অহা আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পাদন কৰিব বহু প্ৰত্যাশিত ৰামমন্দিৰৰ শিলান্যাস। ৰাম জন্মভূমি চৌহদত প্ৰৱেশ কৰিব নোৱাৰিলেও অযোধ্যাবাসীৰ মনত এতিয়াৰ পৰাই উৎসৱৰ অনুভূতিয়ে ক্ৰিয়া কৰি আছে। সমগ্ৰ অযোধ্যা চহৰখনেই নানা ৰঙেৰে সজ্জিত হৈছে। কিন্তু ইমানবোৰ আয়োজনৰ মাজতো সকলোৰে মনত কাঁইটৰ দৰে বিন্ধি আছে কৰ’নাৰ সংশয়ে ।
ৰামলালাৰ মন্দিৰৰ সহকাৰী পুৰোহিত প্ৰদীপ দাসৰ শৰীৰৰ কৰ’নাৰ উপস্থিতি ধৰা পৰাত ইতিমধ্যে অযোধ্যা প্ৰশাসনৰ ৰক্তচাপ বৃদ্ধি পাইছে। সেই চিন্তা অধিক বৃদ্ধি কৰিলে মন্দিৰৰ নিৰাপত্তাৰ দায়িত্বত থকা কমেও ১৫ জন আৰক্ষীকৰ্মীৰ শৰীৰত কৰ’নাৰ সংক্ৰমণে, কিন্তু ইয়াৰ পাছতো দুশ্চিন্তা বাঢ়িহে আছে। মন্দিৰৰ ভূমিপূজন আৰু শিলান্যাসক কেন্দ্ৰ কৰি প্ৰচাৰ তীব্রতৰ হোৱাৰ মাজতে মৃদুকৈ হ’লেও প্ৰশ্ন উঠিছে। এনে পৰিস্থিতিত ভূমিপূজনৰ অনুষ্ঠান কিয় আয়োজন কৰা হৈছে?
বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীকে ধৰি বহু বয়স্ক ভিআইপিক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে বিষয়টোত স্বাস্থ্যৰ সংশয় থকা বুলি বহুতে ধাৰণা কৰিছে । ইপিনে কৰ’নাই বাধাৰ সৃষ্টি কৰিলেও মন্দিৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্দীপনাত ভেটা পৰা নাই। তিনিটা দশকৰ পূৰ্বে ৰামমন্দিৰৰ নক্সা তৈয়াৰৰ দায়িত্ব লাভ কৰা চন্দ্ৰকান্ত বি ছম্পৰাই সম্প্ৰতি দাবী কৰিছে যে পূৰ্বৰ নক্সাৰ তুলনাত নিৰ্মাণ হ’বলগীয়া ৰামমন্দিৰৰ জোখ দুগুণ হ’ব ।
গুজৰাটৰ আহমেদাবাদৰ নিবাসী ৭৭ বছৰীয়া ছম্প’ৰাই সংবাদ মাধ্যমক জনাইছে যে পৰিস্থিতিৰ তাগিদাত মন্দিৰৰ জোখক লৈ পূৰ্বৰ পৰিকল্পনা সলনি হৈছে । তিনিটা চুড়াৰ পৰিৱৰ্তে এতিয়া মন্দিৰত থাকিব পাঁচটা চূড়া। লগতে মূল গৰ্ভগৃহৰ ওপৰত থাকিব চূড়াৰ শিখৰ । বাঢ়িব উচ্চতাও । ছম্প’ৰাই লগতে সদৰী কৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতে নক্সা সলনিৰ সিদ্ধান্ত লোৱা হয়।






























