ভাৰতৰ পৰা প্ৰায় ছহেজাৰ কিলোমিটাৰ দূৰত আছে জাপান । কিন্তু সুদূৰ জাপানত থকাৰ পাছতো অনুভৱ কৰাৰ সুযোগ লাভ কৰিব পাৰি ভাৰতৰ কেৰালাক । সোৱাদ ল’বলৈকো সক্ষম হ’ব পৰা যাব কেৰালাৰ সুস্বাদু খাদ্যৰ । কথাতো শুনিবলৈ আচৰিত যেন লাগিলেও এই কথা কিন্তু বাস্তৱত সম্ভৱ । কাৰণ জাপানৰ মাজত ইতিমধ্যে গঢ়ি উঠিছে কেৰালাৰ এখন গাঁও । জাপানৰ এইখন কেৰালা গাঁৱত সম্পূৰ্ণৰূপেই অন্তৰ্নিহিত হৈ আছে ৰাজ্যখনৰ সংস্কৃতি । গাঁওখনত উপস্থিত হোৱাৰ সময়ত যিকোনো লোকেই পাহৰি যাব পাৰে প্ৰকৃততে তেওঁ ক’ত আছে ।
জাপানৰ অন্যতম ডাঙৰ চহৰ নাগোৱাৰৰ পৰা মাত্ৰ ৩০ মিনিট পথযোগে যাত্ৰা কৰিলেই ইনুয়ামাত উপস্থিত হ’ব পাৰি । এই ইনুয়ামাতে আছে কেৰালাৰ গাঁওখন । কিন্তু গাঁওখন বাস্তৱৰ গাঁও নহয় । কেৰালাৰ সংস্কৃতিক বাস্তৱ ৰূপ দিব পৰাকৈ সৃষ্ট এটি সংগ্ৰহালয়হে । সংগ্ৰহালয়টোৰ নাম ‘দ্য লিটল ৱৰ্ল্ড মিউজিয়াম অৱ মেন’ । সংগ্ৰহালয়টোৰ বৈশিষ্ট্য হৈছে নানা দেশৰ সংস্কৃতিক তুলি ধৰাটো ।
সংগ্ৰহালয়টোত বৰ্তমানলৈ ২২খন দেশৰ প্ৰতীকী গাঁও আছে । ইয়াৰ মাজৰে এখন হ’ল কেৰালাৰ গাঁওখন । ১৯৭০ত এই সংগ্ৰহালয়টো আৰম্ভ কৰা হৈছিল । প্ৰতীকী গাঁওবিলাক বনাবলৈ দেশবিলাকৰ পৰা প্ৰয়োজনীয় সামগ্ৰীবিলাক অনা হয় । সংগ্ৰহালয়ত থকা এই বিশেষ গাঁওখনত উপস্থিত হ’লেই প্ৰথমে চকুত পৰিব ঐতিহ্যমণ্ডিত টালিৰ ছাদৰ দুমহলীয়া ঘৰ । ওচৰতে আছে চাহৰ দোকান আৰু পুখুৰী । ঘৰবিলাক বনোৱা হৈছে ইটাৰে । নাম ৰখা হৈছে ‘চানাকাথ হাউছ’ ।
ঘৰৰ লগত আছে এখন দীঘল বাৰাণ্ডা । সন্মুখত আছে মুকলি স্থান । ঘৰবিলাকত পৃথক ৰান্ধনিশাল আৰু শুৱা কোঠাও বনোৱা আছে । ঘৰৰ ভিতৰটোও কেৰালাৰ ঘৰবিলাকৰ দৰেই সজোৱা হৈছে । প্ৰয়োজনীয় সকলো সামগ্ৰী পোনপটীয়াভাৱে কেৰালাৰ পৰা অনা হৈছে । সংগ্ৰহালয়টোত উপস্থিত হোৱা সকলে বিচাৰিলে কেৰালাৰ খাদ্যও খাব পাৰে । সংগ্ৰহালয়টোত প্ৰতিদিনে আয়োজন কৰা হয় বিভিন্ন দেশৰ সাংস্কৃতিক অনুষ্ঠানৰো ।