প্ৰথমবাৰৰ বাবে টি২০ বিশ্বকাপত ডিচিচন ৰিভিউ ছিষ্টেম (ডিআৰএছ) জাৰি কৰিলে আইচিচি-য়ে । ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া টি২০ বিশ্বকাপত থাকিব ডিআৰএছ ।
সংযুক্ত আৰৱ আমিৰশ্বাহি আৰু ওমানত অনুষ্ঠিত হ’ব টি২০ বিশ্বকাপ । এইবাৰৰ বিশ্বকাপ ভাৰতত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও কৰ’নাৰ বাবে বাতিল কৰা হৈছে । সংযুক্ত আৰৱ আমিৰশ্বাহি আৰু ওমানৰ মেচেৰেই আৰম্ভ হ’ব যোগ্যতা অর্জন পর্ব । ২৪ অক্টোবৰত ভাৰত বনাম পাকিস্তান মেচেৰে আৰম্ভ হ’ব মূল পর্ব ।
আইচিচি-ৰ তৰফৰ পৰা জনোৱা হৈছে এইবাৰৰ টি২০ বিশ্বকাপত প্রতি ইনিংছত দুটাকৈ ডিআৰএছ ল’ব পাৰিব দলবোৰে । আইচিচি-ৰ তৰফৰ পৰা জনোৱা হৈছে বৃষ্টিৰ বাবে মেচ সংক্ষিপ্ত কৰি ডাকৱর্থ লুইছ নিয়ম ব্যৱহাৰ কৰিবলৈ অন্তত পাঁচ অ’ভাৰৰ খেল হ’বই লাগিব । ছেমিফাইনেল আৰু ফাইনেলৰ ক্ষেত্রত ১০ অ’ভাৰ খেল হলেহে এই নিয়ম ব্যৱহাৰ কৰিব পৰা যাব ।
২০১৬ত শেষবাৰ টি২০ বিশ্বকাপ খেল হৈছিল । সেই সময়ত ডিআৰএছ নাছিল । টি২০ বিশ্বকাপত প্রথম ডিআৰএছ ব্যৱহাৰ কৰা হয় ২০১৮ত । সেইবাৰ মহিলাৰ বিশ্বকাপ আছিল । পুৰুষৰ বিশ্বকাপত এইবাৰেই প্রথম ডিআৰএছ ব্যৱহাৰ কৰা হ’ব ।