হৈ থাকে।
বিজ্ঞানীসকলৰ মতে, একোটা বনৰীয়া নাৰিকল সাগৰৰ পানীত ১১০দিন পর্যন্ত পৰি থাকিলেও ইয়াৰ ভিতৰৰ অংশ গেলি-পচি নাযায়। অর্থাৎ এনে এটা নাৰিকল সাগৰৰ পানীৰ সোঁতত ৪৮শ কিলোমিটাৰ পৰ্যন্ত উটি যাব পাৰে।
তৎসত্ত্বেও ইয়াৰ ভিতৰ অংশ অক্ষত থাকে। গতিকে নাৰিকল হৈছে প্রাকৃতিক নাও সদৃশ। একোটা নাৰিকল আঁহৰ সাজোনেৰে ঘেৰি ৰাখে। গতিকে ইয়াৰ বহিঃআবৰণি জাৱৰ নহয়। তাৰ পৰিৱৰ্তে এই বহিঃআবৰণিয়ে নাৰিকলটো পানীত উপঙি থকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
এই জাৱৰ সদৃশ বহিঃআবৰণি গুচোৱাৰ পাছত ইয়াৰ টান খোলাটো পোৱা যায়। তাৰ ভিতৰতহে খোৱাৰ উপযোগী কমল অংশ থাকে। নাৰিকলৰ ভিতৰত যিটো গহ্বৰথাকে সিয়েও ইয়াক পানীত উপঙি থকাত সহায় কৰে। গতিকে পানীত পৰিলেও নাৰিকল উপঙি থাকে।
একোটা নাৰিকল পানীত পৰিলেও ইয়াৰ ভ্রূণ জীৱন্ত হৈ থাকে। কাৰণ ইয়াৰ ডাঠ বহিঃআবৰণি আৰু টান খোলাটোৱে ভ্রূণক বাহিৰৰ পৰিৱেশৰ পৰা ৰক্ষা কৰে। গতিকে পানীত উপঙি থাকিলেও একোটা নাৰিকলৰ ভিতৰৰ অংশৰ কোনো ক্ষতিসাধন নহয়। অৱশ্যে অধিক দিন পানীত থাকিলে নাৰিকলৰ ভ্রূণৰ ক্ষতিসাধন হোৱাৰ আশংকা থাকে। এনে ভ্রূণৰ পৰা সৃষ্ট গছ অধিক দিন জীৱিত নাথাকে।
গতিকে সাগৰৰ পাৰত নাৰিকলৰ বংশবৃদ্ধি লেহেমীয়া হয়। সেয়েহে সাগৰৰ পাৰত নাৰিকলৰ খেতি কৰোতে ফলৰ বিশেষ তত্ত্বাৱধান ল’বলগীয়া হয়। এই ক্ষেত্রত ভাৰতীয় নাৰিকল ব’র্ডেও ব্যৱস্থা গ্ৰহণ কৰে।
সাধাৰণতে নাৰ্ছাৰীত একোটা নাৰিকলৰ পৰা গঁজালি ওলাওতেই ৬০ৰ পৰা ১৩০দিনৰ প্ৰয়োজন হয়। মাটিৰ গুণাগুণ অনুসৰি নাৰিকলৰ খেতি ভাল হয়। সাধাৰণতে ক্রান্তীয় অঞ্চলৰ সাগৰৰ পাৰৰ নাৰিকল খেতি ভাল হয়।






























