মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মৃত্যুৰ ভাবুকি । ডিমাপুৰৰ পৰা এজন যুৱকৰ বিস্ফোৰক ভিডিঅ’ প্ৰেৰণ । ডিমাপুৰ কোনো অচিনাক্ত দুৰ্বৃত্তই হিমন্ত বিশ্ব শৰ্মাক গুলিয়াই হত্যা কৰিবলৈ পিষ্টল তুলি দিছিল শৰৎ দাসক । ঢকুৱাখানৰ পৰা ডিমাপুৰলৈ কাপোৰ কিনিবলৈ আহি কোনো দুৰ্বৃত্তই ধৰি নিছিল শৰৎ দাসক ।
যুৱকজনে উল্লেখ কৰা মতে, তেওঁৰ লগত থকা তিনি লাখ ৩৫ হেজাৰ টকা কাঢ়ি তেওঁৰ হাতত তুলি দিছিল এটা .22 পিষ্টল। তেওঁৰ সকলো নথি-পত্ৰ কাঢ়ি লৈছিল দুৰ্বৃত্তৰ দলটোৱে । তাৰ পাছতে এটা কোঠাৰ ভিতৰৰ পৰা ম’বাইলেৰে সবিশেষ জনাই সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰেৰণ কৰিছিল যুৱকজনে । মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাৰ লগতে ৰূপজ্যোতি কুৰ্মীকো মাৰিবলৈ পঠাইছিল শৰৎ দাসক । শৰৎ দাসক ডিমাপুৰৰ পৰা উদ্ধাৰ কৰে খটখটি আৰক্ষীয়ে ।
ইতিমধ্যে লখিমপুৰৰ আৰক্ষী এটা দল আহি উপস্থিত হৈছে খটখটি আৰক্ষী থানাত। অধিক তদন্তৰ বাবে যুৱকজনক গৃহ জিলালৈ লৈ যোৱা হ’ব। ইতিমধ্যে আৰক্ষীয়ে যুৱকজনৰ পৰা এটা .22 পিষ্টল উদ্ধাৰ কৰিছে ৷




























