যােৱা সপ্তাহত মার্কিন পপ তাৰকা ব্রিটনী স্পিয়াৰ্ছে তেওঁৰ পিতৃৰ বিৰুদ্ধে বন্দী কৰি ৰখাৰ অভিযােগত আদালতৰ দ্বাৰম্ভ হৈছিল।
এইবাৰ গায়িকাৰ সমর্থনত টুইট কৰিলে বিশ্বৰ দ্বিতীয়জন ধনাঢ্য ব্যক্তি তথা টেছলাৰ মুৰব্বী এলন মাস্কে। বিগত ১৩ বছৰ ধৰি ব্রিটনীৰ ব্যক্তিগত জীৱন আৰু আর্থিক দিশ নিয়ন্ত্রণ কৰি আহিছে তেওঁৰ পিতৃ জিমি স্পিয়াৰ্ছে ।
আমেৰিকাৰ কনজাৰভেটৰশ্বিপ আইনৰ অধীনত আদালতে জিমিক এই ক্ষমতা প্রদান কৰিছিল। এনে বন্দিত্বৰ পৰা মুক্তি বিচাৰি ব্রিটনীয়ে আদালতৰ দ্বাৰস্থ হৈছিল যদিও আদালতে তেওঁৰ পিতৃৰ সপক্ষেহে ৰায় দিয়ে।
ব্রিটনীৰ সমৰ্থনত থিয় দি ট্রেছলাৰ মুখ্য কাৰ্যবাহী বিষয়াজনে ব্রিটনীক তেওঁৰ ব্যক্তিগত জীৱন-যাপনৰ অধিকাৰ উভতাই দিবলৈ দাবী জনায়।
উল্লেখ্য যে অনলাইনত ‘হেশ্বটেগ ফ্রি ব্রিটনী’ নামৰে এক অভিযান অব্যাহত আছে আৰু এই অভিযানৰ প্রতি টুইটাৰত নিজৰ সমর্থন ব্যক্ত কৰিলে এলন মাস্কে।





























