বিহাৰ বিধানসভা নিৰ্বাচনত ৭৪ খন আসন লাভ কৰাৰ এদিনৰ পাছতে ভাৰতীয় জনতা পাৰ্টিয়ে কয় যে নীতিশ কুমাৰেই বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ৷এই সন্দৰ্ভত কোনো সন্দেহ নাই।
বিহাৰৰ উপ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীয়ে কয় “নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ’ব ৷এইয়া আমাৰ সৌভাগ্য আৰু প্ৰতিশ্ৰুতি৷ গতিকে ইয়াৰ ওপৰত কোনো সন্দেহ নাই।নিৰ্বাচনত কোনো কম আৰু কোনোৱে বেছি ভোট লাভ কৰে যদিও আমাৰ কাৰণে সকলো সমান ।”
নীতিশ কুমাৰৰ দল JDU তকৈ অধিক আসন লাভ কৰাৰ পাছত বিজেপিৰ পৰা অহা এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। কাৰণ মিত্ৰজোঁটৰ জ্যেষ্ঠ ভাতৃৰ আসনৰ পৰা নীতিশ কুমাৰ একাষৰীয়া হোৱাৰ পাছত একাংশই পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সম্পৰ্কত চৰ্চা কৰিছিল।