অসুস্থ অভিনেতা দিলীপ কুমাৰ। প্ৰবীণ অভিনেতাজনক দেওবাৰে ৰাতিপুৱা মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৯৮ বছৰীয়া দিলীপ কুমাৰ বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে।
দিলীপ-জয়া অভিনেত্ৰী ছাইৰা বানুৱে কয় যে, অভিনেতাজনৰ কে’বাদিন ধৰি উশাহ লোৱাত কষ্ট হৈ আছিল । উশাহ চুটি হোৱাৰ কাৰণ জানিবলৈ তেওঁক তেজ পৰীক্ষাৰ লগতে অন্যান্য পৰীক্ষা কৰা হ’ব ।
ছাইৰাই জানিবলৈ দিয়ে যে, মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পাছৰে পৰা দিলীপে কাকো সাক্ষাৎ কৰা নাই। কিয়নো তেওঁৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম । ইয়াৰ পূৰ্বেও দিলীপক একাধিকবাৰ চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল । তেওঁৰ হাঁওফাঁওৰ সংক্ৰমণো হৈছিল ।
ক’ভিডৰ পৰা হাত সাৰিবলৈ নিজ গৃহতে কোৱাৰেন্টাইন হৈ আছিল অভিনেতাগৰাকী । তাৰ পৰাই তেওঁ টুইট কৰিছিল, ‘মোৰ পত্নী ছাইৰাই কোনো বিপদাশংকা ল’ব নিবিচাৰে । সেয়ে মই কুৱাৰেন্টাইন হৈ আছো । আপোনালোকো প্ৰয়োজন নোহোৱালৈকে ঘৰৰ পৰা ওলাই নাযাব ।’
https://twitter.com/TheDilipKumar/status/1401417347592691715?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1401417347592691715%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.indiatvnews.com%2Fentertainment%2Fcelebrities%2Fbreaking-veteran-actor-dilip-kumar-hospitalized-due-to-breathlessness-709610
পদ্মবিভূষণেৰে সন্মানিত অভিনেতাজনে ‘দেৱদাস’, ‘ক্ৰান্তি’, ‘মোগল-ই-আজম’ৰ দৰে কে’বাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। দিলীপে ১৯৯৪ত দাদা চাহেব ফালকে বঁটা লাভ কৰিছিল ।
বলীউডৰ প্ৰবীণ অভিনেতাজনে যোৱা বছৰ তেওঁৰ দুয়োজন সৰু ভাতৃক হেৰুৱাইছিল। ৮৮ বছৰীয়া আছলাম খান আৰু ৯০ বছৰীয়া আহছান খান দুয়োজনে ক’ভিদত প্ৰাণ হেৰুৱাইছিল ।





























