Earthquake:✒️ জাপানত সোমবাৰে পুৱা সংঘটিত এক তীব্ৰ ভূমিকম্পই দেশখন কঁপাই তোলে। ৰিখ্টাৰ স্কেলত এই কম্পনৰ তীব্ৰতা ৭.৫ হিচাপে নথিভুক্ত কৰা হৈছে। ভূমিকম্পৰ লগে লগে উত্তৰ-পূৰ্ব উপকূলত চুনামি সতৰ্কতা জাৰি কৰা হয়।
অৱশ্যে, এই ঘটনাত এতিয়ালৈকে কোনো ক্ষয়ক্ষতিৰ নিশ্চিত তথ্য পোৱা হোৱা নাই।
জাপান বতৰ বিজ্ঞান সংস্থা(Japan Meteorological Agency)ই জনোৱা অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল প্ৰশান্ত মহাসাগৰৰ প্ৰায় ১০ কিলোমিটাৰ গভীৰত। কম্পনৰ পাছতেই সাগৰৰ অৱস্থা উত্তাল হৈ উঠে আৰু উপকূলীয় অঞ্চলসমূহত ঢৌ বৃদ্ধি পাই।
দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ইতিমধ্যে উপকূলৱৰ্তী এলেকাসমূহ খালী কৰিবলৈ আৰম্ভ কৰিছে। ইৱাতে(Iwate), আওমৰি (Aomori )আৰু হক্কাইডো(Hokkaido)অঞ্চলত চুনামিৰ ঢৌ প্ৰায় তিনি মিটাৰ পৰ্যন্ত উঠিব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে।
ভূমিকম্পৰ প্ৰভাৱত পৰিবহন সেৱা আংশিকভাৱে ব্যাহত হৈছে আৰু জনসাধাৰণৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি হৈছে।
ইফালে, দেশখনৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচি (Sanae Takaichi) য়ে পৰিস্থিতিৰ ওপৰত নিবিড় নজৰ ৰাখিবলৈ এখন জৰুৰী টাস্ক ফৰ্চ গঠন কৰা হৈছে বুলি জনাইছে। তেওঁ উপকূলৱৰ্তী বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলৈ আহ্বান জনাইছে। লগতে, জাপানৰ পৰমাণু কেন্দ্ৰসমূহতো উচ্চ সতৰ্কতা জাৰি কৰা হৈছে।






























