অহা সাত অক্টোবৰৰ শুক্লা প্ৰতিপদ তিথিৰ পৰাই নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ত আৰম্ভ হব শ্ৰীশ্ৰীদুৰ্গা পূজা।
দুৰ্গা পূজা বুলিলেই ভক্তবৃন্দৰ লক্ষ্যবিন্দু হৈ উঠে অসমৰ অন্যতম শক্তিপীঠ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়।
নাগাক্ষ ৰজাই প্ৰতিষ্ঠা কৰা উক্ত বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ সময়ত মহানৱমীৰ দিনটোত অতীজৰে পৰা ম’হ বলি প্ৰক্ৰিয়া চলি আহিছে।
পূৰ্বৰ তুলনাত এতিয়া ম’হ বলিৰ সংখ্যা ৪০-৫০ টালৈ বৃদ্ধি হৈছে। বিশেষকৈ নৱমীৰ ম’হ বলি প্ৰক্ৰিয়াৰ বাবেই বিল্বেশ্বৰ দেৱালয়ে সম্প্ৰতি ৰাজ্যজুৰি জনপ্ৰিয়তা লাভ কৰাৰ লগতে ভক্তসকলৰ অন্যতম লক্ষ্যস্থানত পৰিণত হৈছে।
কিন্তু কৰ’নাকালীন পৰিস্থিতিৰ বাবে যোৱা দুৰ্গা পূজাত বিল্বেশ্বৰ দেৱালয়ত এইবাৰো দিয়া নহব ম’হ বলিদান।
ম’হ বলিদানৰ বিপৰীতে এইবাৰ ৰাইজৰ মঙলাৰ্থে পৰম্পৰা ৰক্ষা কৰি সমিতিৰ ফালৰ পৰা মাত্ৰ এটা ছাগলী বলি দিয়া হব আৰু ১০ টাকৈ ম’হ উচৰ্গা কৰা হব।
ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিল্বেশ্বৰ দেওৱালয় পৰিচালনা সমিতি আৰু শ্ৰীশ্ৰীদুৰ্গা পূজা পৰিচালনা সমিতিয়ে। অৱশ্যে চৰকাৰে প্ৰকাশ কৰিব লগা নতুন এছ অ পি অনুসৰি ইয়াৰ তাৰতম্য ঘটাৰ সম্ভাৱনা সোমাবাৰে প্ৰকাশ কৰিছে বিল্বেশ্বৰ দেৱালয়ৰ দলে ৰঞ্জিত মিশ্ৰই।





























