হিন্দী বা ইংৰাজী ভাষাৰ বাহিৰে অন্য ভাষাত কথা ক’লে ৰোগীসকলে বুজি পোৱাত অসুবিধা হয় । সেয়ে এই দুই ভাষাৰ বাহিৰে অন্য ভাষাত কথা পাতিব নোৱাৰিব । নিৰ্দেশ উলংঘা কৰিলে শাস্তিৰ বিধিও আছে । এই নিৰ্দেশ জাৰি কৰিছে দিল্লীৰ গোবিন্দ বল্লভ পন্থ হাস্পতালে । চৰকাৰী হাস্পতালৰ এই নিৰ্দেশনাৰ বাবে স্বাভাৱিকভাৱেই সম্প্ৰতি বিতৰ্ক আৰম্ভ হৈছে । ৰাহুল গান্ধী, শশী থাৰুৰে বিষয়টোক ‘মাতৃভাষাৰ ওপৰত আক্ৰমণ’ হিচাপে গণ্য কৰিছে ।
হাস্পতালৰ তৰফৰ পৰা জনোৱা হয়, কিছুদিন পূৰ্বে কেইগৰাকীমান নাৰ্ছৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে । অভিযোগত কোৱা হয়, নাৰ্ছসকলে মালায়ালমত কথা কোৱাৰ বাবে সাধাৰণ ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকলে বুজি পোৱাত অসুবিধা হয় । ইয়াৰ পাছতেই হিন্দী আৰু ইংৰাজীত কথা কোৱাৰ নিৰ্দেশ দিয়া হয় ।
লগতে কোৱা হয়, নিয়ম উলংঘা কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ব । নিৰ্দেশনা জাৰি কৰাৰ পাছতে তীব্ৰ প্ৰতিবাদ কৰিছে কংগ্ৰেছে । তেওঁলোকে নাৰ্ছৰ মানৱ অধিকাৰ লংঘন কৰা হৈছে বুলি দাবী জনাইছে ।
ঘটনা সন্দৰ্ভত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে টুইট কৰে, ‘মালায়ালম অন্যান্য পাঁচটা ভাষাৰ দৰেই এটা ভাষা । দয়া কৰি ভাষা বৈষম্য বন্ধ কৰক ।’ টুই কৰিছে শশী থাৰুৰেও । তেওঁ লিখে, ‘ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত এনেদৰে চৰকাৰী প্ৰতিষ্ঠানবোৰে নাৰ্ছসকলক তেওঁলোকৰ মাতৃভাষাত কথা নক’বলৈ কৈছে । এইটো গ্ৰহণযোগ্য নহয় । এইটো মানৱ অধিকাৰ লংঘন ।’
Malayalam is as Indian as any other Indian language.
Stop language discrimination! pic.twitter.com/SSBQiQyfFi
— Rahul Gandhi (@RahulGandhi) June 6, 2021
It boggles the mind that in democratic India a government institution can tell its nurses not to speak in their mother tongue to others who understand them. This is unacceptable, crude,offensive and a violation of the basic human rights of Indian citizens. A reprimand is overdue! pic.twitter.com/za7Y4yYzzX
— Shashi Tharoor (@ShashiTharoor) June 5, 2021