বিজেপিৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত ফকিৰাগ্ৰাম মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাখনি আজি ফকিৰাগ্ৰামৰ চিথিলা অঞ্চলৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
পতাকা উত্তোলন আৰু জাতীয় সংগীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ এমচিএলএ তথা বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ই এম অৰুপ কুমাৰ দে ।
ভাৰতমাতা, ড: শ্যামা প্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিজেপিৰ কোকৰাঝাৰ জিলাৰ উপ সভাপতি শান্তিৰাম বৰ্মনে।
উক্ত সভাত বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ই এম অৰূপ কুমাৰ দেৰ লগতে উপস্থিত থাকে বিটিচিৰ কাৰ্যকৰী সদস্য তথা যমদুৱাৰ পৰিষদীয় সমষ্টিৰ ই এম ৰেওৰেৱা নাৰ্জীহাৰি,বিজেপিৰ কোকৰাঝাৰ জিলাৰ সম্পাদক দেৱৰাজ পাল, ফকিৰাগ্ৰাম মণ্ডল বিজেপিৰ সভাপতি মনোজ ৰায় আৰু বিজেপিৰ অইন অইন কাৰ্মকৰ্তাসকল।






























