- কাশ্মীৰত এতিয়া শুনিবলৈ পোৱা গৈছে নদী ৰক্ষা কৰক, মুজাফাৰবাদ ৰক্ষা কৰক, নীলম ঝিলম বৈ থাকিবলৈ দিয়ক আদি প্ৰতিবাদৰ শ্ল’গান।উল্লেখ্য যে পাকিস্তানৰ ইমৰাণ খান চৰকাৰে চীনৰ সহায়ত পাকিস্তান অধিকৃত কাশ্মীৰত এটা বান্ধ নিৰ্মাণ কৰি আছে।
- বিগত ২৪ ঘন্টাত ৬০,৯৭৫ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰনাত। মৃত্যু হৈছে ৮৪৮ জন লোকৰ ৷ দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ৩১,৬৭,৩২৪ জন ৷ সুস্থ হৈ উঠিছে ২৪,০৪,৫৮৫ জন ৷ মৃত্যু হৈছে ৫৮,৩৯০ জন ৷
- ক’ভিড-১৯ৰ কাৰণে এইবাৰ স্নাতক পৰীক্ষাত নম্বৰৰ ভিত্তিতে হ’ব MBAআৰু PGDM ৰ পাঠ্যক্ৰমৰ নামভৰ্তি । উল্লেখযোগ্য যে পূৰ্বৰ দৰে MBA আৰু PGDM ৰ কোনো এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত নহয়।
- আঠবাৰৰ অলিম্পিক চেম্পিয়ন স্পিন্টাৰ উছেইন ব’ল্ট আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত । উছেইন বৰ্তমান হোম কোৱাৰেন্টাইনত আছে ৷ আনহাতে ৩৪ সংখ্যক জন্মদিন পালন কৰা পিছদিনাই ব’ল্ট আক্ৰান্ত হৈছে কৰ’নাত ৷
- মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত এটা অট্টালিকা ভাঙি পৰাৰ ফলত এক ভয়ংকৰ দূৰ্ঘটনাৰ সংঘটিত হয় । ইতিমধ্যে দূৰ্ঘটনাটোত ২৫ জন লোকক উদ্ধাৰ কৰা হৈছে ৷ মৃত্যু হৈছে এজনৰ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘটনাস্থলীত শীঘ্ৰেই এন ডি আৰ এফ বাহিনীক উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে ৷
ADVERTISEMENT






























