প্ৰয়াত প্ৰবীণ অভিনেতা দিলীপ কুমাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ। বুধবাৰে পুৱা প্ৰায় ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । তেওঁৰ মৃত্যুত চলচ্চিত্ৰ জগতত শোকৰ ছাঁ ।
তথ্য অনুসৰি দিলীপ কুমাৰে বুধবাৰে ৰাতিপুৱা মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে তেওঁক যোৱা বুধবাৰে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল। একেটা সমস্যাতে ছয় জুনত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
প্ৰবীণ অভিনেতাজনক অক্সিজেন সমৰ্থনত ৰখা হৈছিল। যদিও ১১ জুনত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিছিল।
যোৱা কেইবছৰমানত তেওঁক শাৰীৰিক অসুস্থতাৰ বাবে একাধিকবাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও শোক প্ৰকাশ কৰিছে।
অভিনেতাজনৰ শেষ মুহূৰ্তত তেওঁৰ পত্নী ছাইৰা বানু তেওঁৰ কাষত আছিল।কিছুদিনৰ আগতেই দিলীপ কুমাৰৰ স্বাস্থ্য স্থিতিশীল বুলি টুইটাৰত জানিবলৈ দিয়ে দিলীপ কুমাৰৰ পত্নী ছাইৰাই।
ছাইৰাই তেওঁৰ অন্তিম টুইটত লিখিছিল, “দিলীপ কুমাৰ চাহেবৰ স্বাস্থ্যৰ অৱস্থা এতিয়া অতি স্থিৰশীল। কিন্তু তেওঁ এতিয়াও আইচিইউত আছে। আমি তেওঁক ঘৰলৈ লৈ যাব বিচাৰো। কিন্তু চিকিৎসকে এতিয়াও অনুমতি দিয়া নাই। আপুনালোকে তেওঁৰ বাবে প্ৰাৰ্থনা কৰক। ”
ইয়াৰ পূৰ্বে যোৱা ছয় জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দিলীপ কুমাৰক।তাৰ পাছত দিলীপক পাঁচ দিনৰ পাছত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল।
বলীউডত তেওঁ ট্ৰেজেডী কিং হিচাপে জনাজাত আছিল। ৬৫ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে দিলীপ কুমাৰে।