ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ সকলো ধৰণৰ কূটকৌশল অব্যাহত ৰখা চীনে এই ক্ষেত্ৰত এইবাৰ ভূটান আৰু পাকিস্তানক ব্যৱহাৰ কৰিছে ৷ ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ নতুন কৌশল গ্ৰহণ কৰি নতুন দিল্লী আৰু থিম্ফুৰ মাজত দূৰত্ব বৃদ্ধি কৰিবলৈ ভূটানৰ ছাংকেট অভয়াৰণ্য নিজৰ বুলি দাবী কৰিছে চীনে ৷ এইদৰে ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহক ভীতিগ্ৰস্ত কৰি ভাৰতক এঘৰীয়া কৰাৰ ফান্দ পাতিছে ৱেইজিঙে ৷ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উত্তেজনাৰ মাজতে ভূটানৰ ভূখণ্ডলৈ লোলুপ দৃষ্টি দিয়ে চীনে। অৱশ্যে পোনপটীয়াকৈ সেনাৰ অনুপ্ৰবেশ নঘটাই এইবাৰ পূব ভূটানৰ সীমান্ত সংলগ্ন ছাকটেঙৰ ওপৰত মালিকীস্বত্বৰ দাবী উত্থাপন কৰা হৈছিল আন্তঃজাৰ্তিক মঞ্চত ।
পোনপটীয়াকৈ চীনে এই দাবী উত্থাপন কৰিলেও বিগত মাহত আন্তঃজাৰ্তিক সংস্থা এনভাইৰেণমেন্ট ফেচিলিটীৰ সাধাৰণ পৰিষদৰ ভাৰ্চুৱেল সভাত ভাৰতসহ কে’বাখনো দেশ ভূটানৰ পক্ষত দিয়াত চীনৰ উদ্দেশ্য বিঘ্নিত হয় ৷ ইয়াৰ পাছত পিছুৱাই যোৱাৰ ইংগিত দিছে বেইজিঙে । দিল্লীত চীনা দূতাবাসে শেহতীয়া এক বিবৃতিত এইদৰে কয় “ছাকটেং অভয়াৰণ্য ভূটানৰ ট্ৰাশিগাং জিলাৰ অংশ । এই বিষয়ক লৈ কোনো বিতৰ্ক নাই। ইয়াৰ লগতে ভাৰতৰ নাম উল্লেখ নকৰি চীনা বৈদেশিক মন্ত্ৰণালয়ৰ বিবৃতিত কোৱা হৈছে “ভূটানৰ পূব মধ্য আৰু পশ্চিম অংশত দীৰ্ঘদিন ধৰি দেশখনৰ স’তে বিবাদ আছে ৷ এই বিবাদত যাতে কোনো তৃতীয় পক্ষই হস্তক্ষেপ নকৰে ৷ ভূটানৰ স’তে সীমান্ত সমস্যাৰ বিষয়ত কোনো তৃতীয় পক্ষৰ ভূমিকা মানি লোৱা নহ’ব ৷”